ভাৰতীয় শিশু স্বাস্থ্য সন্থাৰ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত ১ আগষ্টৰ পৰা ৭ আগষ্টলৈ "বিশ্ব স্তনপান দিৱস - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 4 August 2022

ভাৰতীয় শিশু স্বাস্থ্য সন্থাৰ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত ১ আগষ্টৰ পৰা ৭ আগষ্টলৈ "বিশ্ব স্তনপান দিৱস

W7s news ষ্টাফৰিপোৰ্টাৰ : প্ৰতি বছৰৰ দৰে এইবাৰো বিশ্বৰ সকলো দেশৰ লগতে ভাৰতীয় শিশু স্বাস্থ্য সন্থাৰ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত  ১ আগষ্টৰ পৰা ৭ আগষ্টলৈ  "বিশ্ব স্তনাপান দিৱস' উদযাপন কৰা হৈছে। মূলত মাতৃ দুগ্ধ পানৰ জন মানসত  সজাগতা বৃদ্ধিৰে  বিশ্ব স্বাস্থ্য সন্থা আৰু বিশ্ব স্তনপান সন্থাৰ নেতৃত্বত প্ৰতি বছৰে এই কেইটা দিনত এই দিবস উদযাপন কৰা হয়।-বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত ভাৰতীয় শিশু স্বাস্থ্য সন্থাৰ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে বিশিষ্ট শিশু বিশেষজ্ঞ ডাঃ আৰতি ডেকাই। তেঁও লগতে কয়-এই বছৰৰ বিশ্ব স্তনপান দিৱসৰ মূল বক্তাব হল স্তনপান বৃদ্ধি কৰক- শিকাওক আৰু সহযোগ কৰক" (Step up for breastfeeding - educate and support")। ১৯৯২ চনৰ পৰা কৰি অহা ধাৰাবাহিক প্ৰচেষ্টাৰ ফলত প্রথম ৬ মাহ কেৱল মাত্ৰ স্তনপান দিয়া মাতৃৰ সংখ্যা ২০০০ চনৰ প্ৰায় ৩৮ শতাংশৰ পৰা এতিয়া প্ৰায় ৫৫ শতাংশ হৈছে। তথাপি আমি লক্ষৰ পৰা বহু দূৰত। সমীক্ষাৰ পৰা দেখা গৈছে কেৱল মাত্ৰ স্তনপ্ৰানৰ জৰিয়তে বিশ্বত ৫ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ সংখ্যা ১২ শতাংশ কমাব পৰা যাব।

স্তনপান উপকাৰিতাৰ বিষয়ে পুনৰ কোৱাৰ প্ৰয়োজন নায়। ই শিশুক সঠিক ভৰণ পোষণ দিয়াৰ উপৰিও সঠিক বৌদ্ধিক বিকাশ আৰু প্ৰতিৰক্ষা বিভাগ শক্তিশালী কৰি বহু বেমাৰ আজাৰৰ পৰা শিশুক ৰক্ষা কৰে। কেৱল স্তনপান কৰা শিশুৰ এলাৰ্জি ৰোগ কম হয় আৰু পিছৰ বয়সত মধুমেহ আৰু হৃদযন্ত্ৰৰ ৰোগ হোৱাৰ সম্ভাৱনাও কম হয়। তদুপৰি স্তনপান কৰোৱা মাতৃৰ অভাৰী আৰু স্তনৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা কম হয়। স্তনপা


ন কেৱল মাতৃৰ দায়িত্ব নহয়। ই পৰিয়াল, সমাজ, স্বাস্থ্য কর্মী আৰু সমাজ সকলোৰে দায়িত্ব। আমাৰ এই যাত্ৰাৰ সহযোগৰ বাবে আমাক জনসংযোগ মাধ্যমৰ সহযোগৰ প্ৰয়োজন। আমাৰ মাজত চলি থকা বহুতো ভুল জনবিশ্বাস যেনে কৃতিম গাখীৰ খুওৱা শিশু বেছি শকত আৱত হয়, শিশুৱে কন্দা মানে গাখীৰ কম পাইছে, শিশুক গাখীৰ খুৱালে মাকৰ শৰীৰৰ আকাৰ বেয়া হয়, মাকৰ যিকোনো ৰোগ হলে গাখীৰ খুৱাবলৈ নালাগে, জন্মৰ পিছতে মৌ খুৱাব লাগে। মৌ এবছৰৰ তলৰ শিশুৰ বাবে বিপদজনক), জন্মৰ পিছৰ গাখীৰ খিনি পেলাই দিব নালাগে। জন্মৰ পিছৰ গাখীৰ খিনি শিশুৰ বাবে যথেষ্ট উপকাৰী।' সংবাদ মেলত কেইবাজনো শিশু বিশেষজ্ঞ উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here