গুৱাহাটী প্ৰেছ ক্লাৱত কেয়াৰ ইউ ৩৬৫ ৰ নৱম বর্ষপূৰ্তি অনুষ্ঠান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 14 August 2022

গুৱাহাটী প্ৰেছ ক্লাৱত কেয়াৰ ইউ ৩৬৫ ৰ নৱম বর্ষপূৰ্তি অনুষ্ঠান

 



W7s news গুৱাহাটী  : মানৱ সেৱাত উৎকৰ্ষিত সংস্থা কেয়াৰ ইউ ৩৬৫ ৰ নৱম বর্ষত খোজ দিলে। ২০১৩ চনৰ ১৫ আগষ্টত প্ৰতিষ্ঠা লাভ কৰা সংস্থাটোৱে বিভিন্ন সমাজ কল্যাণ মূলক কাম কৰি আহিছে। দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সংস্থাটোৰ উদ্যোগত অনুষ্ঠিত এখন সং বাদ মেলত সংস্থাৰ সভাপতি ভৃগু বৰঠাকুৰে কয়-আমি গুৱাহাটীৰ পাৰ্শ্ববর্তী ৰামচিং চাপৰিত চলাৰ ব্যৱস্থা, ছাত্রী সকলৰ বাবে কাৰিকৰী শিক্ষা আদিৰ ব্যৱস্থা কৰাৰ লগতে ৫০ খন বিদ্যালয়ৰ আন্ত:গাঁখনি উন্নয়ন কৰিছোঁ। সেইদৰে ভ্ৰাম্যমাণ এডুকেশ্বন ভানৰ জৰিয়তে ৮ টা কেন্দ্ৰত সেৱা আগবঢ়াই আহিছোঁ। আমি বিশেভাৱে সক্ষম সকলৰ বাবে বিভিন্ন সেৱা আগবঢ়াই আহিছোঁ। দৃষ্টিহীন সকলৰ বাবে ২,৭২০ ডাল স্মাৰ্ট ষ্টিক বিতৰণ কৰিম। সেইদৰে ক্ৰাউড ফাণ্ডিঙৰ  জৰিয়তে সহস্ৰাধিক ৰোগীক সেৱা আগবঢ়াই আহিছোঁ। সেইদৰে মহিলা সৱলীকৰণৰ বাবে বিভিন্ন কাম যেনেকৈ মাটিৰ কাপ, চেনিটেৰী নেপকিন বনোৱা আদি কামত মহিলা সকলক নিয়োজিত কৰি আহিছো। এইবাৰ স্বাধীনতা দিৱস উপলক্ষে আমি কেইবাখনো বিদ্যালয়ত চিত্ৰাংকণ প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ।' সংবাদ মেলত কেয়াৰ ইউ ৩৬৫ ৰ সম্পাদক অৰ্ণব জ্যোতি শৰ্মা, প্ৰতিষ্ঠাপক সদস্য ভাৰ্গব শৰ্মা আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সংবাদ মেলৰ পাছত কেয়াৰ ইউ ৩৬৫ ৰ ন বছৰীয়া যাত্ৰাপথত থকা কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here