বাওঁ যুৱ-ছাত্ৰ সংগঠনৰ শিক্ষা অভিৱৰ্তন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 30 August 2022

বাওঁ যুৱ-ছাত্ৰ সংগঠনৰ শিক্ষা অভিৱৰ্তন

 



W7s news গুৱাহাটী : গুৱাহাটীৰ বিষ্ণু-নিৰ্মলা ভৱনত মঙলবাৰে বাঁও যুৱ-ছাত্ৰ সংগঠন ডি ৱাই এফ আই, এ আই ৱাই এফ, এ আই ডি ৱাই অ', এছ এফ আই, এ আই এছ এফ, এ আই এছ এ, এ আই ডি এছ অ'ই  ৰাজহুৱা শিক্ষা ব্যৱস্থা ৰক্ষা কৰা, শিক্ষানুষ্ঠান বন্ধ কৰাৰ সিদ্ধান্ত বাতিল কৰা, ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীৰ সমস্যা সমাধানৰ দাবীত এক শৈক্ষিক অভিৱৰ্তন অনুষ্ঠিত কৰে। অভিৱৰ্তনখন উদ্বোধন কৰে প্ৰাথমিক শিক্ষক সম্মিলনিৰ সভাপতি ৰাতুল গোস্বামীয়ে। আলোচনা আগবঢ়ায় গুৱাহাটী উচ্চ ন্যায়াপয়ৰ অধিবক্তা শান্তনু বৰঠাকুৰ, প্ৰাক্তন অধ্যাপক জয়নাল আবেদিন, বিশিষ্ট নিবন্ধকাৰ কিশোৰ কলিতা, চেভ এডুকেশ্বনৰ অসম ৰাজ্যিক উপসভাপতি আব্দুছ চুবুৰ, সদৌ অসম টিউটৰ শিক্ষক সন্থাৰ জীৱন তালুকদাৰ, শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ ৰাজ্যিক যুটীয়া সম্পাদক তিলক দাস, এছ এফ আইৰ ৰাজ্যিক সম্পাদক নিৰংকুশ নাথ, ডি এছ অ'ৰ প্ৰজ্বল দেৱ, এ আই এছ এফৰ প্ৰণৱ দলে, ডি ৱাই অ'ৰ বিৰিঞ্চি পেগুৱে। কৃষ্ণ গগৈ, ৰুস্তম আলী, জিতেন্দ্ৰ চলিহা আৰু সুব্ৰত তালুকদাৰকলৈ গঠিত সভাপতি মণ্ডলীয়ে অভিৱৰ্তন পৰিচালনা কৰে। শিক্ষা প্ৰস্তাৱ উত্থাপন কৰে ৰিতু ৰঞ্জন দাসে। শৈক্ষিক প্ৰস্তাৱত মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় দুটাক ইংৰাজী ভাষাত শিকোৱাৰ অবৈজ্ঞানিক আৰু শিক্ষাবিৰোধী সিদ্ধান্ত অবিলম্বে বাতিল কৰা, ভেন্সাৰ শিক্ষানুষ্ঠানৰ সকলো পদ  বৈষম্যহীনভাবে প্ৰাদেশিকীকৰণ কৰাৰ ব্যৱস্থা কৰা, টিউটৰসকলক পূৰ্ণ পৰ্যায়ৰ শিক্ষকৰ আৰু তৃতীয়-চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক পূৰ্ণ পৰ্যায়ৰ কৰ্মচাৰীৰ মৰ্যাদা প্ৰদান কৰা, বিদ্যালয় বন্ধ প্ৰক্ৰিতা বাতিল কৰা, মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত প্ৰাথমিক পৰাই গুৰুত্ব সহকাৰে ইংৰাজী শিকোৱাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰা হয়। আজিৰ অভিৱৰ্তনে সিদ্ধান্ত গ্ৰহণ কৰে যে  বাঁও যুৱ-ছাত্ৰ সংগঠনসমূহে অতি শীঘ্ৰে শিক্ষা মন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰিব আৰু গ্ৰহণ কৰা প্ৰস্তাৱৰ ভিত্তিত আন্দোলন সংগ্ৰাম গঢ়ি তুলিব। ইয়াৰ লগতে অভিৱৰ্তনে শিক্ষকসকলৰ আন্দোলনলৈও সমৰ্থন আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সংগঠনসমূহে কয় যে অসম চৰকাৰৰ শেহতীয়া সিদ্ধান্তই অসমৰ শৈক্ষিত আৰু সচেতন সমাজৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে । চৰকাৰে উদ্ভট আৰু নিষ্ঠুৰ সিদ্ধান্ত কিছুমান ৰাইজৰ ওপৰত জাপি দিছে আৰু সেয়া অসম আৰু অসমীয়া জাতিৰ মঙ্গলৰ কাৰণে কৰিছে বুলি অবিৰাম প্ৰচাৰ চলাইছে। বিজেপি দলে প্ৰথম বাৰ ক্ষমতালৈ অহাৰ পাছতে নিজৰ গোপন এজেণ্ডা শিক্ষা ক্ষেত্ৰত জাপি দিবলৈ চেষ্টা কৰিছে, কিন্তু দ্বিতীয় বাৰলৈ ক্ষমতালৈ অহাৰ পাছত বিশেষকৈ ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব  লোৱাৰ পাছত ইয়াক স্বৈৰাচাৰী আৰু নিষ্ঠুৰভাৱে আগুৱাই নিছে। আজিৰ অভিৱৰ্তনে লক্ষ্য কৰে যে  ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদ , বুদ্ধিজীৱী, ভাষাবিদ , শিক্ষা গৱেষণাৰ লগত যক্ত ব্যক্তি, শিক্ষক সংগঠন তথা ছাত্ৰ-যুৱ সংগঠনসমূহৰ লগত কোনোধৰণৰ আলাপ-আলোচনা নকৰাকৈ ৰাজ্য চৰকাৰে একপক্ষীয়ভাবে ৰাজহুৱা খণ্ডৰ মাতৃভাষা মাধ্যমৰ স্কুলসমূহত তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত শিকোৱাৰ সিদ্ধান্তৰ বিৰোধিতা কৰে । বাওঁপন্থী যুৱ-ছাত্ৰ সংগঠনসমূহেও শিশুক মাতৃভাষাৰ জৰিয়তে শিক্ষাদানৰ পক্ষে দৃঢ় মত পোষণ কৰো আৰু ইয়াৰ ব্যতিক্ৰম হ'লে সমাজত সুদূৰপ্ৰাসাৰি প্ৰভাৱ পৰিব বুলি মন্তব্য কৰে। মাধ্যম বিতৰ্কৰ সলনি চৰকাৰে ৰাজহুৱা শিক্ষা উন্নত কৰাৰ দাবী উত্থাপন কৰে সংগঠনসমূহে। উল্লেখযোগ্য যে ৰাজ্যখনত এতিয়ালৈ ২৮২৯০ টা শিক্ষকৰ পদ খালী হৈ আছে; ৩,৭২৬ নিম্ন প্ৰাথমিক বিদ্যালয় এজনীয়া শিক্ষকৰে চলি আছে, মাধ্যমিক বিদ্যালয়ত ৩৯,২৭৬ জন শিক্ষক অপ্ৰশিক্ষিত। উচ্চ মাধ্যমিক স্তৰৰ ৫২. ৪ শতাংশ ছাত্ৰী আৰু ৪২.৭ শতাংশ ছাত্ৰই ফেইল কৰে।

ভেন্সাৰ শিক্ষানুষ্ঠানসমূহ হৈছে ৰাইজে নিজৰ ল'ৰা-ছোৱালীক শিক্ষিত কৰি তোলাৰ এক অন্যতম প্ৰয়াস।  স্বাধীনতাৰ পিছত আমাৰ ৰাজ্যত চৰকাৰে নামমাত্ৰ কেইখনমান স্কুল কলেজ গঢ়ি তুলি দায়িত্ব সামৰিছিল । শিক্ষা বিস্তাৰৰ দায়িত্ব চৰকাৰৰ সলনি বিভিন্ন অঞ্চলৰ শিক্ষা প্ৰেমী সচেতন ৰাইজ, বিশেষকৈ শিক্ষিত যুবকসকলৰ অসীম ত্যাগ , পৰিশ্ৰম তথা ৰাইজৰ দান বৰঙণিৰে ভেন্সাৰ শিক্ষাপ্ৰতিষ্ঠানসমূহ গঢ়ি উঠে । পৰবৰ্তীসময়ত চৰকাৰে জনমতৰ হেঁচাত  সেইবোৰ প্ৰতিষ্ঠানক প্ৰাদেশিকীকৰণ কৰে । প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালত আৰু তেতিয়াৰ শিক্ষামন্ত্ৰী তথা আজিৰ মুখ্যমন্ত্ৰীজনৰ দিনত প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰে। ২০১৩ চনৰ প্ৰাদেশিকীকৰণ আইনৰ অধীনত (পৰৱৰ্তী সময়ত উচ্চ ন্যায়ালয়ে আইনখন অবৈধ ঘোষণা কৰে) প্ৰাদেশিকীকৰণ কৰে যদিও বৃহৎ সংখ্যক শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰী এই প্ৰক্ৰিয়াৰ পৰা বাদ পৰি যায়। বাকী থকা শিক্ষক-কৰ্মচাৰীৰ পদসমূহ প্ৰাদেশিকীকৰণৰ প্ৰতিশ্ৰুতিৰে বিজেপি চৰকাৰ ক্ষমতালৈ আহে। এই চৰকাৰখনে নিজে দিয়া প্ৰাদেশিকীকৰণৰ প্ৰতিশ্ৰুতি পাহৰি দীৰ্ঘদিনে শিক্ষক-কৰ্মচাৰী সকলক প্ৰতাৰণা কৰে। অৱশেষত আন্দোলনৰ হেঁচাত প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰে যদিও নানা চৰ্ত আৰোপ কৰে। প্ৰাদেশিকীকৰণৰ নামত বৃহৎ সংখ্যক শিক্ষকক টিউটৰলৈ ৰূপান্তৰিত কৰে। একেই শিক্ষক অথচ প্ৰথম পৰ্যায়ৰ প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়াত পূৰ্ণাংগ শিক্ষকৰ মৰ্যাদা পালে আৰু আন একাংশই দ্বিতীয় পৰ্যায়ত টিউটৰ মৰ্যাদা পালে। আচৰিত কথা হৈছে, তৃতীয় আৰু চতুৰ্থ পৰ্যায়ৰ পদত বিশেষ শৈক্ষিক যোগ্যতাৰ প্ৰয়োজন নাই, কিন্তু সেইসকল প্ৰাৰ্থী পূৰ্ণ পৰ্যায়ৰ কৰ্মচাৰী মৰ্যাদা দিয়াৰ সলনি ফিক্সড পে' কৰ্মচাৰীৰ মৰ্যাদা দিলে। আনহাতে চাকৰিত থাকিয়ে বি এড ডিগ্ৰী বা ডিপ্লমা অৰ্জনৰ যি সুবিধা পাব লাগে সেই সুবিধাৰ পৰাও টিউটৰসকল বঞ্চিত হৈছে। শিক্ষকসকলক টিউটৰৰ মৰ্যাদা দিয়াৰ অন্তৰালত চৰকাৰে যি যুক্তি দিছে সেয়া অতি বিভ্ৰান্তিকৰ। আজিৰ পৰা ২৫-৩০ বছৰ আগতে চৰকাৰী নিয়ম অনুযায়ী নিযুক্তি পোৱা শিক্ষক সকলোক আজিৰ আইনেৰে যোগ্যতা নিৰূপণ কৰিব বিচৰাতো অতি অন্যায়। বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ দাবী হ'ল টিউটৰসকলক শিক্ষকৰ মৰ্যাদা দি উপযুক্ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰক। তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী সকলক  ফিক্সড পে'ৰ কৰ্মচাৰী কৰি ৰাখি যি অন্যায় কৰিছে তাক শিঘ্ৰে আঁতৰ কৰক। ভেন্সাৰ শিক্ষানুষ্ঠানৰ লগত অতি গৰিব, পিছ পৰা অঞ্চলৰ বহু ছাত্ৰ-ছাত্ৰীৰ ভবিষ্যত জৰিত হৈছে আছে। ই দুৰ্বল হৈ পৰা মানে বৃহৎ অংশৰ ছাত্ৰ-ছাত্ৰী বঞ্চিত হৈ পৰিব। বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ আজিৰ অভিৱৰ্তনে গভীৰ উদ্বেগেৰে লক্ষ্য কৰে যে সমগ্ৰ দেশৰ লগতে অসমতো বিদ্যালয় বন্ধ প্ৰক্ৰিয়া দ্ৰুত গতিত আৰম্ভ কৰিছে। বিদ্যালয় একত্ৰীকৰণৰ নামত দুখ বিদ্যালয় এখন কৰা হৈছে, অৰ্থাৎ চিৰদিনৰ বাবে এখন বিদ্যালয় বন্ধ কৰি দিয়া হৈছে। ছাত্ৰ-ছাত্ৰীৰ অভাৱ আৰু বিদ্যালয়ৰ বিশেষকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল বেয়াৰ উজুহাতত বিদ্যালয় বন্ধ কৰা হৈছে। বিজেপি চৰকাৰৰ দিনত প্ৰায় ৬ হাজাৰ বিদ্যালয় বন্ধ কৰিছে। এই বছৰতে পুনৰ ১৭১০ খন প্ৰাথমিক বিদ্যালয় আৰু ১৯৫ খন হাইস্কুল বন্ধ কৰিব। চৰকাৰী জাননীত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে বন্ধ কৰা বিদ্যালয়ৰ মাটি-সম্পত্তি চৰকাৰী সম্পত্তি হিচাপে বিবেচিত হ'ব। গুজৰাট, মধ্যপ্ৰদেশ, মুম্বাই, দিল্লীত হাজাৰ হাজাৰ বিদ্যালয় বন্ধ কৰি সেই সম্পত্তি কোনো ব্যক্তিগত মালিকক ব্যক্তিগত বিদ্যালয় খুলিবলৈ অথবা শ্ব'পিং ম'ল খুলিবলৈ লিজত দিছে।  অসমৰ ক্ষেত্ৰতো একেই ঘটনা ঘটিব। বিদ্যালয় বন্ধ কৰি চৰকাৰে ইয়াৰ সম্পত্তিসমূহ নিজৰ হাতলৈ নিব আৰু পৰৱৰ্তী পৰ্যায়ত কোনো ব্যৱসায়ী প্ৰতিষ্ঠান বা মালিকক সেই সম্পত্তি লিজত দিব। বিদ্যালয় এখনৰ ফলাফল ভাল বেয়াৰ বাবে কেইজমান শিক্ষকক দায়ী বুলি যি যুক্তি দিছে সেই যুক্তি আমি ঘোৰ বিৰোধী। শিক্ষানুষ্ঠানৰ সুস্থ শৈক্ষিক পৰিৱেশৰ লগত পৰ্যাপ্ত গুণগত শিক্ষকৰ লগতে উপযুক্ত আন্তঃগাঁথনি, সময় মতে পাঠ্যপুথিৰ যোগা, বিদ্যালয় পৰিদৰ্শকৰ নিৰিক্ষণ আৰু চৰকাৰৰ দৃষ্টিভংগী জৰিত জৰিত হৈ থাকে।  কিন্তু চৰকাৰে কেৱল শিক্ষক সমাজৰ ওপৰতে সমস্ত দোষ জাপি দিব বিচাৰে। বছৰ পাছত বছৰ যেতিয়া শিক্ষকৰ পদ খালী হৈ থাকিব তেনে বিদ্যালয়ত কোনো অভিভাবকে ল'ৰা-ছোৱালী পঢ়ুৱাবলৈ ইচ্ছা নকৰিব। আনহাতে এইখ্ন চৰকাৰে বিভিন্ন অজুহাতত চৰকাৰী খণ্ডৰ স্কুলসমূহত আৰ্থিক অভাৱৰ কথা কৈ আদৰ্শ স্কুলসমূহত মাহিলী ৩০০ টকা ফিজ ধাৰ্য কৰিছে । আনপিনে স্কুলসমূহৰ আন্তঃগাঁথনিৰ বাবে ৰাইজৰ পৰা দান বৰঙণি সংগ্ৰহ কৰাৰ বাবে শিক্ষক সকললৈ নিৰ্দেশ দিছে। আচলতে শিক্ষানুষ্ঠানসমূহক ( PPP Model ) ত গঢ়ি তুলি ব্যৱসায়ীকৰণৰ প্ৰত্যক্ষ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । 

আজি অভিৱৰ্তনে চৰকাৰৰ  ছাত্ৰ-শিক্ষক বিৰোধী সিদ্ধান্তসমূহৰ বিৰুদ্ধে আৰু অসমৰ ৰাজহুৱা শিক্ষাখণ্ড ৰক্ষাৰ দাবীত তীব্ৰ প্ৰতিবাদ সংগঠিত কৰিব বুলি ঘোষণা কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here