W7s news গুৱাহাটী: পূৱ-গুৱাহাটী বিহু সন্মিলন আৰু গুৱাহাটী সাংস্কৃতিক আৰু ক্ৰীড়া সংগঠনৰ যৌথ উদ্যোগত পূব-গুৱাহাটী ৰাজ্যিক চিকিৎসালয়ৰ সহযোগত সোমবাৰে সন্মিলনৰ প্ৰেক্ষাগৃহত বিনামূলীয়া ক'ভিড টিকাকৰণ শিবিৰৰ আয়োজন কৰা হয়। পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা এই শিবিৰত তিনি শতাধিক লোকক ক'ভিড ভেকচিনৰ দ্বিতীয় পালিৰ লগতে বুষ্টাৰ ড'জ দিয়া হয়। এই কাৰ্যসূচীত
সন্মিলনৰ সভাপতি বিপুল তালুকদাৰ আৰু সাধাৰণ সম্পাদক সীমান্ত ঠাকুৰীয়াই পূৱ-গুৱাহাটী বিহু সন্মিলনে অনাগত সময়ত এনে ধৰণৰ
সামাজিক দায়বদ্ধতা কাৰ্যসূচী গ্ৰহণ কৰি যাব বুলি কয়।
No comments:
Post a Comment