ভাৰতৰ কমিউনিষ্ট পার্টি (মার্ক্সবাদী) গুৱাহাটী দক্ষিণ-পুৱ আঞ্চলিক কমিটীৰ বিক্ষোভ প্ৰদৰ্শন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 11 August 2022

ভাৰতৰ কমিউনিষ্ট পার্টি (মার্ক্সবাদী) গুৱাহাটী দক্ষিণ-পুৱ আঞ্চলিক কমিটীৰ বিক্ষোভ প্ৰদৰ্শন

 








W7s news ষ্টাফৰিপোৰ্টাৰ : ভাৰতৰ কমিউনিষ্ট পার্টি (মার্ক্সবাদী) গুৱাহাটী দক্ষিণ-পুব আঞ্চলিক কমিটীয়ে বৃহস্পতিবাৰে বশিষ্ট চাৰিআলিত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিকলৈ  বিক্ষোভ প্ৰদৰ্শন কৰে।প্ৰতিবাদকাৰী সকলে পে'ট্রল-ডিজেলৰ লগতে অত্যশকীয়া সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবী জনায়।কৃষিত ব্যাপক জলসিঞ্চনৰ ব্যৱস্থা কৰা,গুৱাহাটী মহানগৰত বিশুদ্ধ খোৱা পানী যোগান বিনামূলীয়া ধৰা, ৰাজ্যখনৰ মাটি জৰীপ কৰি দীৰ্ঘদিন ধৰি ভোগ-দখল কৰি থকাসকলক মাটিৰ পট্টা দিয়া,চৰকাৰী আৰু ৰাজহুৱা খণ্ডৰ সকলো খালী পদ স্থানীয় নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে শীঘ্ৰে পূৰণ কৰা, আঁচনিভুক্ত কৰ্মচাৰীসকলক চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি দি যথাযথ দৰমহা আদি আদায় দিয়া,পেঞ্চনৰ বাবে এন পি এছ আঁচনি বাতিল কৰি পূৰ্বৰ আঁচনি বাহাল ৰখা,চাহ শ্ৰমিকসকলক দৈনিক ন্যূনতম মজুৰি ৩৫১ টকা আদায় দিয়া, অসংগঠিত খণ্ডৰ শ্ৰমিকৰ সামাজিক নিৰাপত্তা নিশ্চিত কৰা,এম জি এনৰেগাৰ দৈনিক মজুৰি ৬০০ টকা আদায় দিয়া,বানপীড়িতৰ বাবে যথোপযুক্ত সাহায্য আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক, অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দি স্থায়ী সমাধানৰ ব্যৱস্থা কৰা দাবী উত্থাপন কৰে। এই কাৰ্যসূচীৰ জৰিয়তে এখন দাবী সম্বলিত স্মাৰক পত্ৰ অসম চৰকাৰ দিছপুৰ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ 

 প্ৰেৰণ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here