এন এফ ৰে'লৱে মজদুৰ ইউনিয়নৰ অধিবেশনত দিলীপ কুমাৰ চক্ৰৱৰ্তীক সভাপতি আৰু আশীষ বিশ্বাসক সাধাৰণ সম্পাদক পদত নিৰ্বচিত* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 15 July 2022

এন এফ ৰে'লৱে মজদুৰ ইউনিয়নৰ অধিবেশনত দিলীপ কুমাৰ চক্ৰৱৰ্তীক সভাপতি আৰু আশীষ বিশ্বাসক সাধাৰণ সম্পাদক পদত নিৰ্বচিত*

 



W7s news গুৱাহাটী :- এন এফ ৰে'লৱে মজদুৰ ইউনিয়নৰ ৬৪ সংখ্যক বাৰ্ষিক আৰু ত্ৰয়োদশ দ্বি বাৰ্ষিক অধিবেশনখনি  ১২ জুলাইৰ পৰা ১৪ জুলাইলৈ  পশ্চিমবঙ্গৰ নিউ জলপাইগুড়িত  অনুষ্ঠিত হয় ।  ১৩ জুলাইত  ইউনিয়নৰ পতাকা উত্তোলনৰে অধিবেশনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে  নিউ জলপাইগুড়ি শাখাৰ সভাপতি উত্তম দস্তিদাৰে আৰু  বন্তি প্ৰজ্বলন কৰে সাধাৰণ সম্পাদক আশীষ বিশ্বাসে। ইয়াৰ পাছতেই  মহিলা কমিটিৰ অভিৱৰ্তন অনুষ্ঠিত হয় । বিয়লি  অনুষ্ঠিত মুকলি সভাত বক্তব্য ৰাখি অল ইণ্ডিয়া ৰে'লৱে মেনচ ফেডাৰেচনৰ সভাপতি শিৱ গোপাল মিশ্ৰই  সাম্প্ৰতিক দেশৰ পৰিস্থিতিত গভীৰ উদ্বেগ প্ৰকাশ কৰি কয় , দেশবাসীৰ লগতে ৰে'ল কৰ্মচাৰী সকলৰ সন্মুখত এক ভয়াবহ দুৰ্দিন আহি পৰিছে । কৰ্তৃপক্ষই বৰ কৌশলৰে জাপি দিব খোজা কেতবোৰ শ্ৰমিক বিৰোধী নীতিয়ে অৱশেষত ৰে'ল মজদুৰৰ ভৱিস্যত কোন দিশলৈ লৈ যায় এতিয়াই সঠিক ভাৱে ঠাৱৰ কৰিব নোৱাৰিলেও -এনে নীতিয়ে যে ৰে'লকৰ্মীক শান্তিত থাকিব নিদিয়ে সেয়া খাটাংকৈ কব পৰা যায় । সভাত এন এফ ৰে'লৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক আশীষ বিশ্বাসে কয় ৰে'লৰ দৰে জাতীয় সম্পদক ব্যক্তিগত লোকৰ হাতত অৰ্পন কৰাৰ ষড়যন্ত্ৰই ইয়াৰ কৰ্মচাৰীকে নহয় -ৰে'লৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা চলোৱা জনসাধাৰণো এই ষড়যন্ত্ৰৰ বলি হৈছে ।  সভাত উত্তৰ-পূৱ সীমান্ত ৰে'লৰ মুখ্য কাৰ্মিক বিষয়া শশাংক শৰ্মা আৰু  কাটিহাৰ সংমণ্ডলৰ ডি আৰ এম কৰ্ণেল এচ কে সিঙো উপস্থিত থাকে । সভাৰ পূৰ্বে  নিউ জলপাইগুড়ি ৰে'ল ষ্টেচনৰ পৰা সভাস্থলীলৈ এক বৰ্ণাঢ্য শোভাযাত্ৰা উলিওৱা হয় । প্ৰখৰ ৰ'দকো আওকান কৰি হাজাৰ হাজাৰ ৰে'ল কৰ্মীয়ে শোভাযাত্ৰাত অংশ লয় । মুকলি সভাৰ পাছত অনুষ্ঠিত প্ৰতিনিধি সভাত সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে সাধাৰণ সম্পাদক আশীষ বিশ্বাসে আৰু হিচাপ দাখিল কৰে কোষাধ্যক্ষ মনোৰঞ্জন সৰকাৰে । ইয়াৰ পাছতেই ইউনিয়নৰ বাচনি  সভাত  আগন্তুক দুটা বৰ্ষৰ বাবে ইউনিয়নৰ নতুন কমিটি গঠন কৰা হয় । সভাত   দিলীপ কুমাৰ চক্ৰৱৰ্তীক সভাপতি, কণক চন্দ্ৰ বৰ্মনক কাৰ্যকৰী সভাপতি, আশীষ বিশ্বাসক সাধাৰণ সম্পাদক আৰু মনোৰঞ্জণ চৰকাৰক কোষাধ্যক্ষ হিচাপে লৈ ইউনিয়নৰ  এখন ৩৫ জনীয়া কেন্দ্ৰীয় কমিটিখন গঠন কৰা হয় ।  ইফালে প্ৰবীন সমাজবাদী নেতা তথা অসমৰ প্ৰাক্তণ মুখ্যমন্ত্ৰী গোলাপ বৰবৰা, অসম বিধান সভাৰ প্ৰাক্তণ অধ্যক্ষ হৰেশ্বৰ গোস্বামী, হুমায়ুন কবিৰ, পিটাৰ আলভাৰচ, বসন্ত চন্দ্ৰ ঘোষ, ৰমণী বৰ্মণ আদিৰ দৰে বিশিষ্ট ব্যক্তি সকলে বিভিন্ন সময়ত অলংকৃত কৰা  এন এফ ৰে'লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সভাপতিৰ পদত এইবেলি বৃহত্তৰ পাণ্ডু  মালিগাৱঁ অঞ্চলত সাংস্কৃতিক কর্মী হিচাপে পৰিচিত  দিলীপ কুমাৰ চক্ৰৱৰ্তী নিৰ্বাচিত হোৱাত ৰে'ল কৰ্মী সকলৰ লগতে মালিগাওঁবাসী উৎফুল্লিত হৈ পৰিছে । শুকুৰবাৰে  এটা বিবৃতিত দিলীপ কুমাৰ চক্ৰৱৰ্তীয়ে সমূহ ৰে'ল কৰ্মীকে ধন্যবাদ জ্ঞাপন কৰি কয় আমি সমূহীয়া প্ৰচেষ্টাৰে আগবাঢ়ি ইউনিয়নটোক অধিক শক্তিশালী কৰি তুলিব লাগিব ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here