দিছপুৰ প্ৰেছ ক্লাৱত প্ৰতিবন্ধী সুৰক্ষা সংস্হাৰ সংবাদমেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 12 August 2022

দিছপুৰ প্ৰেছ ক্লাৱত প্ৰতিবন্ধী সুৰক্ষা সংস্হাৰ সংবাদমেল

 


তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰিক্ষাত প্ৰতিবন্ধী লোকক বঞ্চনা কৰাৰ অভিযোগঃ ৪৮ঘন্টাৰ সময়সীমা অন্যথা আন্দোলনৰ হুংকাৰ


প্ৰৱেশ পত্ৰত প্ৰতিবন্ধী লোকৰ সংৰক্ষণৰ বিষয়টো উল্লেখ নথকাটো দুৰ্ভাগ্যজনকঃ নৃপেন মালাকাৰ




চতুৰ্থ বৰ্গৰ ৫১১টা পদৰ শুদ্ধ ফলাফলৰ তালিকা শীঘ্ৰে ঘোষণা কৰাৰ দাবী



W7s news গুৱাহাটীঃ প্ৰতিবন্ধী লোকক নিযুক্তিৰ ক্ষেত্ৰত বাৰম্বাৰ প্ৰতাৰণা কৰাৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈছে৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ ২৬হাজাৰ নিযুক্তি প্ৰক্ৰিয়া অনুসৰি অহা ২১আৰু ২৮আগষ্টত অনুষ্ঠিত হবলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তি পৰিক্ষাত ৰাজ্যৰ প্ৰতিবন্ধী লোকক বঞ্চনা কৰাৰ অভিযোগ আনিছে প্ৰতিবন্ধী সুৰক্ষা সংস্হা অসমে৷ আজি দিছপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ সম্পাদক নৃপেন মালাকাৰে কয় নিযুক্তি পৰিক্ষাত প্ৰতিবন্ধী সকলে বিশেষ সুবিধা লাভ কৰিব লাগে যদিও এইবাৰৰ পৰিক্ষাত প্ৰতিবন্ধী সকলৰ বাবে তেনে কোনো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহল৷ কিয়নো পৰিক্ষাৰ বাবে দিয়া প্ৰৱেশ পত্ৰত অনুসূচিত জাতি - জনজাতিৰ কথা উল্লেখ   স্পষ্টকৈ উল্লেখ আছে যদিও প্ৰতিবন্ধীৰ বাবে কোনো স্পষ্ট উল্লেখ নথকাত বিপদত পৰিছে প্ৰতিবন্ধী প্ৰাৰ্থীসকল৷ মালাকাৰে লগতে কয় নিয়ম অনুসৰি যি কোনো পৰিক্ষাত প্ৰতিবন্ধী লোকৰ বাবে এজন সহায়ক থাকিব লাগে যদিও প্ৰৱেশ পত্ৰত তেনে কোনো কথা উল্লেখ নথকাত শংকিত হৈ পৰিছে প্ৰতিবন্ধী সকল৷ ৰাজ্য চৰকাৰক বাৰম্বাৰ অনুৰোধ জনাই অহাৰ পিছতো কাৰ স্বাৰ্থত প্ৰৱেশ পৰিক্ষাত প্ৰতিবন্ধীৰ সংৰক্ষণৰ বিষয়টো উল্লেখ নকৰিলে সেয়া ৰহস্যৰ বিষয়৷ উল্লেখ্য যে ২৬হাজাৰ নিযুক্তিৰ বিজ্ঞাপনৰ সময়ত ৰাজ্য চৰকাৰৰে আলোচনাত প্ৰতিবন্ধী লোকৰ পৰা মাচুল ৰেহাই দিবলৈ আহ্বান জনাইছিলো যদিও সেয়াও আজিলৈ কাৰ্য্যকৰী নকৰিলে৷ পৰিতাপৰ বিষয় বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে দ্বিতীয় বাৰলৈ শাসনলৈ অহাৰ পিছত কেবিনেট অনুষ্ঠিত কৰি নিযুক্তিৰ ক্ষেত্ৰত চাৰি শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰা হব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ কিন্তু হবলগীয়া পৰিক্ষাৰ প্ৰৱেশ পত্ৰত তেনে বিষয় স্পষ্টকৈ উল্লেখ নথকাটোৱে চৰকাৰৰ যে প্ৰতিবন্ধী লোকৰ প্ৰতি অনিহা তাৰেই স্পষ্ট ছবি প্ৰতিফলিত হৈছে৷ ইয়াৰ উপৰি গুৱাহাটী বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰা চতুৰ্থ বৰ্গৰ ৫১১টা পদৰ শুদ্ধ তালিকা প্ৰকাশৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনায়৷ ৪৮ঘন্টাৰ ভিতৰত চৰকাৰে যদি বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে যিকোনো জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হব বুলি হুংকাৰ দিয়ে৷ আজিৰ সংবাদ মেলত প্ৰতিবন্ধীৰ দিব্যাংগ পেঞ্চনৰ ধন অৰুনোদয় আচনিত সাঙুৰি দিয়াৰ পৰিৱৰ্তে সুকীয়াকৈ পেঞ্চনৰ ধন ১হাজাৰ টকাৰ পৰিৱৰ্তে ৩হাজাৰলৈ বৃদ্ধি ব্যৱস্থা কৰিবলৈ আহ্বান জনায়৷ আজিৰ সংবাদমেলত সংগঠনটোৰ উপ সভাপতি আতিকুৰ ৰহমান, ৰিতুৰাজ দাস, নিকুদিন বসুমতাৰী, নিপুল কলিতাৰ লগতে কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত আছিল৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here