শ্বিলঙৰ বিষ্ণুপুৰৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰত পশ্চিম গুৱাহাটীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত মহিলা দলৰ দিহানাম পৰিবেশন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 31 August 2022

শ্বিলঙৰ বিষ্ণুপুৰৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰত পশ্চিম গুৱাহাটীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত মহিলা দলৰ দিহানাম পৰিবেশন

 

W7s news গুৱাহাটী : অবিভক্ত অসমৰ ৰাজধানী শ্বিলঙৰ সেই সময়ৰ অসমীয়া ভাষা ,  সাহিত্য , সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কেন্দ্রই আজিও মহাপুৰুষ দুজনাৰ আদৰ্শ , সৃষ্টিৰাজি , কৰ্মৰাজিৰ প্ৰচাৰ , প্ৰসাৰ কৰি আহিছে । সমান্তৰাল ভাৱে শ্বিলঙত থকা অসমীয়া লোকসকলকো একতাৰ দোলৰে বান্ধি ৰাখিবলৈ সক্ষম হৈছে ।  কৃষ্টি কেন্দ্ৰৰ সভাপতি মীনাৰাম বৰা , উপ সভাপতি হৰেন্দ্ৰ তালুকদাৰ আৰু সাধাৰণ সম্পাদক সুনীত কুমাৰ ফুকনে জানিবলৈ দিয়া মতে  বিগত বছৰ সমূহৰ দৰে এইবেলিও কৃষ্টি কেন্দ্ৰ চৌহদত থকা শ্ৰীমন্ত শঙ্কৰদেৱ নামঘৰত  পবিত্ৰ ভাদ মাহৰ পহিলা দিনটোৰ পৰা চলি আছে এমহীয়া ভাদ মাহৰ নাম - প্ৰসংগ । দৈনিক বিয়লি ২ বজাৰ পৰা সন্ধিয়ালৈ অনুষ্ঠিত হৈ থকা নাম - প্ৰসংগত  বিষ্ণুপুৰকে ধৰি শ্বিলং চহৰৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা অসমৰ  শতাধিক  মহিলাই ভাগ লৈ হৰিনামৰ ধ্বনিৰে মুখৰিত কৰি ৰাখিছে বিষ্ণুপুৰ অঞ্চল । এই সন্দৰ্ভত বিষ্ণুপুৰ অঞ্চলত বাস কৰা অগ্ৰণী মহিলা সাংস্কৃতিক কর্মী সঞ্জীমা চলিহা ওজাই জানিবলৈ দিয়া মতে নাম - প্ৰসংগত অসমীয়াৰ উপৰিও কিছুসংখ্যক অনা অসমীয়া মহিলায়ো ভাগ লৈ মহাপুৰুষ দুজনাৰ গুণ , গৰিমা আদিৰ বিষয়ে অৱগত হৈছে । আনহাতে কৃষ্টি কেন্দ্ৰৰ সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ অংশ হিচাপে আৰু কেন্দ্ৰৰ আমন্ত্ৰণ ক্ৰমে  ২৮ আগষ্টত  গুৱাহাটীৰ এটা সাংবাদিকৰ দলে কেন্দ্ৰ চৌহদ পৰিভ্ৰমণ কৰাৰ লগতে  পশ্চিম গুৱাহাটীৰ খানামুখ অঞ্চলৰ অগ্ৰণী মহিলা সাংস্কৃতিক সংগঠন " জ্ঞানমালিনী বিকশিত মহিলা দলে" শ্ৰীমন্ত শঙ্কৰদেৱ নামঘৰত তাৰ স্থানীয় মহিলা সকলৰ সৈতে


নাম - প্ৰসংগ পৰিবেশন কৰি উপস্থিত লোক সকলৰ ভূয়সী প্ৰশংসা লাভ কৰে ।  দলটোৰ সভানেত্ৰী শেৱালি কুমাৰী দাস , উপ সভানেত্ৰী পূৰ্ণিমা কলিতা আৰু সম্পাদিকা জুমি কলিতাৰ নেতৃত্বত দলটোৰ  অঞ্জুমণি কলিতা বৰ্মন , নীলিমা কলিতা , লক্ষ্মী ঠাকুৰীয়া , উজলা কলিতা , দেবযানী কলিতা ( তুতু ) , জুনু দাস , মীনা দাস , নবনীতা কলিতা , মামণি কলিতাই মহাপুৰুষ দুজনাৰ কেবাটাও নাম পৰিবেশন কৰে । দলটোৰ সৈতে যোৱা  চেমনীয়া হীৰক দাসে  নাগাৰা বজাই দিহানামক নতুন মাত্ৰা প্ৰদান কৰে । আনহাতে দলটোৱে শ্বিলঙৰ স্থানীয় মহিলা সকলৰ সৈতেও যুটীয়াভাবে দিহানামত ভাগ লয় । উল্লেখযোগ্য যে জ্ঞানমালিনী বিকশিত মহিলা দলটোৱে ইয়াৰ পূৰ্বে ২০১৮ চনৰ আগষ্ট মাহতো কেন্দ্ৰৰ আমন্ত্ৰণ ক্ৰমে শ্ৰীমন্ত শঙ্কৰদেৱ নামঘৰত দিহানাম পৰিবেশন কৰিছিল । আনহাতে ২৯ আগষ্টত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাব তিথি দিনযোৰা কাৰ্যসূচীৰে উলহ মালহৰে উদযাপন কৰা হয় । সন্ধিয়া কেন্দ্ৰৰ উদ্যোগত শিল্পী সকলে  "দুৰ্যোধনৰ উৰুভঙ্গ" অংকীয়া  ভাওনা নাট খন মঞ্চস্থ কৰি উপস্থিত কেবা শতাধিক লোকক আপ্লুত কৰে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here