উত্তৰ-পুৰ্বাঞ্চলৰ শিক্ষার্থীৰ বাবে গুণগুত শিক্ষা, জলপানি আৰু সংস্থাপনৰ সুবিধা আগবঢ়াইছে মহাৰাজা ৰঞ্জিত সিং বিশ্ববিদ্যালয়ে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 4 August 2022

উত্তৰ-পুৰ্বাঞ্চলৰ শিক্ষার্থীৰ বাবে গুণগুত শিক্ষা, জলপানি আৰু সংস্থাপনৰ সুবিধা আগবঢ়াইছে মহাৰাজা ৰঞ্জিত সিং বিশ্ববিদ্যালয়ে

 





W7s news ষ্টাফৰিপোৰ্টাৰ : পাঞ্জাৱ চৰকাৰে পাঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থানৰ সীমান্তত স্থাপন কৰা মহাৰাজা ৰঞ্জিত সিং বিশ্ববিদ্যালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষার্থীৰ বাবে  গুণগুত শিক্ষা, জলপানি আৰু সংস্থাপনৰ সুবিধা আগবঢ়াইছে। বৃহস্পতিবাৰে বিশ্ববিদ্যালয়খনৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে বিশ্ববিদ্যালয়খনৰ  পঞ্জীয়ক ড০ গুৰবিন্দৰ পাল সিং বৰায়ে। তেওঁ লগতে কয়- কাৰিকৰী আৰু অভিযান্ত্ৰিকৰ পাঠ্যক্ৰম আগবঢ়োৱা এই বিশ্ববিদ্যালয়খনে সদায় উন্নত মানৰ শিক্ষা আগবঢ়োৱাৰ লগতে মানৱ সম্পদ গঢ়াত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। বিভিন্ন ৰাজ্যৰ শিক্ষাৰ্থী সকলৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীসকলে যাতে দ্বাদশ শ্রেণী উত্তীৰ্ণ হোৱাৰ পাছত বিদেশলৈ গৈ যাতে এই বিষয়ৰ পাঠ্যক্ৰম গ্ৰহণ কৰিব লগীয়া নহয় তাৰবাবে আমি আমাৰ বিশ্ববিদ্যালয়ত বিশ্বমানৰ শিক্ষা অভিজ্ঞ ফেকাল্টিৰ দ্বাৰা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আমাৰ বিশ্ববিদ্যালয়লৈ শিক্ষা গ্ৰহণৰ বাবে যাবলৈ যাতায়াতৰ

উন্নত মানৰ সুবিধা আছে ।ৰেল, উৰাজাহাজৰ জৰিয়তে শিক্ষাৰ্থীয়ে আমাৰ বিশ্ববিদ্যালয়লৈ যাব পাৰিব। তদুপৰি উন্নত মানৰ হোষ্টেলৰ সুবিধা ল'ৰা-ছোৱালীৰ বাবে ৰখা হৈছে। লগতে স্বাস্থ্য সন্মত খাদ্য আমি যোগান ধৰো। আমাৰ বিশ্ববিদ্যালয়ৰ আন্ত:গাথঁনিত উন্নত মানৰ।

আমি শিক্ষাৰ্থীৰ সুৰক্ষাৰ দিশত অধিক গুৰুত্ব দি আহিছোঁ। তেওঁলোকে এক সুৰক্ষিত পৰিবেশত শিক্ষা গ্ৰহণ কৰিব পাৰিব। আমি উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীৰ বাবে বিশেষ জলপানিৰ ব্যৱস্থা কৰাৰ লগতে এছ চি, এছ টি শিক্ষাৰ্থীৰ বাবেও বিশেষ জলপানিৰ ব্যৱস্থা কৰিছোঁ। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা বিশেষকৈ টেক্সষ্টাইল ইঞ্জিনীয়াৰিঙৰ পাঠ্যক্ৰম গ্ৰহণৰ বাবে অধিক শিক্ষাৰ্থীয়ে নাম ভৰ্তি কৰে।' সংবাদ মেলত বিশ্ববিদ্যালয়খনৰ ডীন কনচালটেন্সি ড০ মঞ্জিত বঞ্চলে কয়- ২০২২-২৩ চনৰ  মেধাৰ ভিত্তিত ডিপ্ল'মা,স্নাতক  আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম গ্ৰহণ কৰিব বিচৰা সকলে চলিত বছৰৰ ৩১ অক্টোবৰৰ ভিতৰত আবেদন কৰিব লাগিব। তদুপৰি উত্তৰ-পূৰ্বাঞ্চলৰ মেধাবী শিক্ষাৰ্থীৰ বাবে পাঞ্জাৱ মুখ্যমন্ত্ৰী ছাত্ৰবৃত্তি, এশ শতাংশ মাচুল ৰেহাই, ঈশান বিকাশ আৰু ঈশান উদয় যোজনাৰ ব্যৱস্থা কৰা হৈছে।উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীয়ে উচ্চ শিক্ষাৰ সপোন এইখন বিশ্ববিদ্যালয়ৰ জৰিয়তে পূৰণ কৰিব পাৰিব। এই বিষয়ে সবিশেষ জানিবলৈ আগ্ৰহী শিক্ষাৰ্থীসকলে  www.mrsptu.ac.in ৱেবচাইট অথবা টোল ফ্ৰী নম্বৰ ১৮০০-১২১-১৮৩৩ ত যোগাযোগ কৰিব পাৰিব।সং বাদ মেলত বিশ্ববিদ্যালয়ৰ সঞ্চালক, (জনসংযোগ), হৰজিন্দৰ সিং সিদ্ধু, সঞ্চালক (প্ৰশিক্ষণ আৰু সংস্থাপন) হৰজিত সিং সিদ্ধু উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here