শ্ৰীমন্ত শংকৰ জন্মোৎসৱ উপলক্ষে ছাত্ৰ-ছাত্ৰীৰ মাজত ৰচনা প্ৰতিযোগিতা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 30 August 2022

শ্ৰীমন্ত শংকৰ জন্মোৎসৱ উপলক্ষে ছাত্ৰ-ছাত্ৰীৰ মাজত ৰচনা প্ৰতিযোগিতা

 



W7s news গুৱাহাটী: শ্ৰীমন্ত শংকৰ জন্মোৎসৱ উপলক্ষে ছাত্ৰ-ছাত্ৰীৰ মাজত এখন ৰচনা

প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ পল্টনবজাৰস্থিত শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ সমিতিৰ উদ্যোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে আয়োজন কৰা প্ৰতিযোগিতাখনৰ বাবে ৰচনা সমূহ চলিত বৰ্ষৰ ১৫ ছেপ্তেম্বৰৰ ভিতৰত  প্ৰেৰণ কৰিব লাগিব।

পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ  বিষয় হৈছে

'নামঘৰ' । শব্দ সংখ্যা : ৫০০ টাৰ ভিতৰত | একাদশ শ্ৰেণীৰ পৰা স্নাতক পৰ্যায়লৈ -বিষয়  হৈছে 'সমাজ সংস্কাৰক শ্ৰীমন্ত শংকৰদেৱ' আৰু শব্দ সংখ্যা : ১২০০ টাৰ  ভিতৰত হ'ব লাগিব।  স্নাতকোত্তৰ পৰ্য্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে - বিষয় হৈছে'মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৰ্ম আৰু আদৰ্শত বিজ্ঞানসন্মত দৃষ্টিকোণ'।শব্দ সংখ্যা : ১৬০০ টাৰ ভিতৰত হ'ব লাগিব। প্ৰতিযোগিতাৰ বিজয়ী সকলক পুৰস্কৃত কৰা হ'ব। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা সকলে ৯৮৬৪২-০৪৬৬৯ অথবা ৯৮৫৯৮২৮৪৯৮ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি সমিতিৰ প্ৰধান সম্পাদক দীনেশ চন্দ্ৰ দত্তই জানিবলৈ দিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here