পৱিত্ৰ 'ৰাখি বন্ধন' - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 11 August 2022

পৱিত্ৰ 'ৰাখি বন্ধন'

 





W7s news ষ্টাফৰিপোৰ্টাৰ : ভাতৃ ভগ্নীৰ স্নেহৰ পৱিত্ৰ উৎসৱ ৰাখি বন্ধন উপলক্ষে সমগ্ৰ দেশ তথা ৰাজ্যজুৰি উছাহ উদ্দীপনা দেখা গৈছে। শাওন ্মা


হৰ পূর্ণিমা তিথিত দেশজুৰি পালন কৰা হয়  ৰাখি বন্ধন উৎসৱ । এইবাৰ  তিথি অনুসৰি বৃহস্পতিবাৰে পুৱা ৯.৫৬ বজাৰ পৰা শুকুৰবাৰে পুৱা ৭.৩৭ বজালৈ পৱিত্র ৰাখি বন্ধন পালন কৰা হ'ব। সমগ্ৰ দেশ,ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো ৰাখি বন্ধনৰ ব্যাপক উছাহ উদ্দীপনা পৰিলক্ষিত হয়। ইফালে ৰং বিৰঙী ৰাখিৰে গুৱাহাটীৰ বজাৰ ভৰি পৰিছে।পৱিত্ৰ ৰাখি বন্ধন উপলক্ষে গুৱাহাটী মহানগৰীৰ পদপথৰ পৰা আৰম্ভ নামী-দামী বিপণীসমূহতো ৰাখিৰ চাহিদা বৃদ্ধি পাইছে। এই সম্পৰ্কে গুৱাহাটীৰ ফাঁচি বজাৰৰ  ব্যৱসায়ী উমা শৰ্মাই কয়-এইবাৰ বিগত বর্ষতকৈ ৰাখিৰ মূল্য ৫০ শতাংশ বৃদ্ধি পাইছে। এইবাৰ প্ৰায় ৪ লাখ টকাৰ ৰাখি কলকাতা, চুৰট, দিল্লী, ৰাজস্থান আদিৰ পৰা বিক্ৰীৰ বাবে আনিছোঁ। মই  কোকৰাঝাৰ, বঙাইগাঁও, জাগীৰোড আদিলৈও ৰাখি বিক্রীৰ বাবে পঠিয়াইছোঁ। 

একোডাল ৰাখিৰ দাম মহানগৰীৰ  বিশ টকাৰ পৰা চাৰিশ টকা। সেইদৰে মহিলাৰ বাবে লুম্বা ৰাখি, শিশুৰ বাবে নানা কাৰ্টুনৰ ৰাখি ৫ টকাৰ পৰা ৩০০ টকা মূল্যত বিক্রী কৰা হৈছে। ইফালে এজনী কণমানিয়ে নতুন দিল্লীৰ বাসভৱনত উপস্থিত হৈ শুভেচ্ছা জনালে ৰাখি বন্ধনৰ লগতে ৰাখি পিন্ধালে প্ৰধানমন্ত্ৰী মোদীক।  পৱিত্ৰ ৰাখি বন্ধন উপলক্ষে বিজেপি মহিলা মৰ্চাৰ বিশেষ কার্যসূচী গ্ৰহণ কৰে।বিজেপি নেত্ৰী আঙুৰলতা ডেকাইয়ো পালন কৰিলে ৰাখি বন্ধন। তেওঁ দিছপুৰ থানাৰ আৰক্ষীক সকলক ৰাখি পিন্ধাই ৰক্ষা বন্ধনৰ শুভেচ্ছা জনায়। ইফালে লায়ন্স ক্লাৱ অৱ গুৱাহাটীৰ উদ্যোগত সেনাৰ কেণ্টনমেণ্ট নাৰেংগীত জোৱান সকলৰ লগত ৰাখি  বান্ধি পিন্ধাই ৰক্ষা বন্ধন কাৰ্যসূচী বুধবাৰে উদযাপন কৰে। প্ৰায় ২০ জন জোৱানক ক্লাৱৰ সদস্য সকলে ৰাখি পিন্ধাই তেওঁলোকৰ দীৰ্ঘায়ু কামনা কৰে। লায়ন মধু গোয়েংকাই ভাৰতৰ জনসাধাৰণৰ বাবে সেনা ভাতৃদ্বয়ৰ সেৱাক প্ৰাণীপাত জনায়। ক্লাবৰ মহিলা সকলে এই কাৰ্যসূচী সফলতাৰে সম্পন্ন কৰে। অনুষ্ঠানৰ অধ্যক্ষ আছিল লেখা ৰাথোৰ আৰু নীতা শ্বাহ। এই কাৰ্যসূচিত  নীৰু সেঠী, উমা আইয়াৰ, ৰশ্মি আগৰৱালা, নিভা সৰাফ, উমা চক্ৰৱৰ্তী আদি সদস্য সকল উপস্থিত আছিল বুলি সম্পাদক অজয় ​​পোদ্দাৰে জানিবলৈ দিয়ে। ৰাখিবন্ধন  জৰিয়তে ভাতৃত্ববোধৰ এনাজৰীডাল অধিক সুদৃঢ়  উদ্দেশ্যে অন্যান্য সামগ্রী উপহাৰ সামগ্ৰীও ভাতৃ সকলে ভগ্নী সকলক উপহাৰ দিয়াৰ লগতে ভগ্নীক সমগ্ৰ জীৱনজুৰি ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। সেইদৰে ভগ্নী সকলেও ভাতৃৰ দীৰ্ঘায়ু কামনা কৰি ঈশ্বৰৰ আশিষ লয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here