সমাজ বিজ্ঞান আঁতৰ কৰাৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰক বিজ্ঞান আৰু গণিত মাতৃভাষাৰ পৰিবৰ্তে ইংৰাজীত পঢ়োৱাৰ বিৰোধিতা এছ এফ আইৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 29 July 2022

সমাজ বিজ্ঞান আঁতৰ কৰাৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰক বিজ্ঞান আৰু গণিত মাতৃভাষাৰ পৰিবৰ্তে ইংৰাজীত পঢ়োৱাৰ বিৰোধিতা এছ এফ আইৰ

 



W7s news ষ্টাফৰিপোৰ্টাৰ : হিমন্ত বিশ্ব শৰ্মা কেবিনেটে  বৃহস্পতিবাৰে শিক্ষাৰ ক্ষেত্ৰত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। মাধ্যমিক শিক্ষাৰ‌ পৰা সমাজ বিজ্ঞান বিষয়টো উঠাই দি তাৰ ঠাইত ভূগোল আৰু বুৰঞ্জীক অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছে। সমাজ বিজ্ঞান আঁতৰ কৰাৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ এছ এফ আয়ে দাবী জনোৱাৰ লগতে এনে এক বৃহৎ সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে শিক্ষাৰ সৈতে জড়িত সকলোৰে সৈতে আলোচনা কৰিছে সিদ্ধান্ত গ্ৰহণ কৰাৰ পোষকতা কৰিছে। এই সম্পৰ্কে এছ এফ আইৰ অসম ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক নিৰংকুশ নাথে কয়- ভূগোল আৰু বুৰঞ্জী বিষয় দুয়োটা গুৰুত্বপূৰ্ণ কিন্তু  সমাজ বিজ্ঞানত ভূগোল আৰু বুৰঞ্জীৰ লগতে গণতন্ত্ৰৰ ধাৰণা, ৰাজনীতি বিজ্ঞানৰ বিভিন্ন দিশ, ৰাষ্ট্ৰৰ গাঁথনি আদিৰ অন্তৰ্ভুক্ত হৈ থাকে। যদি ছাত্ৰ ছাত্ৰীক ৰাজনীতি বিজ্ঞানৰ ধাৰণা সম্পৰ্কে পঢ়িবলৈ দিয়া নহয় , তেওঁলোকৰ দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি কোনোধৰণৰ সজাগতা নাথাকিব । গণতান্ত্ৰিক অধিকাৰ, সংবিধান, দেশ শাসন প্ৰক্ৰিয়া, ন্যায় ব্যৱস্থা এই কথাবোৰ শিক্ষাৰ্থীৰ বাবে এক বৃহৎ সাথৰ হৈ ৰব । এনে এক বৃহৎ সিদ্ধান্ত লোৱাৰ পূৰ্বে শিক্ষাবিদ, শিক্ষক, ছাত্ৰ-ছাত্ৰী, অভিভাৱক, বিভিন্ন সংগঠন আদিৰ সৈতে গভীৰভাৱে আলোচনা কৰাৰ প্ৰয়োজন।অন্যহাতে তৃতীয় শ্ৰেণীৰ পৰা‌ দ্বাদশ শ্ৰেণীলৈ বিজ্ঞান আৰু গণিত বিষয়টো মাতৃভাষাৰ পৰিবৰ্তে ইংৰাজী ভাষাত পঢ়িব লাগিব।  যি সময়ত চৰকাৰখনে অসমীয়াৰ লগতে অন্য মাতৃভাষাৰ বিদ্যালয়সমূহৰ মানদণ্ড আৰু মাতৃভাষাসমূহৰ  উন্নতিৰ গুৰুত্ব দিব লাগিছিল সেইখিনি সময়ত চৰকাৰ‌খনে ইংৰাজী ভাষাক মাধ্যম হিচাপে গ্ৰহণ কৰিলে মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়সমূহক ক্ৰমান্বয়ে দুৰ্বল কৰিব আৰু মাতৃভাষাসমূহৰ উন্নতিৰ ক্ষেত্ৰতো বাধাৰ সৃষ্টি কৰিব। তদুপৰি এখন জিলাত ৫-১০খন নিৰ্দিষ্ট চৰকাৰী বিদ্যালয়ত এই সিদ্ধান্ত কাৰ্যকৰী কৰিলে চৰকাৰী বিদ্যালয়সমূহৰ মাজতে অন্য এটা বিভাজন সৃষ্টি হ'ব। ইতিমধ্যে সমাজত চলি থকা বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠানলৈ ই এটা নতুন সংযোজনহে হ'ব। ইয়াৰ সলনি চৰকাৰী মাতৃভাষাৰ শিক্ষানুষ্ঠানসমূহৰ অভূতপূৰ্ব উন্নয়ন সাধন কৰি সমাজৰ সকলো অংশক আকৰ্ষণ কৰাতহে গুৰুত্ব দিয়া উচিত। আমি এছ এফ আয়ে সমাজ বিজ্ঞান আঁতৰ কৰাৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ দাবী জনোৱাৰ লগতে বিজ্ঞান আৰু গণিত  মাতৃভাষাৰ পৰিবৰ্তে ইংৰাজীত পঢ়োৱাৰ বিৰোধিতা কৰিছোঁ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here