গুৱাহাটীৰ লোহিয়া হুণ্ডাইত মুকলি হ’ল অল-নিউ হুণ্ডাই টাকছন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 13 August 2022

গুৱাহাটীৰ লোহিয়া হুণ্ডাইত মুকলি হ’ল অল-নিউ হুণ্ডাই টাকছন

 



এইচ এম আইয়ে বছৰি ৫০০০ খন বিক্ৰীৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে 

অল-নিউ হুণ্ডাই টাকছনৰ যোগান লাভৰ বাবে অপেক্ষাৰ সময় হ’ব ৮-১০ মাহ 

অল-নিউ হুণ্ডাই টাকছন গাড়ীখন দেশজুৰি ১২৫ খন চহৰৰ ২৪৬ টা হুণ্ডাই ছিগনেচাৰ আউটলেটত উপলব্ধ হ’ব । 

অল-নিউ হুণ্ডাই টাকছনৰ প্ৰাৰম্ভিক এক্স-শ্বৰূম মূল্য হৈছে ২৭,৬৯,৭০০ টকা



W7s news গুৱাহাটী : দেশজুৰি মুকলি হোৱাৰ পাচত শনিবাৰে গুৱাহাটীৰ লোহিয়া হুণ্ডাইত কামৰূপ মেট্ৰ’ৰ সহকাৰী পৰিবহন আয়ুক্ত গৌতম দাসে আনুষ্ঠানিকভাৱে মুকলি কৰে অল নিউ হুণ্ডাই টাকছন এছ ইউ ভিখন । মুকলি অনুষ্ঠানত উপস্থিত থাকে লোহিয়া হুণ্ডাইৰ পৰিচালন সঞ্চালক ৰোহিত লোহিয়া আৰু মহাপ্ৰৱন্ধক সুৰজিত সোম ।  এই গাড়ীখন প্ৰতিষ্ঠানটোৰ এই ফ্লেগশ্বিপ এছ ইউ ভি খন হৈছে অত্যাধুনিক প্ৰযুক্তি আৰু আধুনিক গতিশীলতাৰ সঠিক উদাহৰণ । এই অল-নিউ হুণ্ডাই টাকছন মুকলি সন্দৰ্ভত হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডৰ এম ডি আৰু চি ই অ’ উনছু কিমে কয়, “ভাৰতীয় গ্ৰাহকৰ বাবে চতুৰ্থ প্ৰজন্মৰ হুণ্ডাই টাকছন এছ ইউ ভিখন মুকলি কৰি আমি আনন্দিত হৈছোঁ ।  ভাৰতত অল-নিউ হুণ্ডাই টাকছন মুকলিৰ জৰিয়তে বিশ্বমানৰ এখন এছ ইউ ভি আগবঢ়াই  গ্ৰাহকৰ কল্পনাক পুনৰুজ্জীৱিত কৰাই হৈছে আমাৰ অন্যতম লক্ষ্য । ২০২১ ৰ বিশ্বৰ ভিতৰতে হুণ্ডাইৰ সৰ্বাধিক বিক্ৰী হোৱা এই গাড়ীখনে প্ৰকৃত অৰ্থত গ্ৰাহকৰ কল্পনাক সন্মোহিত কৰিছে । ভাৰতত আমি গ্ৰাহকৰ প্ৰতি চিৰকাল প্ৰতিশ্ৰুতিবদ্ধ । এই গাড়ীখনত হুণ্ডাই স্মাৰ্টছেন্স আগবঢ়াই আমি পুনৰবাৰ আমাৰ লেভেল ২ এ ডি এ এছ প্ৰযুক্তিৰ জৰিয়তে হুণ্ডাইৰ ইঞ্জিনিয়াৰিং সক্ষমতা প্ৰদৰ্শন কৰিছোঁ ।“২৯ টা প্ৰথম আৰু বেষ্ট ইন ছেগমেন্ট বৈশিষ্ট্যৰে অল-নিউ হুণ্ডাই টাকছন হৈছে এই শাখাৰ আটাইতকৈ অত্যাধুনিক এছ ইউ ভি । এই গাড়ীখনত ৬০ তকৈ অধিক হুণ্ডাই ব্লুলিংক বৈশিষ্ট্য আগবঢ়োৱা হৈছে । ইয়াৰ শক্তিশালী ডিজেল ইঞ্জিনে ১৩৭ কিলোৱাট পাৱাৰ আৰু ৪১৬ এন এম টৰ্ক আগবঢ়াব । ইয়াৰ হুইলবেছ হ’ব ৪৬৩০  এম এম । পেৰামেট্ৰিক হিডেন এল ই ডি ডি আৰ এল আৰু লেম্পৰ সৈতে ইয়াৰ ডাৰ্ক ক্ৰম পেৰামেট্ৰিক ফ্ৰন্ট গ্ৰিলে অনন্য পৰিচয় বহন কৰিব । গাড়ীত প্ৰিমিয়াম অভিজ্ঞতা বিচৰা নতুন প্ৰজন্মক আকৰ্ষণ কৰিব পৰাকৈ ইয়াক ভৱিষ্যতমুখী আৰু নতুন ৰেডিকেল ডিজাইনত আগবঢ়োৱা হৈছে । কোমল স্পৰ্শৰ দোৱাৰ পেনেল আৰু ছিগনেচাৰ মেটেল ইনছাৰ্টছৰ সৈতে চামৰাৰ আসনে কেবিনক বিলাসী লুক প্ৰদান কৰিছে । অল-নিউ হুণ্ডাই টাকছন গাড়ীখনে গ্ৰাহকক ৬৪ কালাৰ এম্বিয়েন্ট লাইটিং বিকল্পৰ পৰা পছন্দৰ লাইটিং নিৰ্বাচন কৰাৰ সুবিধা দিব । গাড়ীখনত থকা ২৬.০৩ চি এম ফ্লটিং টাইপ ডিজিটেল ক্লাষ্টাৰত পাৰ্ছনেলাইজড থীম, টাৰ্ন-বাই-টাৰ্ন নেভিগেচন, ফ্ৰন্ট এণ্ড ৰিয়েৰ পাৰ্কিং ছেন্সৰ ডিছপ্লে, ড্ৰাইভাৰ মুড ছিলেক্ট আৰু মাল্টি টেৰেইন মুড ডিছপ্লে হৈ থাকিব ।যাত্ৰীৰ আৰামৰ প্ৰতি লক্ষ্য ৰাখি অল-নিউ হুণ্ডাই টাকছনত বিভিন্ন জলবায়ু নিয়ন্ত্ৰণৰ প্ৰযুক্তি সংযোগ কৰা হৈছে, য’ত আছে শাখাটোৰ ভিতৰতে প্ৰথম মাল্টি এয়াৰ মুড । গাড়ীখনত বছ প্ৰিমিয়াম ছাউণ্ড ৮ স্পীকাৰ ছিষ্টেম, হেইট এডজাষ্টমেন্টৰ সৈতে হেণ্ডছ ফ্ৰী স্মাৰ্ট পাৱাৰ টেইল গেট, ড্ৰাইভাৰ পাৱাৰ ছীট মেমৰি ফাংচন, ইলেক্ট্ৰিক পাৰ্কিং ব্ৰেক, ৱায়াৰলেছ ফোন চাৰ্জাৰ, ৰেইন ছেন্সিং ৱাইপাৰ্ছ, স্মাৰ্ট কীৰে ৰিমোট ইঞ্জিন ষ্টাৰ্ট, লাম্বাৰ ছাপৰ্টৰ সৈতে ১০ টা দিশত পাৱাৰ এডজাষ্টেবল ড্ৰাইভাৰ ছীট, ৮ টা দিশত পাৱাৰ এডজাষ্টেবল যাত্ৰীৰ আসন ইত্যাদিৰ দৰে স্মাৰ্ট আৰু প্ৰিমিয়াম বৈশিষ্ট্য সংযোগ কৰা হৈছে । তদুপৰি হুণ্ডাই ব্লুলিংকৰ সহায়ত অল-নিউ হুণ্ডাই টাকছনে ভয়চ ৰিকগনিচন কমাণ্ড আৰু অভাৰ দা এয়াৰ আপডেট আগবঢ়াব । ইয়াৰ ইনফোটেইনমেন্ট ছিষ্টেমে হাই ডেফিনিচন ৱাইব স্ক্ৰীণ, স্মাৰ্টফোন কানেক্টিভিটি, বহু ভাষাৰ সমৰ্থনৰ দৰে বিভিন্ন সুবিধা প্ৰদান কৰিব । যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গাড়ীখনত ৬টাকৈ (ফ্ৰন্ট ডুৱেল, ছাইড আৰু কাৰ্টেইন) এয়াৰবেগ আগবঢ়োৱা হৈছে । ইয়াৰ ২.০ লিটাৰ পেট্ৰল লাইন-আপক দুটা প্ৰকাৰত আৰু ২.০ লিটাৰ ডিজেল ইঞ্জিন তিনিটা প্ৰকাৰত আগবঢ়োৱা হৈছে । পেট্ৰলৰ প্লেটিনাম এ টি ট্ৰিম প্ৰকাৰৰ মূল্য হৈছে ২৭,৬৯,৭০০ টকা আৰু ছিগনেচাৰ এ টি ট্ৰিমৰ মূল্য হৈছে ৩০,১৭,০০০ টকা । একেদৰে ডিজেল ইঞ্জিনৰ তিনিটা প্ৰকাৰৰ মূল্য হৈছে – ৩০,১৯,৭০০ টকা (প্লেটিনাম এ টি), ৩২,৮৭,০০০ টকা (ছিগনেচাৰ এ টি) আৰু ৩৪,৩৯,০০০ টকা (ছিগনেচাৰ এ টি ৪ গব্ল ডি) । উল্লেখযোগ্য যে প্ৰিমিয়াম গাড়ীত প্ৰথমবাৰলৈ ১৬ বিধ এক্সেছৰিজৰ বিস্তৃত ৰেঞ্জ আগবঢ়োৱা হৈছে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here