গুৱাহাটী গ্ৰীনছ মুকলি - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Monday, 29 August 2022

demo-image

গুৱাহাটী গ্ৰীনছ মুকলি

Responsive Ads Here

 

  গল্ফ খেলাৰ সুবিধাৰ লগতে খাদ্যৰসিকে জুতি ল'ব পাৰিব নানা সু-স্বাদু খাদ্য সম্ভাৰৰ


নদী পৰ্যটনত গুৰুত্ব আৰোপ


মহাবাহু ব্ৰহ্মপুত্ৰৰ সৌন্দর্য উপভোগ কৰিব পাৰিব পৰ্যটক সকলে





W7s news গুৱাহাটী :গুৱাহাটী গ্রীণছ (এ ইউনিট অফ ৰেচিপিছ ট্রেইন ৰেস্তোৰা গুৱাহাটীৰ) সোমবাৰে আমিনগাঁওৰ ইকো পার্কত মুকলি কৰা হয়। মুকলি অনুষ্ঠানত মুখ্য অতিথি হিচাপে এনএফ ৰেলৱেৰ মহাপ্ৰৱন্ধক আনচুল গুপ্তা,সম্মানীয় অতিথি হিচাপে এনএফ ৰেলৱেৰ অতিৰিক্ত মহাপ্ৰৱন্ধক ৰাহুল গৌতম  এন এফ আৰ এছ এৰ সভাপতি, জ্যেষ্ঠ উপ-মহাপ্ৰৱন্ধক ৰাজীব মহাজন, এনএফ ৰেলৱেৰ কর্মকর্তা আদি উপস্থিত থাকে। ইয়াত গল্ফ খেলাৰ সুবিধাৰ লগতে খাদ্যৰসিকে জুতি ল'ব পাৰিব নানা সু-স্বাদু খাদ্য সম্ভাৰৰ।

IMG-20220829-WA0026

উল্লেখ্য, ২০১৮ চনত  ভাৰতত সর্বপ্রথম ট্রেইন ৰেস্তোৰা আৰম্ভ কৰি খাদ্য টেবুলত মিনি ট্রেইনৰ জড়িয়তে পৰিবেশ কৰাৰ ব্যৱস্থা আৰম্ভ কৰা হয়।  সেই ট্রেইন যাত্রা অব্যাহত ৰাখি আউটৰিছৰ অংশ হিচাপে আগবাঢ়ি আহিছে ৰেচিপি ট্রেইন ৰেস্টুৰেন্ট। যিয়ে গুৱাহাটী গ্ৰীনছ- দ্য ৰিভাৰফ্রন্ট ফ্যেমিলি ডেস্টিনেশন আৰু গুৱাহাটীৰ নিজস্ব গল্ফ ৰিচোর্টৰ সৈতে পৰিচিত কৰি দিব।মহাবাহু ব্রহ্মপুত্রৰ আশীৰ্বাদ তথা অনাবিল সৌন্দর্যৰ ভৰপূৰ  গুৱাহাটী গ্ৰীনছ- দ্য ৰিভাৰফ্রন্ট ফ্যেমিলি ডেস্টিনেশনে এনএফ ৰেলৱে কৰ্তৃপক্ষৰ  সমর্থন লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াত থাকিব ৰিভাৰ ফিচ স্পেচিয়েলিটি এথেনিক ৰেস্তোৰা 'জাকৈ'।

সেইদৰে ৰিভাৰ ভিউ কেফে 'কেফে উইণ্ডছ' (cafe' winds) থাকিব। লগতে শীঘ্রেই মুকলি আকাশৰ তলত আনলিমিটেড লন বাৰবেকিউ আৰম্ভ কৰা হ'ব যাৰ নাম দিয়া হ'ব 'স্কাই'।।গুৱাহাটী গ্ৰীণচত ওপজা দিন, বিবাহ, কর্পোৰেট ইভেন্ট, ব্ৰহ্মপুত্ৰ নৈৰ পাৰত বনভোজ আদি অনুষ্ঠান আয়োজন কৰাৰ সুবিধা থাকিব। তদুপৰি মহাবাহু ব্রহ্মপুত্রৰ কাষতে  কটেজৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা কৰিছে। গুৱাহাটী গ্রীনচে নতুন প্ৰজন্মৰ মাজত গল্ফক জনপ্রিয় কৰাৰ বাবে বিভিন্ন অফাৰ আগবঢ়াইছে। সেই অনুসৰি ৰেস্তোৰাত গেম মেম্বাৰশ্বিপৰ সুবিধা আৰু বিভিন্ন অফাৰ সহ গল্ফ কার্ড অফাৰ আগবঢ়োৱা হ'ব। ৰিভাৰ বেল্টৰ ওপৰত গুৰুত্ব আৰোপ কৰি শীঘ্রই ৰিভাৰ ফেস্টিভেল, মিউজিক ফেস্টিভেল, ডিনাৰ ক্রুজ ইত্যাদিৰ আয়োজনৰ জৰিয়তে নদী পৰ্যটনৰ প্ৰচাৰ কৰা হ'ব। আগন্তক নবেম্বৰ মাহত অতিথি সকলক 'ফার্ম টু টেবল' কনচেপ্টেৰ জৰিয়তে আদৰণি জনোৱা হ'ব।  লগতে  অতিথি সকলক জৈৱিক খাদ্য ৰে আপ্যায়ন কৰা হ'ব। এই পিপিপি মডেলটো মানুহৰ সৈতে সংযোগ স্থাপন কৰাৰ লক্ষ্য লোৱা হৈছে।গুৱাহাটী গ্ৰীনচৰ এই ব্যতিক্ৰমী প্রয়াসক ৰাইজে আদৰি লব বুলি উদ্যোক্তা সকল আশাবাদী।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *