শংকৰদেৱ কলাক্ষেত্ৰত গন্ধৰ্ব ই মঞ্চস্থ কৰিলে "মুলাই” - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 6 August 2022

শংকৰদেৱ কলাক্ষেত্ৰত গন্ধৰ্ব ই মঞ্চস্থ কৰিলে "মুলাই”

 




  W7s news  গুৱাহাটী  :এইবাৰ অৰণ্য মানৱক মঞ্চত দেখা পালে অসমৰ নাট্যপ্ৰেমী ৰাইজে৷অভিনেতা প্ৰদ্যুৎ বিকাশ দাসৰ সজীৱ অভিনয়ে ফুটাই তুলিলে সেউজ পৃথিৱীৰ আজন্ম প্ৰেমিক যাদৱ পায়েঙৰ বিশাল ব্যক্তিত্বক৷ঐতিহ্য -পৰম্পৰাক সাৰোগত কৰি ৰুচিসন্মত তথা যুক্তিসন্মত সাংস্কৃতিক কামকাজৰে সাধনা , অনুশীলন আৰু একাগ্ৰতাৰে সাংস্কৃতিক ক্ষেত্ৰখনলৈ অৱদান আগবঢ়াই অহা অসমৰ এক অন্যতম অভিনয় আৰু সংগীত চৰ্চা প্ৰতিষ্ঠান গুৱাহাটীৰ মালিগাঁও বৰিপাৰাস্থিত "গন্ধৰ্ব"ই অৰণ্য মানৱ যাদৱ পায়েঙৰ সেউজীয়া মনৰ আলোক সন্ধানী যাত্ৰাৰ আধাৰত যুগুটোৱা নাটক "মুলাই" শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহৰ মঞ্চত  শনিবাৰে আবেলি ৪ বজা আৰু সন্ধিয়া ৭ বজাত দুটাকৈ দৰ্শনীৰে  মঞ্চস্থ  কৰে।সাংস্কৃতিক সঞ্চালকালয়,অসমৰ সহযোগত গন্ধৰ্বই  নিবেদন কৰা "মুলাই" নাটখনৰ ৰচনা-হিমজ্যোতি বৈশ্য,পৰিচালনা-অখিলেশ হাজাৰী আৰু সামগ্ৰীক পৰিকল্পনা- ধ্ৰুৱজ্যোতি কুমাৰৰ।শিশুকালৰ যাদৱ পায়েঙৰ চৰিত্ৰত নীহাল মুৰ্তজা,বিনীতা পায়েঙৰ চৰিত্ৰত চিমি ডেকাই অভিনয় কৰাৰ লগতে আন আন চৰিত্ৰত ধীৰাজ মজুমদাৰ,অঞ্জন গোস্বামী,জগদীশ ডেকা,প্ৰশান্ত কুমাৰ দাস,হিৰেন্দ্ৰ কুমাৰ পাঠক,দিপান্বিতা দাস,সীমাশ্ৰী কুমাৰী,বিদিশা ডেকা,বুলেন ভঁড়ালী,প্ৰিয়াংক প্ৰতীম পাঠক,পল্লৱ নাথ,নৱজ্যোতি দাসে অভিনয় কৰে৷অগতানুগতিক কৰ্মৰে পৃথিৱী বিখ্যাত হোৱা "অৰণ্য মানৱ" গৰাকীক নাট্য অভিবাদন জনাবলৈ প্ৰায় দুবছৰীয়া প্ৰস্তুতিৰে গন্ধৰ্বই কৰা এই প্ৰয়াসক দৰ্শকে আদৰি লয়৷নাটখনিৰ সংগীত ব্যৱস্থাপনা কুশল মিৰ্জাৰ,হিৰন্ময় গোস্বামীয়ে ৰচনা কৰা শীৰ্ষ গীতটিত সুৰ দিয়ে হীৰু দাসে৷কণ্ঠদান কৰে হিৰণজিৎ দাসে৷আৱহ সংগীত ধ্ৰুৱ আৰু হিমৰ৷নাটখনিৰ নিৰ্দেশনা উপদেষ্টা হিচাপে আছিল বিনোদ শৰ্মা৷কলা নিৰ্দেশনা মাণিক কাকতি,হিমজ্যোতি বৈশ্য,মিণ্টু ভূঞা,প্ৰশান্ত দাসৰ৷ৰূপসজ্জা তীব্ৰজ্যোতি বৈৰাগীৰ৷সাজসজ্জা সৰোজনী বৈশ্য,ডেইজী বৈশ্য,দীপান্বিতা দাস,চিমি ডেকা আৰু অঞ্জন গোস্বামীৰ৷আলোক সম্পাত আছিল ডিম্পল দাসৰ৷নাটখনিৰ পোষ্টাৰ ডিজাইন কৰিছিল কিৰণ শংকৰ ৰয়ে৷উঠি অহা চামে এক সুস্থিৰ পৰিৱেশ লাভ কৰাৰ লগতে ভাল কামৰ এক মঞ্চ লাভৰ উদ্দেশ্যৰে কিছুমান ইতিবাচক কাম কৰি অহা গন্ধৰ্বই ইতিমধ্যেই ব্যতিক্ৰমী চিন্তাৰ আৰু কেইখনমান জীৱনীমূলক নাট পৰিৱেশনৰে অসমৰ নাট্যজগতত এক সুকীয়া আসন দখল কৰিছে৷এই নাট দৰ্শনীদুটা গন্ধৰ্বৰ প্ৰয়াত সদস্য ৰীতা পাঠক,অনুপম ৰাভা,ডলী দেৱী,প্ৰকাশ মেধিৰ নামত উচৰ্গা কৰা হৈছিল৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here