পশুপালন আৰু পশুচিকিৎসা বিভাগৰ সঞ্চালকালয়ত সংহত নমুনা জৰীপ প্ৰতিবেদনৰ তথ্যপুথিৰ শুভ উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 17 August 2022

পশুপালন আৰু পশুচিকিৎসা বিভাগৰ সঞ্চালকালয়ত সংহত নমুনা জৰীপ প্ৰতিবেদনৰ তথ্যপুথিৰ শুভ উন্মোচন

 






W7s news গুৱাহাটী:  মহানগৰীৰ চেনিকুঠীস্থ পশুপালন আৰু পশুচিকিৎসা বিভাগৰ সঞ্চালকালয়ৰ তথ্য আৰু প্ৰদৰ্শনী শাখাৰ সভাগৃহত বুধবাৰে

সংহত নমুনা জৰীপ প্ৰতিবেদন, ২০১৯-২০ শীৰ্ষক তথ্যপুথি খন উন্মোচন কৰে পশুপালন আৰু পশুচিকিৎসা বিভাগৰ সঞ্চালক তথা সচিবৰূপে কৰ্মৰত ইন্দিৰা আৰ কলিতাই। পৰিসংখ্যা শাখাৰ পৰিদৰ্শক পুলকেশ ৰায় বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত বিভাগৰ অতিৰিক্ত সঞ্চালক ডা: দিলীপ কুমাৰ ভূঞা, পৰিকল্পনা বিষয়া ডা: দণ্ডেশ্বৰ ডেকা,যুটীয়া সঞ্চালক ডা: প্ৰবীণ দাস আৰু অতিৰিক্ত সঞ্চালক ডা: এল থিকে বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে। অলপতে অসম চৰকাৰে ভাৰতীয় প্ৰশাসনিক পদলৈ পদোন্নতি দিয়া সন্দৰ্ভত ইন্দিৰা আৰ কলিতাক এখন ফুলাম গামোচা আৰু এখন শুভেচ্ছামূলক পত্ৰেৰে বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা অনুষ্ঠানটোত উদ্বোধক হিচাপে তেওঁ কয়, "পশুপালন আৰু পশুচিকিৎসা বিভাগৰ পৰিসংখ্যা শাখাই প্ৰতি বছৰে এই গুৰুত্বপূৰ্ণ  নথিখন উলিয়াই ভাৰত চৰকাৰক অত্যন্ত লাগতিয়াল গাখীৰ,কণী আৰু মাংসৰ জৰীপ প্ৰতিবেদন ঐকান্তিক প্ৰচেষ্টাৰে দি আহিছে। ই নিশ্চিতভাৱে সাফল্যৰ এক বোৱতী ধাৰা"। জ্যেষ্ঠ গৱেষণা বিষয়া প্ৰমথেশ ভট্টাচাৰ্যই অতি বিস্তাৰিত ভাৱে বিভাগটোৰ কাৰ্যকলাপ, তথ্যপাতিৰ প্ৰয়োজনীয়তা, খালি পদ পূৰণৰ ক্ষেত্ৰত ব্যৱস্থা লোৱা আদি কথাকলৈ এক সুন্দৰ পৰ্যালোচনা দাঙি ধৰে। আন কেইবাজনো বক্তাই মনোভাৱ ব্যক্ত কৰা অনুষ্ঠানটোত পৰিসংখ্যা শাখাত কৰ্মৰত নৱাব আলীক ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰসিদ্ধ প্ৰশিক্ষক হিচাপে উষ্ম অভিনন্দন জ্ঞাপন কৰে আয়োজক সকলে।  অনুষ্ঠানটোত ডা: জগন্নাথ কলিতা, ডা: জ্যোতি কলিতা, উৎপল ভৰদ্বাজ, ডা: ভূপেশ ভট্টাচাৰ্য, কামাৰুদ্দিন আহমেদ, বিচিত্ৰ মেধি, শৈলেন কলিতা, হৰমোহন দাস, নৃপেন কলিতা, নয়নজ্যোতি দাস, ৰঞ্জিত বৰ্মন, মাধৱ শৰ্মা, চৰিফা বেগম, মীৰা দাস, দীপক কাকতি, ৰফিক আলীসহ প্ৰায় অৰ্ধ শতাধিক লোক উপস্থিতি থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here