চি আই টি ইউৰ আহবানত ১ ছেপ্টেম্বৰ, ২০২২ চৰকাৰী বঞ্চনাৰ অৱসান বিচাৰি বঞ্চিত শ্রমিক বিক্ষোভ-সমাবেশ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 29 August 2022

চি আই টি ইউৰ আহবানত ১ ছেপ্টেম্বৰ, ২০২২ চৰকাৰী বঞ্চনাৰ অৱসান বিচাৰি বঞ্চিত শ্রমিক বিক্ষোভ-সমাবেশ


   W7s news গুৱাহাটী:  গুৱাহাটী প্ৰেছ ক্লাৱত আজি চি আই টি ইউৰ অসম ৰাজ্যিক কমিটিয়ে এক সংবাদ মেল আয়োজন কৰে। ১ ছেপ্টেম্বৰত গুৱাহাটীত হ'ব লগা শ্ৰমিক বিক্ষোভৰ উদ্দেশ্যৰ বিশদ বিবৰণী দিয়ে সাধাৰণ সম্পাদক তপন শৰ্মাই । শৰ্মাই কয় যে আমাৰ দেশৰ স্বাধীনতাৰ ৭৫ বর্ষপূর্তিৰ আজিৰ সময়ত কেন্দ্ৰৰ বিজেপি চৰকাৰৰ নীতিৰ ফলত দেশখনৰ কোটি কোটি শ্ৰমজীৱী নাগৰিকে দেশৰ সংবিধান প্রদত্ত অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। কর্মদক্ষ যুবক-যুবতীয়ে নিজৰ দক্ষতা অনুসৰি চাকৰিৰ পৰা বঞ্চিত হৈ আছে। অসম তাৰ ব্যতিক্রম নহয়। প্রায় ১ কোটিতকৈ অধি কর্মৰত শ্রমিকে প্রাপ্য মজুৰি আৰু সামাজিক সুৰক্ষাৰ পৰা বঞ্চিত। অসমত ২৩ লাখ নিবনুৱা যুৱক-যুৱতী উপযুক্ত নিয়োগৰ পৰা বঞ্চিত। বিগত সাত বছৰ ধৰি বৃদ্ধি কৰিব লগা ন্যূনতম মজুৰি বৃদ্ধি কৰা নাই। ফলত ১৮টা অনুসূচিভুক্ত প্রায় ১০ লাখ শ্রমিকে প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে। অতি সম্প্ৰতি ১১ লাখ চাহ বনুৱাৰ বাবে চৰকাৰে মাত্ৰ দৈনিক ২৭ টকা বৃদ্ধি কৰি চৰম প্ৰতাৰণাৰ নিদৰ্শন দাঙি ধৰিলে। ব্যক্তিগত মালিকানাধীন কাৰখানাবোৰত প্ৰচলিত শ্রম আইন প্রয়োগৰ ক্ষেত্ৰত অসম চৰকাৰৰ নির্লিপ্ত ভূমিকাক নঙঠা কৰি দেখুৱালে মইনা নায়ক আৰু ফনিধৰ কলিতাৰ ঘটনাই। একাংশ কাৰখানাত প্ৰকৃততে কাম কৰি থাকে যদি ৫০ জনে কাগজে পত্রে থাকে মাত্র ১০ জন। শ্রম আইনৰ সামান্য সুবিধাৰ পৰাও বঞ্চিত কৰি ৰখাৰ বাবে নানা প্ৰকাৰৰ কূট কৌশল অৱলম্বন কৰি চৰম শোষণ চলাই আছে এই অসমত। ব্যক্তিগত খণ্ডৰ একোখন নাৰ্চিং হোমত ২০ৰ পৰা ২৫ বছৰ ধৰি কৰ্মৰত শ্ৰমিক-কৰ্মচাৰীয়ে মাত্র ৮/১০ হেজাৰ মাহিলি মজুৰিৰ বিনিময়ত কাম কৰি থাকিবলৈ বাধ্য হৈ আছে।অসমৰ লাখ লাখ ঠিকা শ্রমিকৰ জীৱন গাঁথা অতি দুর্বিসহ। সামান্য মজুৰি বিনিময়ত ১২ ঘণ্টা কাম কৰোৱাটো এক নিয়মত পৰিণত হৈছে। অসমত ৰাজনৈতিক ছত্রছায়াত বৃহৎ ঠিকাদাৰ গোষ্ঠীয়ে নির্মম শোষণ চলাই আছে।

চৰমতম চৰকাৰী শোষণৰ বলি হৈ আছে চৰকাৰী আঁচনি ৰূপায়ণত নিয়োজিত অঙ্গনবাড়ী কর্মী-সহায়িকা, ৰন্ধন কৰ্মচাৰী আৰু আশা কর্মীসকল। তেওঁলোক সম্পূৰ্ণৰূপে মজুৰিৰ পৰা বঞ্চিত। সামান্য মাননিৰ বিনিময়ত কোনো সামাজিক সুৰক্ষা নোপোৱাকৈ অসমত ২ লাখ ৭১ হাজাৰ আঁচনিভূক্ত কৰ্মচাৰীয়ে সেৱা আগবঢ়াই আছে।চৰকাৰে কৰ্মচাৰীসকলক নানা প্ৰকাৰৰ প্ৰচাৰ আৰু প্ৰয়োগ কৌশল অবলম্বন কৰি নতুন পেন্সন আঁচনিত অন্তর্ভুক্ত কৰি উপযুক্ত পেন্সনৰ অধিকাৰৰ পৰা বঞ্চিত কৰাইছে। সেয়ে কৰ্মচাৰীয়ে আজি ৰাজপথত পুৰণা পেন্সন আঁচনিকে প্রৱর্তন কৰাৰ দাবীত আন্দোলন চলাই আছে। বে-চৰকাৰী পৰিবহন খণ্ডত নিয়োজিত ট্রাক, বাছ, টেম্প', অট, ই-ৰিক্সাকে ধৰি লাখ লাখ গ্রাম্য টেক্সি, চিটি টেক্সিৰ চালকসকল একেদৰেই বঞ্চিত আইনসিদ্ধ সামাজিক সুৰক্ষামূলক আঁচনিৰ সুবিধাৰ পৰা। যি সামান্য সামাজিক সুৰক্ষা অসমৰ চি আই টি ইউকে ধৰি কেন্দ্ৰীয় ট্রেড ইউনিয়নবোৰৰ ধাৰাবাহিক আন্দোলনৰ হেঁচাত ২০ লক্ষাধিক নিৰ্মাণ শ্রমিকৰ বাবে আদায় হৈছিল। তাৰ পৰাও বঞ্চিত কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বি জে পি নেতৃত্বাধীন চৰকাৰ। অন্যান্য আইনৰ লগতে গৃহ আৰু অন্যান্য নির্মাণ শ্রমিক কল্যাণ আইনখনো সংশোধন কৰি প্ৰকৃত নিৰ্মাণ শ্রমিকসকলক আইনগত সুবিধাৰ পৰা বঞ্চিত কৰিব ওলাইছে।

    উল্লেখযোগ্য যে কেন্দ্ৰৰ বিজেপি চৰকাৰখনে ইতিমধ্যে ২৯ খন আইন কাটি-কুটি মাত্র চাৰিখন শ্ৰম সংহিতা (Labour Code) বনাইছে যাৰ দ্বাৰা স্বাধীনতা ৭৫ বছৰত সংগ্ৰাম কৰি আদায় কৰা শ্রমিক কল্যাণ আইনৰ সামান্য সুবিধাৰ পৰাও শ্ৰমিক সকলক বঞ্চিত কৰিব বিচাৰিছে। শেহতীয়াকৈ ৰাজ্যৰ বি জে পি চৰকাৰখনে শ্রমজীৱী লোকৰ সন্তানক শিক্ষা গ্ৰহণৰ পৰাও বঞ্চিত কৰিব ওলাইছে । মুখ্যমন্ত্ৰীয়ে আগভাগ লৈ চৰকাৰী বিদ্যালয় বন্ধ কৰি আছে আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয় খুলি আছে। পৰিণতিত খৰচ বহন কৰিব নোৱাৰি শ্ৰমিকৰ ঘৰৰ সন্তানে পঢ়া বাদ দিব লাগিব। সেয়ে সর্বস্তৰৰ বঞ্চিত শ্রমিক আৰু নিবনুৱা যুৱক-যুৱতীক লৈ এক বিক্ষোভ সমাৱেশৰ আহ্বান জনাইছে চি আই টি ইউয়ে। তলত উল্লেখ কৰা দাবীৰ ভিত্তিত অহা ১ ছেপ্টেম্বৰত, গুৱাহাটীৰ গুৱাহাটী ক্লাৱ ৰ'টাৰীত অনুষ্ঠিত হ'ব । দুৰণিবটীয়া জিলাবোৰে জিলা সদৰত ৰূপায়িত কৰিব ।দাবীসমূহ হৈছে :

১। শ্ৰমিকৰ ন্যূনতম মজুৰি মাহিলী ২১ হাজাৰ টকা ধাৰ্য কৰক।

২। অঙ্গনবাড়ী কর্মী-সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মীক মাননিৰ সলনি মজুৰি দিয়ক।

৩। চাহ শ্রমিকক দৈনিক মজুৰি ৩৫১ টকা আদায় দিয়ক।

৪। নিৰ্মাণ আৰু মটৰ শ্রমিকসহ সকলো শ্রমিকৰ সামাজিক সুৰক্ষা নিশ্চিত কৰক।

৫। ঠিকা শ্রমিকৰ সমান কামৰ সমান মজুৰি নিশ্চিত কৰক।

৬। অসমৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ বিলক ব্যক্তিগতকৰণ বন্ধ কৰক।




No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here