ৰীলড্ৰামাত অসমীয়া ৱেব ছিৰিজ ‘এল’ মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 17 August 2022

ৰীলড্ৰামাত অসমীয়া ৱেব ছিৰিজ ‘এল’ মুকলি

 




W7s news ষ্টাফৰিপোৰ্টাৰ : অসমৰ আগশাৰীৰ অ’টিটি প্লেটফৰ্ম ৰীলড্ৰামাই পাৰভেজ আহমেদৰ পৰিচালনাত নতুন ৱেব ছিৰিজ ‘এল’ মুকলি কৰাৰ কথা ঘোষণা কৰে।বুধবাৰে গুৱাহাটীত এখন সংবাদমেলৰ আয়োজন কৰি পৰিচালক পাৰভেজ আহমেদে ৱেব ছিৰিজ ‘এল’ৰ আঁৰৰ অনুপ্ৰেৰণা - আকাংক্ষা, প্ৰেম, কামনা, হেৰাই যোৱা, নিসংগতা আৰু এখন ড্ৰাইভিং স্কুলৰ জৰিয়তে বৰ্ণনা কৰা জীৱন সম্পৰ্কীয় শিক্ষাৰ ওপৰত আলোকপাত কৰে।“আজি ৰাস্তাত যথেষ্ট যান-জঁট। ‘এল’ত ড্ৰাইভিং লাইচেন্স লাভৰ বাবে এটা ২১ দিনীয়া আৱেগিক যাত্ৰাৰ চিত্ৰণ কৰা হৈছে। বাটত নায়কে প্ৰেম আৰু জীৱনৰ প্ৰকৃত অৰ্থ আৱিষ্কাৰ কৰে,” ভাৰত, বাংলাদেশ, পাকিস্তান আৰু মধ্যপ্ৰাচ্যৰ দৰে বজাৰৰ বাবে টিভি বিজ্ঞাপনৰ এজন সুদক্ষ পৰিচালক পাৰভেজ আহমেদে কয়। ফিলিপছৰ বাবে নিৰ্মাণ কৰা তেওঁৰ বিজ্ঞাপনমূলক চলচ্চিত্ৰখন বেংকক বিজ্ঞাপন-উৎসৱলৈ মনোনীত হৈছিল। কেৱল ৰীলড্ৰামা এপ আৰু ৱেবছাইটত ৮ টা খণ্ডৰ শৃংখলা হিচাপে ষ্ট্ৰীমিঙৰ বাবে পৰিকল্পিত 'এল'ত এখন সৰু গাওঁৰ ল’ৰা জিতুৰ কাহিনী বৰ্ণনা কৰা হৈছে যি বিদেশৰ কোনোবাখিনিত অৱস্থিত এখন সপোনৰ চহৰত শেষ হয়। পৰিস্থিতিয়ে তেওঁক ৰেহানা, জেকি, সত্যব্ৰত, নেহা আৰু বিৰজুৰ বাবে ড্ৰাইভিং স্কুলৰ শিক্ষক কৰি তোলে - সকলোৰে গাড়ী চলোৱা শিকাৰ নিজস্ব কাৰণ থাকে। ড্ৰাইভিং ক্লাছৰ সময়ত জিতুৱে তেওঁৰ জীৱনৰ প্ৰেম ৰীমাক লগ পায়। জটিলতাবোৰ উদ্ভৱ তেতিয়া হয় যেতিয়া ৰীমাৰ মুড ছুইং হয় বুলি জিতুৱে উপলব্ধি কৰে। ৱেব ছিৰিজটোত ড্ৰাইভিং প্ৰশিক্ষণে প্ৰশিক্ষক জিটুক কেনেকৈ প্ৰেম আৰু জীৱনৰ প্ৰকৃত অৰ্থ আৱিষ্কাৰ কৰিবলৈ সক্ষম কৰি তোলে সেই বিষয়ে অন্বেষণ কৰা হৈছে। পাৰভেজ আহমেদৰ সৈতে সহযোগত ৰীলড্ৰামাৰ প্ৰতিষ্ঠাপক পৰিচালক কুহেলী দাসগুপ্ত আৰু সুমিত দাসগুপ্তৰ দ্বাৰা প্ৰযোজিত ‘এল’ত জীতুৰ চৰিত্ৰত বিবেক বৰা, অনুষ্কা গোহাঁই (ৰীমা), ড০ সান্তনা বৰদলৈ (ৰেহানা), ডাঃ জয়ন্ত দাস, বিভূতি ভূষণ হাজাৰিকা, ড০ চিন্ময় চক্ৰৱৰ্তী, বাবলী বৰা, স্নিগ্ধা গগৈ, ৰূপম চেতিয়া, দীপাংকৰ কলিতা, গৌৰৱ সুৰেকা আৰু দেবিকা প্ৰিয়ম আদিৰ দৰে শক্তিশালী অভিনেতা-অভিনেত্ৰীসকলে অভিনয় কৰিছে। ৰাজদ্বীপ আৰু পাৰভেজ আহমেদৰ চিত্ৰনাট্যৰ বিপৰীতে ডি অ’পি আছিল নাহিদ আহমেদ আৰু ৰূপমজ্যোতি শইকীয়া। ৰীলড্ৰামা হৈছে এক উৎকৃষ্ট অ'টিটি (অভাৰ-দ্য-টপ) প্লেটফৰ্ম য'ত যথেষ্টসংখ্যক অসমীয়া সম্ভাৰ পোৱা যায়। এই প্লেটফৰ্মত বিভিন্ন ধৰণৰ চিনেমা, ৱেব ছিৰিজ, সংগীত, কৌতুক, কবিতা, ৰন্ধন আৰু ভক্তিমূলক শ্ব’ আদি আয়োজন কৰা হয়। কোমলবয়সীয়া মনৰ বাবে ৰীলড্ৰামাৰ এটা নিৰ্দিষ্ট কিড’ছ জ’ন আছে য’ত এনিমেটেড নীতিশিক্ষামূলক কাহিনী আৰু আইতাৰ সাধু পোৱা যায়। চলচ্চিত্ৰ নিৰ্মাণ বা হিন্দুস্তানী ধ্ৰুপদী সংগীত কলা শিকিবলৈ আগ্ৰহী ব্যক্তিৰ বাবে প্লেটফৰ্মটোৱে স্থানীয় ভাষাত মাষ্টাৰক্লাছ চেচন আগবঢ়ায় যি হৈছে এনেধৰণৰ ক্ষেত্ৰত উদ্ধৃত প্ৰথমটো শৈক্ষিক শৃংখলা।ইচ্ছুকসকলে www.reeldrama.com ত গৈ ৰীলড্ৰামা ৱেবছাইট চাব পাৰে অথবা গুগল প্লে ষ্টোৰ বা এপল এপষ্ট'ৰৰ পৰা ৰীলড্ৰামা এপ ডাউনলোড কৰি বিভিন্ন সমল উপভোগ কৰিব পাৰে। ৰীলড্ৰামা এপটো বিশ্বব্যাপী ব্যৱহাৰযোগ্য আৰু এপল টিভি, এণ্ড্ৰইড টিভি, আমাজন ফায়াৰষ্টিক আৰু ৰোকুত উপলব্ধ। সংবাদ মেলত ৱেব চিৰিজত অভিনয় কৰা শিল্পী সকল উপস্থিত থাকি দর্শকক ৱেবচিৰিজখন আদৰি লবলৈ অনুৰোধ জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here