খাদ্য ব্যৱসায়ী পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ মেলাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 2 August 2022

খাদ্য ব্যৱসায়ী পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ মেলাৰ

 


W7s news গুৱাহাটী: খাদ্য সুৰক্ষা আয়ুক্তালয় অসমৰ অধীনত আৰু কামৰূপ (ম) জিলা খাদ্য সুৰক্ষা বিভাগৰ দ্বাৰা গুৱাহাটী উজান বজাৰস্থিত বিষ্ণু নিৰ্মলা ভৱনত ৯ আগষ্টতখাদ্য ব্যৱসায়ী পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ মেলাৰ আয়োজন কৰা হৈছে। এই মেলাত যিসকল খাদ্য ব্যৱসায়ী লগত জড়িত প্রতিষ্ঠানে এতিয়ালৈকে অনুজ্ঞাপত্ৰ বা পঞ্জীয়ন কৰা নাই তেওঁলোকৰ প্ৰতিষ্ঠানৰ নথি-পত্ৰ সমূহ আহি একেদিনাই অনলাইন ব্যৱস্থাৰ দ্বাৰা পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ লাভ কৰিব পাৰিব ।খাদ্য ব্যৱসায়ীসকলে তেওঁলোকৰ অনুজ্ঞাপত্ৰ আৰু পঞ্জীয়নৰ আবেদন সমূহ www.foscos.fssai.gov.in ৱেব চাইটৰ জৰিয়তে আগতিয়াকৈও কৰি থব পাৰিব । পুৱা ১০ বজাত আৰম্ভ হব লগা মেলাত কামৰূপ মহানগৰ খাদ্য সুৰক্ষা বিভাগৰ জ্যেষ্ঠ বিষয়াৰ লগতে প্ৰায়বোৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকি অনুজ্ঞাপত্ৰ প্ৰদান কৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here