নতুন শিক্ষা-নীতিৰ বিৰোধিতা আম আদমি পাৰ্টীৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 11 August 2022

নতুন শিক্ষা-নীতিৰ বিৰোধিতা আম আদমি পাৰ্টীৰ

 


W7s news গুৱাহাটী: আম আদমি পাৰ্টীৰ গণেশগুৰিস্থিত ৰাজ্যিক মুখ্য কাৰ্যালয়ত বৃহস্পতিবাৰে দলটোৰ আদৰ্শগত ছাত্র সংগঠন ছাত্র যুৱ সংগ্ৰাম সমিতি' উদ্যোগত কেন্দ্ৰীয় চৰকাৰে জাপি দিয়া নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত অসম কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰি এক সংবাদ মেল অনুষ্ঠিত হয়। সংবাদ মেল সম্বোধন কৰে ছাত্ৰ সংগঠনটোৰ ৰাজ্যিৰ সমন্বয়ক দিব্যজ্যোতি কুলিৰ লগতে তৃনাৰাণী পাটৰ, দ্বীপজ্যোতি গগৈ, জেৰিণ আহমেদ, বাবুল আলী আদি ৰাজ্যিক বিষয়ববীয়াই। সংবাদমেলত বিজ্ঞান আৰু গণিতৰ দৰে জটিল বিষয় সমূহৰ ইংৰাজীত পাঠদানৰ বিৰোধিতা কৰে। নতুন শিক্ষানীতিখন পুঁজিবাদী চিন্তাৰে পৰিচালিত । যি পুজিবাদে অদক্ষ শ্রমিকৰ সৃষ্টি কৰিব। বৰ্তমানৰ পুজিপতি চৰকাৰখনৰ উদ্দেশ্যই হ'ল চৰকাৰী খণ্ডৰ বিদ্যালয় ধ্বংস কৰি ব্যক্তিগত খণ্ডলৈ ৰূপান্তৰ কৰি শিক্ষাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ৰ পৰা দায়িত্ব সাৰিব বিচাৰিছে বুলি উল্লেখ কৰে। তাৰোপৰি সমাজ বিজ্ঞানৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ক পাঠ্যক্ৰমৰ পৰা আঁতৰাই কেৱল ভূগোল আৰু বুৰঞ্জী বিষয়ক অন্তৰ্ভূক্ত কৰা সিদ্ধান্তৰ বিৰোধিতা কৰে। কল্যাণকামী ৰাষ্ট্ৰত শিক্ষাৰ উদ্দেশ্য ব্যক্তিকেন্দ্রিক নহয়, সমাজকেন্দ্রিক। এই সামাজিক দিশক বুজিবলৈ শিক্ষার্থীক সমাজ বিজ্ঞান লাগে বুলি সংবাদমেলত উল্লেখ কৰে। সংবাদ মেলত গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা স্নাতক স্তৰৰ পঞ্চম ষান্মাষিক পৰীক্ষাৰ চৰম ক্ৰটীপূৰ্ণ আৰু বিসংগতি ফলাফলত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। লগতে ন্যায়সংগত ক্ষোভত আন্দোলনৰত ছাত্ৰ-ছাত্ৰীৰ ওপৰত আৰক্ষীয়ে লাঠীচালনা কৰি বহুতক গ্ৰেপ্তাৰ কৰাৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আৰু অতি শীঘ্ৰে শুদ্ধ ফলাফলত ঘোষণা কৰি ছাত্ৰ-ছাত্ৰীক ন্যায় প্ৰদান কৰাৰ বাবে দাবী জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here