ডাউন টাউন বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপকলৈ বঁটা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 17 August 2022

ডাউন টাউন বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপকলৈ বঁটা

 




W7s news গুৱাহাটী: ডাউন টাউন বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপকলৈ ড০ অভিনীত দত্তক শনিবাৰে  ফিজিঅ' এস্ক্সেলেঞ্চ বঁটা প্ৰদান কৰা হয়। ফিজিঅ'থেৰাপি ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হয়। হায়দৰাবাদৰ মল্ল ৰেড্ডী ইউনিভাৰ্চিটি আৰু ফিজিঅ' ফাউণ্ডেচন ইণ্ডিয়াৰ  উদ্যোগত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত ৱৰ্ল্ড কংগ্ৰেছ অন ফিজিকেল থেৰাপি ২০২২ ত এই বঁটা প্ৰদান কৰা হয়। এই অনুষ্ঠানত টেলেংগনাৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰী চামাকুৰা মল্ল ৰেড্ডী  উপস্থিত থাকে। আনহাতে ড০ অভিজিত দত্তক এই অনুষ্ঠানত সমল ব্যক্তি হিচাপে নিমন্ত্ৰণ কৰা হয়। তেওঁ গুৱাহাটীৰ পানীখাইতিস্থিত ডাউন টাউন বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক তথা সহকাৰী ডীন আৰু পেৰামেডিকেল চায়েঞ্চৰ ফেকাল্টি।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here