কামৰূপ মহানগৰ জিলাত পৰিবহণ বিভাগৰ সংস্পৰ্শবিহীন সেৱাৰ আনুষ্ঠানিক শুভাৰম্ভ ; চি এছ চি বিষয়ক গুৰুত্বপূৰ্ণ সভা সম্পন্ন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 31 August 2022

কামৰূপ মহানগৰ জিলাত পৰিবহণ বিভাগৰ সংস্পৰ্শবিহীন সেৱাৰ আনুষ্ঠানিক শুভাৰম্ভ ; চি এছ চি বিষয়ক গুৰুত্বপূৰ্ণ সভা সম্পন্ন

 


W7s news গুৱাহাটীঃ  এতিয়াৰে পৰা ৰাজ্যৰ যান বাহনৰ গৰাকী সকলে  যাবতীয় কৰ পৰিশোধ কৰাৰ পৰা আৰম্ভ কৰি বাহনৰ ক্ৰয় - বিক্ৰয়লৈকে  বহু কামত পৰিবহণ আয়ুক্তৰ কাৰ্যালয় বা জিলা পৰিবহণ বিষয়াৰ  ( ডি টি অ ) কাৰ্যালয়লৈকে তাত বাটি কাঢ়িব নালাগে । গাড়ীচালনাৰ অনুজ্ঞা পত্ৰ লোৱা , অনুজ্ঞাপত্ৰ নৱীকৰণ কৰাকে ধৰি পৰিবহণ বিভাগৰ  মুঠ ৪০ টা সেৱা এতিয়াৰে  পৰা নিজৰ স্মাৰ্ট বা এনৰয়ড ফোনৰ সহায়ত নাইবা ওচৰৰ সামূহিক সেৱা কেন্দ্ৰৰ ( চি এছ চি ) জৰিয়তে কৰিব পৰা যাব । ইতিমধ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বে পৰিবহণ সেৱাক যি সস্পর্ক  বিহীন সেৱালৈ উন্নীতকৰণ অৰ্থাৎ মানুহ এজন পৰিবহণ আয়ুক্ত বা ডি টি অ কাৰ্যালয়লৈ নোযোৱাকৈ যাতে কাম কাজ সমুহ ঘৰৰ পৰাই মবাইল ফোনৰ জৰিয়তে সম্পন্ন কৰিব পাৰে  তাৰ বাবে  ডিজিটেল মেডিয়াৰ অধীনত অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি ঘোষণা কৰিছিল । সেই ঘোষণা অনুসৰি আজিৰে পৰা   অসমত কামৰূপ মহানগৰ জিলাৰ বেতকুছিস্থিত ডি টি অ কাৰ্যালয়ত এই সংস্পর্কবিহীন সেৱাৰ আনুষ্ঠানিক শুভাৰম্ভ কৰাৰ হয় । এই উপলক্ষে কাৰ্যালয়ৰ সভাগৃহত  আয়োজিত এক অনুষ্ঠানত সহকাৰী পৰিবহণ আয়ুক্ত চৈয়দ আব্দুল মান্নান , সহকাৰী পৰিবহণ আয়ুক্ত আৰু কামৰূপ মহানগৰ জিলাৰ ( পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ ) অতিৰিক্ত দায়িত্ববাহী  ডি টি অ  গৌতম দাস , ডি টি অদ্বয় ক্ৰমে হিমাংশু কুমাৰ দাস আৰু ৰফিকুল ইছলাম , এন আই চি , অসমৰ কাৰিকৰী সঞ্চালকদ্বয় অনুৰাধা বৰুৱা আৰু বিভুজ্জল ভট্টাচাৰ্য , চি এছ চিৰ  ৰাজ্যিক সমন্বয়ক হেমন্ত ডেকা উপস্থিত থাকে । আনহাতে অনুষ্ঠানত এই সেৱাৰ দ্বাৰা ৰাইজে লাভ কৰিব পৰা সুফল সমূহৰ বাখ্যা দাঙি ধৰি সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে কয়  পৰিবহণ  কাৰ্যালয়লৈ এজন লোকে  নোযোৱাকৈ আধাৰ লিংকৰ দ্বাৰা তাৎক্ষণিকভাৱে সংস্পৰ্শবিহীন সেৱাৰ জৰিয়তে  অধিক ফলপ্ৰসূ আৰু ক্ষিপ্ৰতাৰে  সেৱা লাভ কৰিব  । ইতিমধ্যে যোৱা ফেব্ৰুৱাৰী মাহত অসম প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অসম চৰকাৰৰ পৰিবহণ বিভাগ আৰু ভাৰত চৰকাৰৰ তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ৰ  অধীনস্থ চি এছ চি কৰ্তৃপক্ষৰ মাজত হোৱা বুজাবুজিৰ চুক্তি অনুসৰি এই সেৱাৰ শুভাৰম্ভ কৰা হৈছে । এতিয়া বাহনৰ গৰাকী বা সাধাৰণ ৰাইজে মবাইল ফোন বা নিকটবৰ্তী  চি এছ চিলৈ আহি এই সেৱাৰ সুবিধা লাভ কৰিব পাৰিব । ইয়াৰ ফলত মানুহ এজনৰ সময় আৰু ধনৰ বহু ৰাহি হব আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই উদ্দেশ্য আগত ৰাখিয়ে  দেশৰ ভিতৰতে প্ৰথম বাৰৰ বাবে অসমত এই সেৱাৰ শুভাৰম্ভ কৰিব বুলি ঘোষণা কৰিছিল । আজি সেই সেৱাক বাস্তৱ ৰূপ দিয়া বুলি গৌতম দাসে সদৰি কৰে ।  আনহাতে অনুষ্ঠানত চি এছ চি সমূহে  সন্মুখীন হোৱা বিভিন্ন সমস্যা সন্দৰ্ভত  পুংখানুপুংখ আলোচনা কৰাৰ লগতে এইসমূহৰ সমাধানৰ ব্যৱস্থা কৰা  সন্দৰ্ভত মত বিনিময় কৰা হয় । অনুষ্ঠানত  কামৰূপ মহানগৰ জিলাৰ ডেৰ শতাধিক চি এছ চিৰ  প্ৰতিনিধি , এন আই চিৰ কেবাজনো বিষয়া , কাৰিকৰী বিশেষজ্ঞ , কামৰূপ মহানগৰ জিলাৰ ডি টি অ  কাৰ্যালয়ৰ যান বাহন পৰিদৰ্শক , প্ৰৱৰ্তক পৰিদৰ্শকসহ কৰ্মচাৰী সকল উপস্থিত থাকে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here