২৯ জুলাইত চিত্রগৃহলৈ আহিব নতুন অসমীয়া চলচ্চিত্র ‘উপসর্গ’ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 22 July 2022

২৯ জুলাইত চিত্রগৃহলৈ আহিব নতুন অসমীয়া চলচ্চিত্র ‘উপসর্গ’

 





W7s news গুৱাহাটী: ‘বিউটিফুল লাইভছ' নামৰ ছবিৰে অসমীয়া চলচ্চিত্ৰ জগতত আত্মপ্রকাশ কৰা যুৱ পৰিচালক কংকন ডেকাই পৰিচালনা কৰা নতুন অসমীয়া চলচ্চিত্ৰ 'উপসর্গ' ২৯ জুলাইত ৰাজ্যৰ প্ৰায় সমূহ ছবি গৃহত মুক্তিলাভ কৰিব। কাৰ্ণেল ফিল্ম প্ৰডাকচনৰ বেনাৰত নিৰ্মিত 'উপসর্গ'ৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু প্ৰযোজনা কৰিছে কংকন ডেকাই। ‘টকা কাক নালাগে'— এই টেগলাইন ব্যৱহাৰ কৰা “উপসৰ্গৰ চলচিত্ৰ খনৰ মূল চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে — কিংকৰ নাথ, অনিল নাথ, ৰাজশ্ৰী শৰ্মা, চন্দন কাশ্যপ, নীলিমা ডেকা, ৰাহুল ডেকা, জগদিশ ডেকা আদি। শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে 

চলচ্চিত্ৰ খনৰ পৰিচালক কংকন ডেকাই। তেওঁ লগতে কয়-মূলতঃ মংগলদৈ আৰু গুৱাহাটীত দৃশ্যগ্ৰহণ কৰা চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ কৰিছে চিদা বৰাই। সংগীত পৰিচালনা কৰিছে সৌৰভ মহন্তই। চলচ্চিত্ৰখনৰ একমাত্ৰ গীতটোত কণ্ঠ দিছে অৰূপ বৰুৱাই। ধীৰাজ মজুমদাৰে সম্পাদনা কৰা ‘উপসৰ্গ’ৰ ডি আই কালাৰিষ্ট শ্যামল দাস। প্ৰচাৰৰ দায়িত্বত আছে অভিজিৎ লস্কৰ। চলচিত্ৰখন ৰাইজে আদৰি ল'ব বুলি আশা কৰিলোঁ। ' সংবাদ মেলত চলচ্চিত্ৰ খনৰ সংগীত পৰিচালক সৌৰভ মহন্ত, গীতিকাৰ ড০ শৈলেন দাস, চলচ্চিত্ৰ খনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা অনিল নাথ, দেৱজিৎ গায়ন 

আদি উপস্থিত থাকে। সংবাদ মেলৰ পাছত চলচ্চিত্ৰ খনৰ পোষ্টাৰ মুকলি কৰা হয়। আনহাতে চলচ্চিত্ৰখনৰ গীতটো মুকলি কৰে জ্যেষ্ঠ ফটো সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাৱৰ উপ-সভাপতি ধনীৰাম কলিতাই।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here