তিনি আশ্ৰমলৈ এমাহৰ খাদ্য বিতৰণ
W7s news
গুৱাহাটী,: ন্যায়াধীশ ড° বি পি স্বৰাফৰ ৮৩ তম জন্ম জয়ন্তী উপলক্ষে আন্তর্জাতিক মানৱ অধিকাৰ পৰিষদ চমুকৈ আইএইচআৰচি গুৱাহাটী ছেপ্টাৰে আজি কেইবাটাও সামাজিক কাৰ্যসূচী ৰূপায়ণ কৰে। দক্ষিণ গাঁৱত ডেষ্টিনেশ্যন হ'ম, ৰিহাবাৰীৰ ড্ৰিম হ'ম আৰু কাহিলীপাৰাৰ আনন্দমার্গা আশ্ৰমৰ আৱাসীসকলৰ বাবে এমাহৰ শুকান ফল-মূল, নেপকিন, শাক-পাচলি, গাখীৰকে আদি কৰি খাদ্য সামগ্ৰীৰ বিতৰণ কৰে। আনহাতে ৰিহাবাৰীৰ ড্রিম হাউছলৈ প্ৰিণ্টাৰসহ এটা কম্পিউটাৰ ছেট প্ৰদান কৰে। একেদৰে অক্ষয় পাত্ৰৰ সহযোগত জি এম চি এইচ, বি বৰুৱা কেন্সাৰ প্ৰতিষ্ঠান, ভূতনাথ, পি টি মেম'ৰিয়েল কলেজ হমকে আদি কৰি কেইবাটাও স্থানত প্ৰায় ১২০০ লোকৰ মাজত খাদ্য বিতৰণ কৰে। ন্যায়াধীশগৰাকীৰ এই ৮৩ তম জন্ম জয়ন্তী উপলক্ষে আজি ৰূপায়ণ কৰা এই সামাজিক কার্যসূচী বিশেষভাৱে সহযোগিতা আগবঢ়াই প্রকল্প অধ্যক্ষ ড° অশোকজী স্বৰাফে। অনুপম কেজৰিৱাল, অজয় মৌৰ, অমিত গোৱেল, অংকিত জৈন, হেমন্ত সুৰেকা, নবীন সুৰেকা, বসন্ত নাৰায়ণ পাঠক, অজয় আগৰৱালে এই কাৰ্যসূচীত সহযোগিতা আগবঢ়ায়। কাৰ্যসূচী সফলতাৰে সম্পন্ন কৰাৰ বাবে আইএইচআৰচি গুৱাহাটী ছেপ্টাৰৰ সভাপতি সঞ্জয় কুমাৰ সুৰেকাই সকলোকে ধন্যবাদ জ্ঞাপন কৰে।
No comments:
Post a Comment