আঞ্চলিক নাৰ্ছিং মহাবিদ্যালয়ৰ বিশ্ব স্তনপান সপ্তাহ উদযাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 6 August 2022

আঞ্চলিক নাৰ্ছিং মহাবিদ্যালয়ৰ বিশ্ব স্তনপান সপ্তাহ উদযাপন

 



W7s news গুৱাহাটী : আঞ্চলিক নাৰ্ছিং মহাবিদ্যালয়, গুৱাহাটীৰ সৌজন্যত সোণাপুৰ প্ৰাথমিক চিকিৎসালয়ৰ  অন্তৰ্গত উৰল গাঁওৰ কালীমন্দিৰ প্ৰাংগনত বিশ্ব স্তনপান  সপ্তাহ উপলক্ষে আজি এখনি সজাগতা সভা আয়োজন কৰা হয়।২০২২ বৰ্ষৰ বিশ্ব স্তনপান সপ্তাহৰ মূল বাণী  “স্তনপান কৰোৱাৰ ক্ষেত্ৰত পদক্ষেপ লওক ,শিকাওক আৰু সমৰ্থন কৰক ” বাক্যশাৰীক সাৰোগত কৰি এখনি বাটৰ নাট বি এচ চি নাৰ্ছিঙৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিবেশন কৰা হয়।। লগতে মাতৃদুগ্ধৰ  কলষ্টাম সম্পৰ্কত যি অন্ধবিশ্বাস সমাজত প্ৰচলিত হৈ আছে তাক দূৰীকৰনৰ বাবেও  কিছু  বাৰ্তা প্ৰেৰণ কৰা হয়। মাতৃ গোট ,অংগনবাডী কৰ্মীৰ লগতে উক্ত সভাত উপস্হিত থাকে আঞ্চলিক নাৰ্ছিং মহাবিদ্যালয়ৰ কমিউনিটি হেল্থ বিভাগৰ মূৰব্বী প্ৰবক্তা ড° হেমেশ্বৰী ভূঞা,সহকাৰী প্ৰবক্তা পলীমণি বৰা, বৰখাট অঞ্চলৰ গাঁও প্ৰধান বিপুল বৰুৱা,বৰখাট গাঁও পঞ্চায়তৰ সভাপতি স্বপ্না পাটৰ, ডিমৰীয়া খণ্ডৰ  কিষান মৰ্চাৰ সম্পাদক হেমন্ত দাস আৰু শতাধিক মাতৃ আৰু শিশু।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here