মুখ্যমন্ত্রী সাহায্য পুঁজিলৈ অসম সচিবালয় সেৱা সন্থাৰ দুই লাখ পইত্রিশ হাজাৰ টকাৰ বৰঙণি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 29 July 2022

মুখ্যমন্ত্রী সাহায্য পুঁজিলৈ অসম সচিবালয় সেৱা সন্থাৰ দুই লাখ পইত্রিশ হাজাৰ টকাৰ বৰঙণি

 




W7s news গুৱাহাটী:   অসম সচিবালয় সেৱা সন্থাৰ এটা প্রতিনিধি দলে বৃহস্পতিবাৰে মুখ্যমন্ত্রীক সাক্ষাৎ কৰি সচিবালয় সেৱাৰ বিষয়া কৰ্মচাৰী সকলে মুখ্যমন্ত্রী সাহায্য পুজিলৈ আগবঢ়োৱা সৰ্বমুঠ দুই লাখ পইত্রিশ হাজাৰ টকাৰ এখন ডিমাণ্ড ড্রাফট মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰে ৷ সাক্ষাৎ কালত মুখ্যমন্ত্ৰীয়ে সচিবালয়ৰ কাম-কাজৰ খবৰ লোৱাৰ লগতে সচিবালয়ৰ বিষয়া কৰ্মচাৰী সকলৰ যিকোনো অসুবিধাৰ ক্ষেত্ৰত  তেওঁক অবগত কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।সেৱা সন্থাৰ বিষয়ববীয়াই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ প্ৰশাসনৰ কাম-কাজ সমুহ ত্বৰান্বিত গতিত ফলপ্রসুভাবে সমাপন কৰিবলৈ সক্ষম হোৱাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰে আৰু সুপ্ৰশাসনৰ ক্ষেত্ৰত তেওঁৰ সকলো সিদ্ধান্তৰ সৈতে সকলো সময়তে সহযোগিতাৰে দায়িত্ব পালন কৰি যোৱাৰ প্রতিশ্রুতি দিয়ে। তেওঁৰ বহু কর্মব্যস্ততাৰ মাজতো সেৱা সন্থাক ক্ষণিক সময় দিয়াৰ বাবে সচিবালয় সেৱাৰ বিষয়া কৰ্মচাৰী সকলৰ হৈ সেৱা সন্থাই মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here