W7s news গুৱাহাটী : অসম তথা উত্তৰ-পূর্বাঞ্চলত এক আগশাৰীৰ বিতীয় শিক্ষার প্রশিক্ষণ প্রতিষ্ঠান প্রেৰণা টিউটৰিয়েল। ২০০১ চনত স্থাপন হোৱা প্ৰেৰণা টিউটৰিয়েল প্রশিক্ষণ প্রতিষ্ঠানটোৱে বাণিজ্যিক ক্ষেত্ৰত বিশেষকৈ চিত্র, কোম্পানী ছেক্রেটে একাউনটেনি, এম বি এ, এম কম. বি কমৰ লগতে একাধিক বিতীয় শিক্ষাৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। এই প্রশিক্ষণ প্রতিষ্ঠানটোৱে সফলতাৰে ২১ বৰ্ষ অতিক্ৰম কৰিলে। এই সফলতাৰ বাবে প্ৰেৰণা টিউটৰিছেলে আজি আয়োজন কৰিছে প্ৰেৰণা দিবস এক শীর্ষক অনুষ্ঠান। গুৱাহাটীৰ ছাত্ৰীবাৰীত লোহিয়া লায়ন্স প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত সফলতা অৰ্জন কৰা মেধাবী শিক্ষার্থীসকলক সম্বৰ্ধনা জ্ঞাপন কৰে। উক্ত অনুষ্ঠানত প্ৰতিষ্ঠানটোৰ চি ই অ' চিত্ৰম ৰমেশ গুপ্তাই ভাষণ প্ৰদান কৰি কয় যে- বিগত ২১ টা বছৰতত ২০ হাজাৰতকৈও অধিক শিক্ষার্থীয়ে বিত্তীয়মূলক প্রশিক্ষণ প্রদান কৰি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। প্ৰখ্যাত চিত্র তথা নতুন দিল্লীৰ বিশিষ্ট শিক্ষক বিনোদ গুপ্তা উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশগ্রহণ কৰে। একেদৰে কলকাতা মোহিত আগনবাল সন্মানীয় অতিথি হিচাবে অংশগ্ৰহণ কৰে অনুষ্ঠানটোত। বিশিষ্ট অতিবিদ্বয়ে অনুষ্ঠানটোত বিত্তীয় শিক্ষাৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। চিত্ৰ গৌৰৱ পাবোডিয়া, চিত্ৰছ প্রদীপ শর্মা, চিত্রমত্র অধ্যক্ষ পিএল কানাই শিক্ষাৰ্থীসকলৰ আগত তেওঁলোকৰ সফলতাৰ অভিজ্ঞতাৰ বৰ্ণনা দাঙি ধৰে। অনুষ্ঠানটোত ৩০০ ৰো অধিক শিক্ষাৰ্থী আৰু অভিভাবক উপস্থিত থাকে। অনুষ্ঠানটোতেই প্ৰেৰণা টিউটৰিয়েল আৰু লায়ন্স ক্লাব অব গুৱাহাটী এলাইটে যুটীয়াভাবে প্রজেক্ট শিক্ষা নামৰ কাৰ্যসূচী মুকলি কৰে। উক্ত কাৰ্যসূচীৰ অধীনত দৰিদ্ৰ মেধাবী শিক্ষার্থীসকলক বিনামূলীয়াকৈ চি এৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। অনুষ্ঠানটোত লায়ন্স ক্লাব গুৱাহাটী এলাইটৰ সভাপতি তথা চিত্র আয়ুস সৰাফ দৰিদ্ৰ মেধাবী শিক্ষার্থীসকলক সহায় আগবঢ়োৱাৰ কথা ঘোষণা কৰাৰ লগতে প্রশিক্ষণ প্রতিষ্ঠানত এনে সফলতাক প্ৰশংসা কৰে।
Post Top Ad
Responsive Ads Here
Thursday, 4 August 2022

প্ৰেৰণা টিউটৰিয়েলৰ 'প্ৰেৰণা দিৱস' পালন মেধাবী শিক্ষার্থীক সম্বর্ধনা জ্ঞাপন
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment