W7s news গুৱাহাটী: প্ৰিমিয়াম স্পৰ্টছ বাইক ব্ৰেণ্ড, চিএফ মোটোৱে মঙলবাৰে গুৱাহাটীত নিজৰ শ্ব'ৰুম মুকলি কৰে।সদ্যহতে তেওঁলোকে গুৱাহাটীৰ চান্দমাৰীস্থিত তেওঁলোকৰ শ্ব’ৰুমত ৩০০এনকে, ৬৫০এনকে, ৬৫০এমটি, ৬৫০জিটিৰ দৰে মডেল মুকলি কৰিছে। এই উপলক্ষে, অসমীয়া ছুপাৰষ্টাৰ ৰবি শৰ্মাই শ্ব'ৰুমটো উদ্বোধন কৰি কয়, "উত্তৰ-পূবৰ বাইক প্ৰেমীসকলৰ বাবে, বিশেষকৈ গুৱাহাটীৰ বাবে এইটো এটা বিশেষ দিন, মেনেজমেণ্টলৈ বহুত অভিনন্দন, ইয়াৰ জৰিয়তে আমি সকলোৱে বাইক চালনাৰ অত্যন্ত সুখকৰ অভিজ্ঞতা লাভ কৰিম বুলি মই নিশ্চিত।"অনুষ্ঠানটোত চিএফ মোটোৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীযুত ভামশী কৃষ্ণাই কয়,"উত্তৰ-পূবৰ মূখ্যদ্বাৰ হিচাপে চিহ্নিত গুৱাহাটীত চিএফ মোটোৰ প্ৰথমটো শ্ব'ৰুম মুকলি কৰি আমি অতি উৎসাহিত আৰু আনন্দিত, আগন্তুক সময়ত আমি আমাৰ সন্মানীয় গ্ৰাহকসকলৰ প্ৰয়োজনীয়তা আৰু চাহিদা পূৰণ কৰিবলৈ সক্ষম হ’ম বুলি মই নিশ্চিত। অনাগত দিনবোৰত আমি উত্তৰ-পূবৰ আন ৰাজ্যসমূহতো আমাৰ শ্ব'ৰুম স্থাপন কৰিম।"
৩০০এনকে ৬৫০এনকে, ৬৫০এমটি, ৬৫০ জিটিৰ বুকিং আৰু টেষ্ট ৰাইড বৰ্তমান তেওঁলোকৰ শ্ব’ৰুমত মুকলি কৰা হৈছে।
No comments:
Post a Comment