পহিলা ছেপ্টেম্বৰত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস পালনৰ প্ৰস্তুতি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 31 August 2022

পহিলা ছেপ্টেম্বৰত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস পালনৰ প্ৰস্তুতি



 W7s news গুৱাহাটী : ১৯৫৪ চনৰ এক ছেপ্তেম্বৰ তাৰিখে ব্ৰহ্মপুত্ৰ আৰু ভৰলু সংগমস্থলীত কেইগৰাকীমান জ্ঞান তপস্বীৰ প্ৰচেষ্টাত গঢ়ি উঠিছিল জ্ঞানৰ আলোক মন্দিৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়  । এন্ধাৰৰ ভেটা ভাঙি জ্ঞানৰ আলোকবন্তিৰে লুইতৰ পাৰ জিলিকাই বিশ্ববাসীৰ আগত স্ব-মহিম্নি ৰূপেৰে প্ৰগজ্যোতিষ মহাবিদ্যালয়ে শত শত সহস্ৰাধিক মানৱক ৰাষ্ট্ৰীৰ সম্পদ হিচাপে গঢ়ি তুলিবলৈ আপ্ৰাণ চেষ্টা চলাইছে  । ১ছেপ্তেম্বৰত তিনি কুৰি ৯  বছৰত ভৰি দিবলগীয়া এই জ্ঞান মন্দিৰৰ প্ৰতিষ্ঠা দিবসটি দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হব । প্ৰতিষ্ঠা দিৱসৰ  উক্ত অনুষ্ঠানত অসমৰ সামাজিক, সাংস্কৃতিক তথা চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰলৈ অৰিহণা যোগোৱা দুগৰাকী বিশিষ্ট ব্যক্তি ক্রমে  কুলদা কুমাৰ ভট্টাচাৰ্য্যক ‘পণ্ডিত তীর্থনাথ শৰ্মা উৎকৰ্ষ বঁটা’ আৰু চিকিৎসক ডাঃ অলকা গোস্বামীক ‘নিৰ্মলা দেৱী উৎকৰ্ষ বঁটা’ প্ৰদান কৰা হ'ব।প্ৰাগজ্যোতিষ মহাবিদ্যালয় অধ্যক্ষ মনোজ কুমাৰ মহন্তৰ সভাপতিত্ব অনুষ্ঠিত হব লগিয়া মুকলি সভাত মুখ্য অতিথি হিচাপে অসমৰ বিশিষ্ট শিক্ষাবিদ অধ্যাপক অমৰজ্যোতি চৌধুৰী আৰু বিশিষ্ট অতিথি হিচাপে অসমৰ সমাজ জীৱনৰ এগৰাকী পৰিচিত ব্যক্তি মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ  জয়ন্ত বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰৰ লগতে সন্মিলনৰ সভাপতি দেৱান ধ্ৰুৱজ্যোতি মৰল উপস্থিত থাকিব। উক্ত অনুষ্ঠানত মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা , সকলো প্ৰাক্তন ছাত্ৰ - ছাত্ৰী - শিক্ষক কৰ্মচাৰী সবাকে অংশগ্ৰহণ কৰিবলৈ প্ৰক্তন ছাত্ৰ সন্মিলনে অনুৰোধ জনায় ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here