কামাখ্যা মন্দিৰত নেহৰু যুৱ কেন্দ্ৰৰ সজাগতা কাৰ্যসূচী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 12 August 2022

কামাখ্যা মন্দিৰত নেহৰু যুৱ কেন্দ্ৰৰ সজাগতা কাৰ্যসূচী

 


W7s news গুৱাহাটী :ভাৰত চৰকাৰৰ যুৱ কাৰ্যক্ৰম আৰু খেল মন্ত্ৰালয়ৰ অধীনস্থ নেহৰু যুৱ কেন্দ্ৰ কামৰূপ মহানগৰ আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনি পাণ্ডু মহাবিদ্যালয়ৰ যুটীয়া উদ্যোগত শুকুৰবাৰে আজাদি কা অমৃত মহোৎসৱ হৰ ঘৰ ত্ৰিৰংগা সজাগতা সভা অনুষ্ঠিত হয়। কামাখ্যা মন্দিৰ অতিথিশাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সভাত কামাখ্যা ধামৰ দলৈ সমাজৰ বৰদলৈ মোহিত চন্দ্ৰ শৰ্মা, সৰু দলৈ কবিন্দ্ৰ প্ৰসাদ শর্মা,পাণ্ডু মহাবিদ্যালয়ৰ সহ



যোগি অধ্যাপক মণ্টু মহন্ত, ৰাষ্ট্ৰীয় সেৱা আঁচনি পাণ্ডু মহাবিদ্যালয়ৰ কাৰ্যক্ৰম বিষয়া শান্তনু ৰায় চৌধুৰী আৰু নেহৰু যুৱ কেন্দ্ৰ কামৰূপ মহানগৰ জিলা যুৱ বিষয়া চয়ন শুক্লবৈদ্য উপস্থিত থাকে। উপস্থিত বিশিষ্ট ব্যক্তি সকলে আজাদি কা অমৃত মহোৎসৱ হৰ ঘৰ ত্ৰিৰংগাৰ বিষয়ে বৃষ্টিত ব্যাখ্যা আগবঢ়ায়। লগতে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ প্ৰতিটো গৃহত ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায়। সভাৰ শেষত নেহৰু যুৱ কেন্দ্ৰ কামৰূপ মহানগৰ আৰু এন এছ এছৰ স্বেচ্ছা সেৱক, সেৱিকা আৰু যুৱ সংঘৰ যুৱক যুৱতী সকলে নীলাচল পাহাৰত বসবাস কৰা সকলৰ মাজত বিনামূলীয়াকৈ ত্ৰিৰংগা পতাকা বিতৰণ কৰি ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ উত্তোলন কৰিবলৈ আহ্বান জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here