নখনকৈ গ্ৰন্থ উন্মোচনেৰে দিশপুৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 28 August 2022

নখনকৈ গ্ৰন্থ উন্মোচনেৰে দিশপুৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন

 

 W7s news গুৱাহাটী :


   অসমৰ ৰাজধানীৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান দিশপুৰ মহাবিদ্যালয়ৰ চতুৰ্চত্বাৰিংশতম প্ৰতিষ্ঠা দিৱস আজি বিভিন্ন কাৰ্যসূচীৰে মহাবিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হয় । এই উপলক্ষে পুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড⁰ নৱজ্যেতি বৰাই পতাকা উত্তোলন আৰু উপাধ্যক্ষ ড⁰ সুনীতা আগৰৱালাই শ্বহীদ তৰ্পন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । মহাবিদ্যালয়ৰ গৱেষণা উদ্ভাৱন আৰু প্ৰসাৰ কোষৰ উদ্যোগত  ‘এনপ্লয়মেন্ট অন হুইল’ কাৰ্য্যক্ৰমৰ অন্তৰ্গত তিনিখন বিশেষভাৱে নিৰ্মিত বাহন পদপথৰ তিনিগৰাকী ব্যৱসায়ীলৈ আনুষ্ঠানিকভাৱে প্ৰদান কৰি ড⁰ নৱজ্যেতি বৰাই কয় যে মহাবিদ্যালয়লৈ আহোতে পদপথত ‘চাট হাউচ’ আদি খুলি বাটৰুৱাৰ অসুবিধা সৃষ্টি কৰা এই ক্ষুদ্ৰ ব্যৱসায়ীসকলক পৰ্য্যায়ক্ৰমে উন্নতকৰণ কৰি জীৱন-নিৰ্ব্বাহত সহায়ৰ হাত আগবঢ়োৱাৰ লগতে পৰিৱেশ অনূকুল ব্যৱস্হাৰ সৃষ্টি কৰাটো আমাৰ বিনম্ৰ প্ৰয়াস আৰু সফল হ’লে এই কাৰ্য্যসূচী অদূৰ ভৱিষ্যতে আৰু অধিক সম্প্ৰসাৰণ কৰাৰ আচঁনি যুগুত কৰা হৈছে । দুপৰীয়া ১১ বজাত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহৰ পাছতে মুকলি সভা অনুষ্ঠিত হয় । মুকলি সভাত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড⁰ বলেন্দ্ৰ কুমাৰ দাস, সাহিত্য অকাডেমী বটা প্ৰাপক দিগন্ত বিশ্ব শৰ্মা, সংগীত শিল্পী তৰালী শৰ্মা আৰু সুদক্ষ দৌৰবিদ হিমা দাসে মহাবিদ্যালয়ৰ প্ৰকাশন বিভাগৰ দ্বাৰা  প্ৰকাশিত ন খন গ্ৰণ্হ, যথাক্ৰমে অসমীয়া ভাষা সাহিত্য-সংস্কৃতিৰ বিবিধ ব্যঞ্জনা- সম্পাদক ড⁰ মালবিকা ভট্টাচাৰ্য্য ; এক্সপ্লোৰিং দি পাৰাডিমচ অফ নৰ্থ ইষ্ট ইণ্ডিয়া-সম্পাদক ড⁰ অজয় কুমাৰ ডেকা ; ৰিচেণ্ট ট্ৰেণ্ড ইন ইডুকেচন- সম্পাদক ড⁰ সুনিতা আগৰৱালা ; ইকোনোমিক ৰিফৰ্ম এণ্ড ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট ইন নৰ্থ-ইষ্ট  : হেডিং টুৱাৰ্ডচ চাচটেইনেবল ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট- সম্পাদক ড⁰ মনালিছা ভট্টাচাৰ্য্য, ৰিক্ৰিটিকিং শেক্সপিয়েৰ-সম্পাদক ড⁰ সণ্জীৱ কুমাৰ শৰ্মা, এ গ্লিমচ অফ হিষ্টোৰিকেল এচামিচ অমেন- সম্পাদক নাজনিন আৰা ৰহমান, ব্যৱস্হাপনা আৰু বিত্ত বিভাগৰ ‘হৰাইজন’ যুটীয়াভাৱে সম্পাদনা ড⁰ মনালিছা চৌধুৰী আৰু ড⁰ মথুৰ বৰ্মন, দৰ্শানুৰাগী -সম্পাদক ড⁰ প্ৰনিতা শৰ্মা, জেণ্ডাৰ ইকুইলিটি এণ্ড অমেন এম্পাৱাৰমেণ্ট : এ কণ্টেমপোৰাৰি চাউথ ইষ্ট এছিয়ান প্ৰচপ্ৰেক্টিভ- সম্পাদক ড⁰ শিখা জ্যোতি ডেকা, উন্মোচন কৰে ।  

    সভাপতি ড⁰ বলেন্দ্ৰ কুমাৰ দাসে বৃহত্তৰ গণেশগুৰি ব্যৱসায়ী সণ্হাৰ প্ৰতিনিধি, দক্ষিণ গুৱাহাটী অঞ্চলৰ ৰাইজ; মহাবিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সদস্য, শিক্ষাগুৰু, ছাত্ৰ-ছাত্ৰী সকলোকে শ্ৰদ্ধাৰে সোঁৱৰে আৰু তেওঁলোকৰ অৱদানৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে । দৌৰবিদ হিমা দাসে মহাবিদ্যালয়ৰ শৰীৰ চৰ্চাৰ বাবে সমস্ত সজুলি সম্পন্ন কোঠা উদ্বোধন কৰে আৰু ভাষণ প্ৰসঙ্গত অসমৰ ৰাজধানী দিশপুৰৰ সৈতে জড়িত নামটোৰ বাবে মহাবিদ্যালয়খনত আগশাৰীৰ মহাবিদ্যালয় হিচাবে সুনাম অক্ষুন্ন ৰাখিবলৈ ঢাপে ঢাপে উন্নতি কৰিছে আৰু আগবাঢ়ি যাবলৈ ছাত্ৰ-ছাত্ৰীসকলক প্ৰেৰণা যোগায় ভাষণ প্ৰদান কৰে । সুকণ্ঠী গায়িকা তৰালী শৰ্মাই তেওঁৰ ভাষণত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰী প্ৰাধ্যাপক ড⁰ বিৰিঞ্চি কুমাৰ মেধি ৰচিত গীতত সুৰ প্ৰদান কৰি দিশপুৰ মহাবিদ্যালয়ক অৰ্পন কৰা গীতটো ছাত্ৰ-ছাত্ৰীসকলে মন পৰশাকৈ পৰিবেশন কৰা বাবে আটাইকে ধন্যবাদ জনায় লগতে হৃদয় চুই যোৱা, হৃদয়ৰ ভাষা, অনুভূতি যাতে সকলোৱে অনুভৱ কৰিব পাৰে তাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায় । সাহিত্য অকাডেমী বঁটা বিজয়ী দিগন্ত বিশ্ব শৰ্মা মুখ্য অতিথিৰ ভাষণত আধুনিক শিক্ষা ব্যৱস্হাত ভাৰতবৰ্ষৰ আধ্যাত্মিক পৰম্পৰা সম্পৰ্কে বিভিন্ন দৃষ্টিভংগী দাঙি ধৰে আৰু নতুন শিক্ষানীতিত নিয়োগ লাভ কৰিব পৰাতকৈ নিয়োগ সৃষ্টি কৰিব পৰা শিক্ষাহে প্ৰয়োজনীয় বুলি মত পোষণ কৰে । সভাত ২০২০-২১ আৰু ২০২১-২২ বৰ্ষৰ সৰ্ব্বোচ্চ নম্বৰ লাভ কৰা যথাক্ৰমে স্বৰ্ণালী কলিতা, সুহান খানক বটা প্ৰদান কৰে । সভাত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বলেন্দ্ৰ কুমাৰ দাসে অসম কামৰূপ কামাখ্যাৰ দেশ । মাতৃপ্ৰধান আমাৰ ৰাজ্যখনত নাৰীসকলক যথাযোগ্য মৰ্য্যদা দিব লাগে সেয়েহে ছাত্ৰ-ছাত্ৰীসকলে সৰুৰে পৰা সম-অধিকাৰৰ ধাৰণাৰে শিক্ষা গ্ৰহণত গুৰুত্ব দিয়া উচিত । সভাত পৰিচালনা সমিতিৰ সদস্য ড⁰ পদ্মা শৰ্মা, ড⁰ চন্দনা শৰ্মা আৰু কণক গোস্বামীয়ে চমু বক্তব্য প্ৰদান কৰে । আবেলি সাংস্কৃতিক সন্ধিয়াত ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপক-অধ্যাপিকাসকলে গীত-মাত পৰিবেশন কৰি সন্ধিয়া চৌহদত আলোকসজ্জা আৰু বন্তি বন্তি প্ৰজ্জ্বলনেৰে দিনযোৰা কাৰ্য্যসূচীৰ সামৰণি পৰে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here