ভাৰতীয় সেনাৰ ৰঘুনাথ বি এন আৰু এন চি চি কেডেটছৰ সৈতে আজাদী কা অমৃত মহোৎসৱ উদযাপন লায়নছ ক্লাব অব গুৱাহাটী মেট্ৰ’ৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 13 August 2022

ভাৰতীয় সেনাৰ ৰঘুনাথ বি এন আৰু এন চি চি কেডেটছৰ সৈতে আজাদী কা অমৃত মহোৎসৱ উদযাপন লায়নছ ক্লাব অব গুৱাহাটী মেট্ৰ’ৰ

 




W7s news গুৱাহাটী: স্বাধীনতা দিৱসৰ শুভ ক্ষণত লায়নছ ক্লাব গুৱাহাটী মেট্ৰৰ লগতে ৰঘুনাথ বি এন ইণ্ডিয়ান আৰ্মিৰ ৬০০ গৰাকী জোৱান, এন চি চি কেডেটছ আৰু স্কুল শিক্ষাৰ্থীৰ সৈতে আজাদী কা অমৃত মহোৎসৱ উদযাপন ভাৰতীয় সেনাৰ ৰঘুনাথ বি এনে । এই উপলক্ষে পুৱা ৫ বজাত ৫০ গৰাকী সেনা জোৱানৰ সৈতে নাৰেংগীৰ পৰা চাইকেল ৰেলীৰ আয়োজন কৰা হয় । ইয়াত পল্টন বজাৰৰ এন চি চি কেম্পৰ পৰা প্ৰায় ৬০০ সেনা জোৱান, এন চি চি কেডেটছ আৰু স্কুল শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে । সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰা অভিযান হৰ ঘৰ তিৰংগাৰ অধীনত গুৱাহাটী মেট্ৰৰ  লায়নছ ক্লাবে আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰি এই ৰেলীত অংশগ্ৰহণ কৰা সকলো চাইক্লিষ্টৰ মাজত  ৫০০ পতাকা বিতৰণ কৰে । চৌৰ্য বীৰ চক্ৰৰে সন্মানিত ৰঘুনাথ বেটালিয়নৰ কৰ্ণেল অজয় সিং কুশ্বাহাই এই ৰেলীৰ শুভাৰম্ভ কৰে । এই ৰেলীত ইণ্ডিয়ান আৰ্মি বেণ্ডৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয় । পুৱা ৮ বজাত ধাৰাপুৰৰ দুৰ্গাপুৰ মন্দিৰ খেলপথাৰত ৰেলীৰ অন্ত পৰে । এই ৰেলীৰ মূল উদ্দেশ্য আছিল এক ভাৰত আৰু স্বচ্ছ ভাৰত গঢ়াৰ দিশে সজাগতা সৃষ্টি । ৰেলীৰ সফলতাৰ আঁৰত থকা প্ৰধান ব্যক্তিগৰাকী হৈছে এই ইভেন্টৰ অধ্যক্ষ লিয়ন ৰাজেশ সুৰানা ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here