ৰাজহুৱা শিক্ষা বচাওঁক দিৱস - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 29 July 2022

ৰাজহুৱা শিক্ষা বচাওঁক দিৱস

 




W7s news ষ্টাফৰিপোৰ্টাৰ: ছাত্ৰ সংগঠন এ আই ডি এছ অ'ৰ উদ্যোগত শুকুৰবাৰে ভাৰতীয়  নৱজাগৰণৰ অন্যতম পথিকৃৎ ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ প্ৰয়াণ দিৱসক সমগ্ৰ দেশৰ লগত সংগতি ৰাখি অসমতো ৰাজ্য ব্যাপী 'ৰাজহুৱা শিক্ষা বচাওঁক দিৱস' হিচাবে পালন কৰা হয় । শুকুৰবাৰে গুৱাহাটী , মঙলদৈ , শিলচৰ , নলবাৰী , উত্তৰ লক্ষীমপুৰ , যোৰহাট , তেজপুৰ , ধুবুৰী সহ ৰাজ্যৰ বিভিন্ন ঠাইত বিদ্যাসাগৰৰ প্ৰতিকৃতিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ লগতে শিক্ষাৰ প্ৰাণসত্তা ধ্বংসকাৰী জাতীয় শিক্ষা নীতি -২০২০ ৰ বিৰুদ্ধে তীব্ৰ ছাত্ৰ আন্দোলন গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰা হয় । আজি " ৰাজহুৱা শিক্ষা বচাওঁক দিৱস " উপলক্ষে  গুৱাহাটীৰ মেঘদূত ভৱনৰ সন্মুখত সংগঠনৰ ৰাজ্যিক উপ-সভাপতি পল্লব পেগুৰ পৰিচালনাত আয়োজিত  সভাত অংশগ্ৰহণ কৰি এ আই ডি এছ অ'ৰ ৰাজ্যিক সভাপতি প্ৰজ্জ্বল দেৱে কয় যে জাতীয় শিক্ষা নীতি - ২০২০ ৰ যোগেদি শিক্ষাৰ ব্যৱসায়ীকৰণ , গেৰুৱাকৰণ আৰু কেন্দ্ৰীয়কৰণৰ প্ৰক্ৰিয়া অভাৱনীয় ভাৱে ত্বৰান্বিত কৰি শিক্ষাৰ প্ৰাণসত্তা ধ্বংস কৰাৰ লগতে   চৰকাৰী শিক্ষাব্যৱস্থাৰ যিখিনি অবশিষ্ট আছে সেয়াও ধ্বংস কৰা হ'ব । দেশব্যাপী ঐক্যবদ্ধ তীব্ৰ ছাত্ৰ তথা গণ আন্দোলন গঢ়ি তুলি এই সৰ্বনশীয়া শিক্ষানীতিক প্ৰত্যাহাৰ কৰা আৰু প্ৰকৃতাৰ্থত বৈজ্ঞানিক , ধৰ্মনিৰপেক্ষ , গণতান্ত্ৰিক আৰু সাৰ্বজনীন শিক্ষা ব্যৱস্থা গঢ়ি তুলিবলৈ চৰকাৰক বাধ্য কৰিব লাগিব বুলি তেখেতে অভিমত ব্যক্ত কৰে। ধুবুৰী জিলাৰ ফকিৰগঞ্জৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি স‍ংগঠনৰ ৰাজ্যিক সম্পাদক হেমন্ত পেগুয়ে শিক্ষাবিৰোধী জনবিৰোধী জাতীয় শিক্ষানীতি ২০২০ বাতিল কৰাৰ দাবীত দেশব্যাপী গঢ়ি উঠা ধাৰাবাহিক আন্দোলনৰ অংশ হিচাবে ১ কোটি স্বাক্ষৰ সংগ্ৰহৰ যি  অভিযান চলি আছে তাক সফল কৰাৰ বাবে ছাত্ৰ ছাত্ৰীক আহ্বান জনায় ।  এ আই ডি এছ অ'ৰ অসম ৰাজ্যিক কমিটিয়ে ৰাজ্যিক কেবিনেটত গৃহীত  ভেন্সাৰ স্কুলসমূহৰ প্ৰাদেশিকীকৰণৰ প্ৰক্ৰিয়া বন্ধ কৰাৰ সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ জনাই কয় যে এই সিদ্ধান্তৰ লগতে স্কুলসমূহৰ মাৰ্জাৰ আৰু ক্লোজাৰৰ পদক্ষেপে ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ ৰাজহাড় ভাঙি দিব  । তৃতীয় শ্ৰেণীৰ পৰা ইংৰাজী মাধ্যমত অংক আৰু বিজ্ঞান  শিক্ষা প্ৰদান কৰাৰ কেবিনেট সিদ্ধান্ত সম্পৰ্কে কোৱা হয় যে  ন্যূনতম ভেটি প্ৰস্তুত নকৰাকৈ এই সিদ্ধান্ত কাৰ্যকৰী কৰিলে ইয়াৰ পৰিণাম  সৰ্বনশীয়া হ'ব । দুৰ্বল ছাত্ৰ-ছাত্ৰীয়ে বৈজ্ঞানিক দৃষ্টিভংগী গঢ়ি তোলাৰ বাবে জৰুৰী জটিল বিষয়টো আয়ত্ব কৰিব নোৱাৰাৰ লগতে বিষয় দুটা সম্পৰ্কে ভয়ভীতিৰ সঞ্চাৰ হ'ব । সংগঠনে অভিমত ব্যক্ত কৰে যে মাতৃভাষা মাধ্যমত  গণিত আৰু বিজ্ঞান বিষয়ত অধ্যয়ন কৰিবলৈ ইচ্ছুক ছাত্ৰ-ছাত্ৰীৰ বাবে  সুযোগ মুকলি থকা প্ৰয়োজন । তদুপৰি এই সিদ্ধান্ত গ্ৰহণ কৰাৰ আগতে  ৰাজ্যৰ শিক্ষাৰ আন্তগাঁথনি কিমানখিনি সাজু , যথেষ্ট সংখ্যক ইংৰাজী মাধ্যমত অংক আৰু বিজ্ঞান বিষয়ত পাঠদান কৰিবলৈ শিক্ষক আছে নে নাই , তৃতীয় শ্ৰেণীৰ পৰা ইংৰাজী মাধ্যমত পঢ়িব পৰাকৈ ছাত্ৰ ছাত্ৰীক প্ৰস্তুত কৰিব পৰা যাব নে নাই আদি দিশসমূহ গভীৰ ভাবে পৰ্যালোচনা কৰাৰ লগতে সক্ৰিয় ছাত্ৰ সংগঠন , শিক্ষক সংগঠন , বিশিষ্ট শিক্ষাবিদসকলৰ লগত আলাপ আলোচনা ক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰা প্ৰয়োজন আছিল অথচ তাকে নকৰি একপক্ষীয়ভাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । আমি ৰাজ্য চৰকাৰক  ভবিষতে সংশ্লিষ্ট সকলো পক্ষক  যুক্ত কৰি ছাত্ৰ ছাত্ৰী ভবিষ্যতৰ বাবে নিৰ্ণায়ক সিদ্ধান্ত গ্ৰহণ কৰাৰ  আহ্বান জনাওঁ   ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here