বিশ্ব গ্ৰন্থাগাৰিক দিৱস উদযাপন্ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 13 August 2022

বিশ্ব গ্ৰন্থাগাৰিক দিৱস উদযাপন্

 





W7s news গুৱাহাটী: সমগ্ৰ বিশ্বতে এছ আৰ ৰংগনাথৰ জন্মদিনটো বিশ্ব গ্ৰন্থাগাৰিক দিৱস হিচাপে পালন কৰা হয়।গুৱাহাটী সুন্দৰবড়ীস্থিত কেম্ব্ৰিজ প্লাব্লিক স্কুলত বিশ্ব গ্ৰন্থাগাৰিক দিৱসৰ লগত সংগতি ৰাখি শুকুৰবাৰে পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠানৰ আয়োজন কৰা হয়। বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত বিদ্যালয়খনৰ ছাত্ৰ -ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰা হয়।আকস্মিক বক্তৃতা,ৰচনা লিখা প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, সাধুকথা কোৱা প্ৰতিযোগিতাসমূহ ছাত্ৰ-ছাত্ৰীৰ মাজত সূচাৰুৰূপে পৰিচালনা কৰে বিদ্যালয়খনত গ্ৰন্থাগাৰিক হিচাপে কৰ্মৰত বৰষা শৰ্মাই।যিটো সময়ত চৰকাৰী মাধ্যমৰ বিদ্যালয়ত গ্ৰন্থাগাৰৰ সংখ্যা তেনেই তাকৰ,তেনে সময়তে কেম্ব্ৰিজ পাব্লিক স্কুলৰ কৰ্তৃপক্ষই বিশ্ব গ্ৰন্থাগাৰিক দিৱস উদযাপন্ কৰি ছাত্ৰ -ছাত্ৰীৰ মাজত গ্ৰন্থাগাৰৰ প্ৰয়োজনীয়তা আৰু গ্ৰন্থ অধ্যয়নৰ প্ৰতি আকৰ্ষিত কৰাৰ চেষ্টা সচাঁকৈয়ে আদৰণীয় পদক্ষেপ। উল্লেখ্য, এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড০ দ্বীপেন ডেকা আৰু ড০ নিৰজ ডেকা।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here