ট্ৰুকলাৰে মুকলি কৰিলে অত্যন্ত উন্নত আইফোন এপ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 30 August 2022

ট্ৰুকলাৰে মুকলি কৰিলে অত্যন্ত উন্নত আইফোন এপ




 W7s news গুৱাহাটী: বিশ্বৰ আগশাৰীৰ গোলকীয় যোগাযোগ প্লেটফৰ্ম ট্ৰুকলাৰে আজি সমগ্ৰ বিশ্বৰ ব্যৱহাৰকাৰীসকলৰ বাবে তেওঁলোকৰ আইফোন এপৰ সম্পূৰ্ণ নতুন সংস্কৰণ মুকলি কৰিছে। আইফোন ব্যৱহাৰকাৰীসকলৰ বৰ্তমানলৈকে বাবে কলাৰ আইডি আৰু স্পাম ব্লকাৰৰ সুবিধা উপলব্ধ নাছিল। গ্ৰাহকসকলে এই সমস্যাৰ সমাধানৰ বাবে দাবী জনাই আহিছিল আৰু সেইবাবে শেহতীয়াকৈ ট্ৰুকলাৰে ইয়াৰ এটা উন্নতমানৰ সমাধান প্ৰস্তুত কৰি উলিয়াইছে।'আমি ব্যৱহাৰকাৰীসকলক কল এলাৰ্ট, কল ৰিজন, আৰু সুবিধাজনক ছাৰ্চ এক্সটেন্শ্যনৰ দৰে অধিক শক্তিশালী বৈশিষ্ট্য প্ৰদান কৰিবলৈ এপলৰ প্লেটফৰ্মৰ ভিতৰত উদ্ভাৱনমূলক কাম-কাজ কৰি আছোঁ," ট্ৰুকলাৰৰ সহ-প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া এলান মামেদীয়ে কয়।"এই আপডেটটো বহুতো আইফোন ব্যৱহাৰকাৰীৰ বাবে দীঘলীয়া বিৰতিৰ পাছত আহিছে, আৰু এতিয়া আমি তেওঁলোকক স্পাম আৰু কেলেংকাৰীৰ সৰ্বোত্তম চিনাক্তকাৰী সুবিধা প্ৰদান কৰিব পাৰিছোঁ যাতে তেওঁলোকে সঁহাৰি দিব বিচৰা যোগাযোগসমূহৰ পৰা অপ্ৰয়োজনীয় বিষয়বস্তুবোৰ পৃথক কৰিব পাৰে।”

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here