১৯ আগষ্টত মুক্তি লাভ কৰিব টকিঅ' ফিল্ম এৱাৰ্ডত গল্ডেন বঁটা লাভ কৰা অসমীয়া চলচ্চিত্ৰ গ' গ' আই - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 14 August 2022

১৯ আগষ্টত মুক্তি লাভ কৰিব টকিঅ' ফিল্ম এৱাৰ্ডত গল্ডেন বঁটা লাভ কৰা অসমীয়া চলচ্চিত্ৰ গ' গ' আই

 



যাদৱ গগৈৰ বিস্ময়কৰ পদযাত্ৰাক চলচ্চিত্ৰৰ ৰূপ দিয়াৰ প্ৰয়াস




W7s news গুৱাহাটী: নেক্সটাৰ ষ্টুডিঅ' নিবেদিত আৰু নেক্সটাৰ টি ভি প্ৰযোজিত আৰু চন্দ্ৰ মুদৈ পৰিচালিত

টকিঅ' ফিল্ম এৱাৰ্ডত গল্ডেন বঁটা লাভ কৰা অসমীয়া চলচ্চিত্ৰ গ' গ' আই ১৯ আগষ্টত ৰাজ্যৰ ছবি গৃহত মুক্তি লাভ কৰিব । দেওবাৰে নেক্সটাৰ ষ্টুডিঅ' ত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে চলচ্চিত্ৰ খনৰ প্ৰযোজনা গোষ্ঠীৰ বিষয়ববীয়া তথা নেক্সটাৰ নিউজৰ সম্পাদক অনিন্দ শৰ্মাই। তেওঁ লগতে কয়- গুজৰাটত কাম কৰা শ্ৰমিক যাদৱ গগৈৰ বিস্ময়কৰ পদযাত্ৰাক চলচ্চিত্ৰৰ ৰূপ দিয়াৰ প্ৰয়াস কৰা হৈছে। ৯৭ মিনিটৰ ছৱিখন ১৯ আগষ্টত মুক্তি লাভ কৰিব অসমৰ ছৱিগৃহত। ইতিমধ্যে টকিঅ ফিল্ম ফেষ্টিভেলত গল্ডেন বঁটা লাভ কৰিছে গ' গ' আই চলচ্চিত্ৰখনে। যাদৱ গগৈৰ চৰিত্ৰত অভিনয় কৰিছে যতীন খনিকৰে।৩১ জুলাইত মুক্তি লাভ কৰিছে চলচ্চিত্ৰখনৰ ট্ৰেইলাৰ। চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ গুৱাহাটী, বঙাইগাঁও, ৰহা, নগাঁও আদিৰ উপৰিও চিবক, ভুটান, শিলিগুৰি আৰু নেক্সটাৰ ষ্টুডিঅ' ত সম্পূৰ্ণ কৰা হৈছে। চলচ্চিত্ৰখনৰ মূল চৰিত্ৰত অভিনয় কৰিছে যতীন খনিকৰে। অন্যান্য চৰিত্ৰত মিনাক্ষী ডেকা, হিমান জ্যোতি দাস, লিজা নাথ, তপন শৰ্মা, অনেন্দ্ৰ প্ৰসাদ শৰ্মা আদিয়ে অভিনয় কৰিছে।' সং বাদ মেলত চলচিত্ৰখনৰ প্ৰযোজক বিকাশ শ্বাহাই কয়- চলচ্চিত্ৰখন উপভোগ কৰা প্রতিজন দৰ্শকৰ প্ৰতিটো টিকটৰ মূল্যৰ পৰা এটকাকৈ যাদৱ গগৈৰ পৰিয়ালক এক আৰ্থিক অনুদান হিচাপে নেক্সটাৰ ষ্টুডিঅ'ৰ তৰফৰ পৰা আগবঢ়োৱা হ'ব। যাদৱ গগৈক ইতিমধ্যে নেক্সটাৰ ষ্টুডিঅ'ৰ তৰফৰ পৰা সংস্থাপন দিয়া হ'ব।' 

সং বাদ মেলত বিস্ময়কৰ যাত্ৰাৰ কথা নিজেই কয় যাদৱ গগৈয়ে। তেওঁ কয়-২০২০ ৰ ২৭ মাৰ্চত গুজৰাটৰ বাঁপি চহৰৰ পৰা অসমৰ নগাঁওলৈ যাত্ৰা আৰম্ভ কৰোঁ। গুজৰাটৰ পৰা অসমলৈ ৩ হাজাৰ কিলোমিটাৰ বাট খোজকাঢ়ি যাত্ৰা। খাদ্যৰ নামত আছিল মাথো বিস্কুট আৰু পানী। শোৱা মানে য'তে ৰাতি ত'তে কাটি। সংকট, বিপদ,নানা ঘাট-প্ৰতিঘাটৰ মাজেৰে ২৭ দিনীয়া যাত্ৰা অতিক্ৰম কৰি অসমত প্ৰৱেশ কৰিছিলোঁ।' 

উল্লেখ্য, চলচ্চিত্ৰখন দৰ্শকে আদৰি লব বুলি প্ৰযোজক গোষ্ঠী আশাবাদী।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here