বিশিষ্ট সমাজসেৱক, জ্যেষ্ঠ সাংবাদিক, কবি, ‘ৰাইজৰ সংবাদ'ৰ সম্পাদক আৰু স্বত্বাধিকাৰী ডাঃ জেচিম ৰাজাৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 13 August 2022

বিশিষ্ট সমাজসেৱক, জ্যেষ্ঠ সাংবাদিক, কবি, ‘ৰাইজৰ সংবাদ'ৰ সম্পাদক আৰু স্বত্বাধিকাৰী ডাঃ জেচিম ৰাজাৰ মৃত্যু

 


W7s News ষ্টাফৰিপোৰ্টাৰ : বিশিষ্ট সমাজসেৱক, জ্যেষ্ঠ সাংবাদিক, কবি, ত্ৰিভাষিক (অসমীয়া, হিন্দী, ইংৰাজী) তিনিদিনীয়া বাতৰি কাকত 'ৰাইজৰ সংবাদ'ৰ সম্পাদক আৰু স্বত্বাধিকাৰী ডাঃ জেচিম ৰাজাৰ শনিবাৰে পূৱা ৪.৩০ বজাত মৃত্যু হয়। তেওঁ বিগত

এমাহ ধৰি অসুস্থ হৈ আছিল। গুৱাহাটীৰ এপল' হাস্পতালত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ কিছুদিন পালন ৰিহেব চেণ্টাৰত চিকিৎসাধীন হৈ আছিল। তাৰপূৰ্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কিছুদিন চিকিৎসাধীন হৈ আছিল।ৰাজা বিল্ডিং'ৰ স্বত্বাধিকাৰী তথা গুৱাহাটীৰ মাছখোৱা নিবাসী ডাঃ জেচিম ৰাজাৰ পিতৃৰ নাম আলহাজ  জমিৰুদ্দিন আহমেদ আৰু মাতৃৰ নামৰ নাম ইছমত আৰা বেগম। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৫ বছৰ। তেওঁ 

 সময়ে সময়ে সংঘটিত ঘটনা প্ৰবাহৰ আলমত তেওঁ সৃষ্টি কৰিছিল 'সময়ৰ কবিতা'। তেওঁ 'প্রথম খণ্ড'ৰ পৰা 'একাদশ খণ্ড লৈ প্ৰকাশ কৰি মুঠ ১৮৭ টা সময়ৰ কবিতা প্ৰকাশ কৰি উলিয়াইছিল। বিশিষ্ট সমাজসেৱক ডাঃ জেচিম ৰাজাৰ সমাজলৈ আগবঢ়োৱা অৱদান অতুলনীয়। সুদীর্ঘ সময় সামাজিক কামত ঘণিষ্ঠভাবে জড়িত থাকি সমাজহৈতিষী ৰূপত অৱতীৰ্ণ হোৱা ডাঃ জেচিম বাজাই সমাজত এখন সুকীয়া আসন লাভ কৰিছিল।তেওঁ ধাৰাবাহিকভাৱে তিনিবাৰকৈ পশ্চিম গুৱাহাটীৰ বিহু সন্মিলনৰ সভাপতি পদত অধিস্থিত হৈছিল। ইয়াৰোপৰি, পূব গুৱাহাটী বিহু সন্মিলনৰ উপ-সভাপতি পদতো তেওঁ অধিস্থিত হৈ আছিল। গুৱাহাটীৰ দুৰ্গা সৰোবৰৰ 'শিৱ ধামৰো' কেবাবাৰো সভাপতি পদত নির্বাচিত ব্যক্তি আছিল। এই 'শিব ধাম' নিৰ্মাণ কৰি উলিওৱাত তেওঁৰ আৰ্থিক ক্ষেত্ৰত যথেষ্ট অবদান আছে। “অমৃত প্রবাহ” দৈনিক বাতৰি কাকতৰ প্ৰতিও তেওঁৰ অৱদান যথেষ্ট আছিল। বিগত কেবাবছৰ ধৰি প্ৰকাশিত হৈ অহা মাহেকীয়া আলোচনী 'বিশ্বৰ সন্ধান'তো এতিয়ালৈ তেওঁৰ আৰ্থিক অৱদান যথেষ্ট। ইয়াৰোপৰি, ডাঃ জেচিম ৰাজা বহুতো দল-সংগঠনৰ লগতো জড়িত হৈ আছিল। এসময়ত তেওঁ অসম জাতীয়তাবাদী দলৰ জন্মলগ্নৰে পৰা কোষাধ্যক্ষ পদত কাৰ্যনির্বাহ কৰিছিল। পূৰ্বতে অসম গণ সংগ্ৰাম পৰিষদৰ অন্যতম আহ্বায়ক আছিল। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দল তথা কংগ্ৰেছ চৰকাৰৰ ৰিলিফ আৰু প্ৰাকৃতিক দুর্যোগ বিভাগৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈ বানাক্ৰান্ত লোকক সহায়-সহযোগিতা আগবঢ়াই আহিছিল। ইয়াৰোপৰি, অসম চৰকাৰৰ বজাৰ সমিতিৰ সঞ্চালকৰ উপৰিও অসম চৰকাৰৰ এণ্টি ড্ৰাগ প্ৰহিবিচন কাউন্সিলৰ সঞ্চালক, অসম সেৱা দল (গান্ধী আশ্ৰম)ৰ কোষাধ্যক্ষৰ লগতে সুদীর্ঘ দিন ধৰি গুৱাহাটী ক্রীড়া সন্থাৰ অনুমোদিত গুৱাহাটী ইয়ং এমেছাৰ ক্লাৱৰ সভাপতি আন্তঃৰাষ্ট্ৰীয় লায়ন্সক্লাৱৰ জ্যেষ্ঠ সঞ্চালক  ৰ আজীৱন সভ্য হোৱাৰ উপৰিও অসম সাহিত্য সভাৰ আজীৱন সদস্য পদত অধিষ্ঠিত হৈ আছিল। তেওঁ এজন খিলঞ্জীয়া অসমীয়া ইছলাম ধৰ্মাৱলম্বী লোক হৈও তেওঁ শক্তিপীঠ ‘মা কামাখ্যা মন্দিৰত গৈ দেৱীৰ শ্লোক গাই দেৱীৰ চৰণত মূৰ দোৱাই আশীষ বিচাৰি প্ৰাৰ্থনা জনায়।  তেওঁ গুৱাহাটী ডনবস্কো স্কুলৰ ছাত্ৰ থকাৰ পৰাই তেওঁ খ্ৰীষ্টান ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈছিল। তেতিয়াৰে পৰাই তেওঁ মহানগৰীত অৱস্থিত কেথেলিক আৰু বেপ্টিছ গীর্জাসমূহত বিশেষকৈ ‘বৰদিন' আৰু অন্যান্য উৎসৱ পাৰ্বনত ভাগ লৈ খ্ৰীষ্টান ধৰ্মাৱলম্বী বন্ধু-বান্ধৱীসকলৰ সৈতে লগ হৈ একেলগে 'যীচু আৰু মেৰী'ৰ প্ৰতি প্ৰাৰ্থনা জনাই আহিছে। তেওঁ ত্ৰিভাষিক (অসমীয়া, হিন্দী, ইংৰাজী) তিনিদিনীয়া ৰাইজৰ সংবাদ' নামৰ বাতৰি কাকতখনৰ সম্পাদক আৰু স্বত্বাধিকাৰী। ইয়াৰোপৰিও তেওঁ কবি হিচাপে কবি সমাজত এক সুকীয়া আসন লাভ কৰিছে। এতিয়ালৈ 'প্রথম খণ্ড'ৰ পৰা 'একাদশ খণ্ডলৈ 'সময়ৰ কবিতাৰ সংখ্যা মুঠ ২৮৬ টা। সময়ৰ কবি ডাঃ জেচিম ৰাজাৰ দ্বাৰা সম্পাদিত 'ৰাইজৰ সংবাদ' নামৰ ত্ৰিভাষিক বাতৰি কাকতখন উত্তৰ-পূৰ্বাঞ্চলৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চললৈ সম্প্ৰসাৰিত হয়।ছাত্ৰ অৱস্থাৰ পৰাই ডাঃ জেচিম ৰাজা মেধাবী ছাত্ৰ আছিল। এলপি স্কুলৰ শিক্ষা নিজ গৃহতে ল'বলৈ সক্ষম হৈ গুৱাহাটী ডন বস্কো হাইস্কুলত কম বয়সত পঞ্চম শ্ৰেণীত নামভৰ্তি কৰে। পৰৱৰ্তী সময়ত তেওঁ ইংৰাজী বিভাগ আৰু সাংবাদিকতাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয়। তদুপৰি তেওঁ হোমিঅ' আৰু আয়ুর্বেদিক মেডিচিনৰ স্নাকোত্তৰ ডিগ্রীও লাভ কৰে।তেওঁ 'অসম ৰাষ্ট্রভাষা প্ৰচাৰ সমিতি'ৰ পৰা হিন্দীৰ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইংৰাজী, বাংলা, হিন্দীৰ লগতে খাচী আৰু ৰাজস্থানী ভাষাও ভালদৰে ক'ব পাৰিছিল ডাঃ ৰাজাই।প্ৰবীন সাংবাদিক ডাঃ জেচিম বাজাৰ নশ্বৰ দেহ হাস্পতালৰ পৰা  গুৱাহাটীৰ মাছখোৱাৰ ৰাজা বিল্ডিং  আজি ৭.৩০ ঘৰলৈ অনা হয় আৰু তাত আত্মীয়ই শেষ শ্ৰদ্ধা জনায়।

তেওঁৰ আঠগাও কবৰস্থানত নিশা ৯ বজাত

জানাজা সম্পন্ন কৰা হয়।।তেওঁৰ মৃত্যুত অঞ্চলটোত তথা ৰাজ্যৰ সংবাদ মাধ্যমত শোকৰ ছাঁ পৰে। তেওঁৰ মৃত্যুত।অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা শোক প্রকাশ কৰা হয়। এক শোক বাৰ্তাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক (প্ৰশাসনিক) অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই কয়-প্ৰতিদিনে ৰাজীৱ ভৱনত সংবাদ সংগ্ৰহৰ বাবে অহা জেচিম ৰাজাৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰিলো আৰু শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ।'বিশিষ্ট সমাজ সেৱক তথা জ্যেষ্ঠ সাংবাদিক জেচিম ৰাজাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে গুৱাহাটী প্ৰেছ ক্লাৱে গভীৰ শোক প্ৰকাশ কৰে।এক শোক বার্তাত গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি মনোজ কুমাৰ নাথ আৰু


সাধাৰণ সম্পাদক   সঞ্জয় ৰায়ে কয়  - বিগত প্ৰায় এমাহে অসুস্থতাৰ বাবে গুৱাহাটীৰ চিকিৎসালয়ত ভৰ্তি হৈ থকা জেচিম ৰাজাই শনিবাৰে পুৱতি নিশা শেষ নিশ্বাস ত্যাগ কৰে। ৰাইজৰ সংবাদ নামৰ তিনিদিনীয়া বাতৰি কাকতৰ সম্পাদক তথা স্বত্বাধিকাৰী জেচিম ৰাজাৰ মৃত্যু ৰাজ্যৰ সংবাদ ক্ষেত্ৰৰ বাবে অপুৰণীয় ক্ষতি। গুৱাহাটী প্ৰেছ ক্লাৱৰ সদস্য হিচাপে জেচিম ৰাজাই বিভিন্ন অনুষ্ঠানত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে। জ্যেষ্ঠ সাংবাদিকগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ জনোৱা হল সমবেদনা জ্ঞাপন কৰিলোঁ।বিশিষ্ট সাংবাদিক, কবি ডাঃ জেছিম ৰাজাৰ বিয়োগত প্ৰেছ ক্লাব অসম, চেভ গুৱাহাটী বিল্ড গুৱাহাটীয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here