গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষৰ আসোঁৱাহ দূৰ কৰাত আন্তৰিকতাৰ অভাৱ: শিক্ষামন্ত্ৰীৰ হস্তক্ষেপৰ দাবী
W7s news গুৱাহাটী: গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক পঞ্চম ষান্মাষিকৰ পৰীক্ষা সংক্ৰান্তীয় বিসংগতিৰ বিৰুদ্ধে মঙলবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰা ছাত্ৰ-ছাত্ৰীৰ ওপৰত আৰক্ষী জপিয়াই পৰা কাণ্ডক এছ এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে কঠোৰ ভাষাৰে গৰিহণা দিছে আৰু এনে কাণ্ডৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষক জগৰীয়া কৰিছে। এই সম্পৰ্কে এছ এফ আইৰ অসম ৰাজ্যিক কমিটিৰ সভাপতি প্ৰতুল বৰ্মন আৰু সাধৰণ সম্পাদক নিৰংকুশ নাথে কয়-গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক পৰ্যায়ত বিসংগতি সংঘটিত হোৱাটো সাধৰণ ঘটনাত পৰিণত হৈছে। ছাত্ৰ-ছাত্ৰীয়ে এনে বিসংগতিসমূহ দূৰ কৰাৰ বাবে বাৰে বাৰে আন্দোলন সংগ্ৰাম কৰি থাকিব লগাটো যথেষ্ট পৰিতাপৰ বিষয়। পুনৰ পঞ্চম ষান্মাষিকৰ ফলাফলত বিসংগতিৰ সৃষ্টি হোৱাত ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ কৰে। ছাত্ৰ-ছাত্ৰীৰ ন্যায্য দাবীৰ সমাধান কৰাৰ সলনি আৰক্ষীৰ দ্বাৰা তেওঁলোকক প্ৰহাৰ কৰোৱা কাৰ্য অতি নিন্দনীয়। আজিৰ প্ৰতিবাদী আন্দোলনৰ প্ৰতি সংহতি জ্ঞাপন কৰিবলৈ তাত উপস্থিত হোৱা বিশ্ববিদ্যালয়ৰ ছাত্ৰী তথা এছ এফ আইৰ ৰাজ্যিক কমিটিৰ সদস্য জাহ্নৱী ভূঞাকো আৰক্ষীয়ে প্ৰহাৰ কৰে। এছ এফ আয়ে এই সমগ্ৰ ঘটনাক ধিক্কাৰ জনোৱাৰ লগতে ইয়াৰ বাবে কৰ্তৃপক্ষক জগৰীয়া কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰে ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয় এখনত পুলিচ মাতি আনি গণতান্ত্ৰিক প্ৰতিবাদৰ ওপৰত আক্ৰমণ চলোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক। এছ এফ আয়ে শেহতীয়া বিসংগতি দূৰ কৰাৰ লগতে বাৰে বাৰে এনে বিসংগতি হৈ থকাৰ পিছতো কৰ্তৃপক্ষ সমাধান কৰিব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত মাননীয় শিক্ষামন্ত্ৰীৰ তাৎক্ষণিক হস্তক্ষেপ বিচাৰিছে তথা দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পেলাবলৈ গভীৰ অন্বেষণৰ জৰিয়তে ছাত্ৰ সংগঠন, শিক্ষক সংগঠন, শিক্ষাবিদ আদি সকলোকে লৈ সমাধানসূত্ৰ বাহিৰ কৰিবলৈ দাবী জনাইছোঁ।' গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকপৰ্যায়ৰ পৰীক্ষাৰ ফলাফলক কেন্দ্ৰ কৰি এটা দশক জুৰি বিভিন্ন সমস্যাই দেখা দি আহিছে। সময়মতে আৰু শুদ্ধকৈ ফলাফল ঘোষণাৰ দাবী ছাত্ৰ সমাজে কৰি আহিছে যদিও এটা বিসংগতি দূৰ কৰাৰ পিছত, নতুন এটাই দেখা দিয়ে আৰু ই ছাত্ৰ সমাজক অতিষ্ঠ কৰি তুলিছে। গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সময়মতে সকলো ষান্মাষিকৰ ফলাফল ঘোষণা কৰাত মূলতঃ কি অসুবিধা বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই গুৰুত্বসহকাৰে চিন্তা কৰি সমাধান সূত্ৰ বাহিৰ কৰা উচিত। অন্যহাতে পৰীক্ষাৰ ফলাফলটো বিভিন্ন বিসংগতি দেখা দিছে। যদি কেতিয়াবা এছাইনমেণ্টৰ নম্বৰত ভুল আহে, কেতিয়াবা আকৌ পৰীক্ষা দিলেও ফলাফলত 'এবচেণ্ট', অৰ্থাৎ পৰীক্ষাত অৱতীৰ্ণ নোহোৱা বুলি ফলাফলত ঘোষণা হয়। অন্যহাতে, যিসকল ছাত্ৰ-ছাত্ৰীয়ে নিজৰ নম্বৰৰ ওপৰত সন্তুষ্ট নহয়, তেওঁলোকে পুনৰ মূল্যায়ন('ৰিছেক'/'ৰিইভালোৱেচন')ৰ বাবে আবেদন কৰাৰ সুযোগ দিয়া হয়। কিন্তু এই প্ৰক্ৰিয়া লেহেমীয়া গতিৰে চলাৰ লগতে বিসংগতিপূৰ্ণ হয় বুলি বহু ছাত্ৰ-ছাত্ৰীয়ে মত পোষণ কৰে। তদুপৰি ডিজিটেল ইণ্ডিয়াৰ দিশত আগবাঢ়ি আই ইউ এম এছ নামৰ এক ব্যৱস্থাপনা পদ্ধতি গঢ়ি তুলিছে কিন্তু ইয়াৰ অধীনত থকা পৰ্টেলকলৈ ছাত্ৰ-ছাত্ৰী নানা সমস্যাত পৰে। কেতিয়াবা যদি চাৰ্ভাৰ ডাউন, কেতিয়াবা আকৌ মাচুল আদায় কৰোঁতে অসুবিধা। এনে অসুবিধাত পৰা ছাত্ৰ-ছাত্ৰীৰ বাবে হেল্প লাইন নম্বৰ দিয়া হৈছে কিন্তু সেয়াযেন ফুটুকাৰ ফেন। কিমান আৰু খেলিমেলি, কিমান আৰু ছাত্ৰ সমাজৰ ভৱিষ্যতকলৈ খেলা ? আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ইয়াৰ জবাব দিয়াই নহয়, সমস্যা সমাধান কৰিব লাগিব। হয়তো বহু সমস্যা আছে । কিন্তু প্ৰথমেই ছাত্ৰ-ছাত্ৰীৰ জীৱনকলৈ হেতালি খেলা বন্ধ হ'ব লাগে । কৰ্তৃপক্ষই অকলে যদি সমস্যা সমাধান কৰিব পৰা নাই, চৰকাৰক জনাওক।আন্তঃগাঁথনি বা কৰ্মচাৰী নাই, নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগিব। চৰকাৰে পৰ্যাপ্ত পৰিমাণৰ ধন প্ৰদান কৰিব লাগিব। আমি এছ এফ আয়ে সমগ্ৰ বিষয়টিত শিক্ষামন্ত্ৰীৰ তাৎক্ষণিক হস্তক্ষেপৰ দাবী জনাইছোঁ।'
No comments:
Post a Comment