ক্ৰমাৎ সুস্থ হৈ উঠিছে জুবিন গাৰ্গ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 22 July 2022

ক্ৰমাৎ সুস্থ হৈ উঠিছে জুবিন গাৰ্গ

 



সকলো ঠিকে থাকিলে শনিবাৰে জুবিন গাৰ্গ ক হাস্পতালৰ পৰা ঘৰলৈ যোৱাৰ অনুমতি দিয়া হ'ব


W7s news ষ্টাফৰিপোৰ্টাৰ : 

যুৱ প্ৰজন্মৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ ক্ৰমাৎ সুস্থ হৈ উঠিছে। সম্প্ৰতি গুৱাহাটীৰ আয়ুৰসুন্দ্ৰা হাস্পতালত চিকিৎসাধীন জুবিন গাৰ্গৰ স্বাস্থ্যৰ শুকুৰবাৰে যথেষ্ঠ উন্নতি ঘটিছে। হাস্পতালখনৰ চিকিৎসকে সদৰী কৰা অনুসৰি এইয়া সন্তোষজনক অগ্রগতি। সকলো ঠিকে থাকিলে শনিবাৰে জুবিন গাৰ্গ ক হাস্পতালৰ পৰা ঘৰলৈ যোৱাৰ অনুমতি দিব পৰা যাব। অবশ্যে শনিবাৰে পুৱা চিকিৎসকে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পাছতহে সিন্ধান্ত হ'ব বুলি জানিবলৈ দিছে৷ শুকুৰবাৰে পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হৃদ-বক্ষ আৰু স্নায়ুৰোগ কেন্দ্ৰৰ সঞ্চালক তথা স্নায়ুশল্য বিভাগৰ মূৰব্বী জ্যেষ্ঠ স্নায়ুশল্য বিশেষজ্ঞ ডাঃ বসন্ত কুমাৰ বৈশ্যই জুবিন গাৰ্গৰ স্বাস্থ্যৰ পৰীক্ষা কৰে আৰু চিকিৎসা প্ৰদান কৰি থকা চিকিৎসকৰ দলটোৰ সৈতে মত-বিবিময় কৰে।উল্লেখ্য, বৃহস্পতিবাৰে নিশা তেওঁৰ টোপনি ঠিকে হৈছিল বুলি তেওঁ জানিবলৈ দিছে। তেওঁক সাধাৰণ খাদ্য গ্ৰহণ কৰিবলৈ দিয়া হৈছে।উল্লেখ‍্য,ডিব্ৰুগড়ৰ মোহনবাৰী স্থিত ৰিজৰ্টত থকা সময়ত শিল্পী জুবিন গাৰ্গে মঙলবাৰে সন্ধিয়া স্নানাগাৰত  পিছলি পৰি মূৰত আঘাত পোৱা বাবে  ডিব্ৰুগড়ৰ পল্টনবজাৰস্থিত সঞ্জীৱনী ডায়েগ্নষ্টিক এণ্ড হাস্পতালত হাস্পতালৰ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ ক্ৰমে উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেন্সেৰে গুৱাহাটীলৈ অনা হয় আৰু গুৱাহাটীৰ আয়ুৰসুন্দ্ৰা হাস্পতালত ভৰ্তি কৰোৱা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here