জ্যোতি-বিষ্ণুৰ গীতৰ কৰ্মশালা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 16 July 2022

জ্যোতি-বিষ্ণুৰ গীতৰ কৰ্মশালা

 



W7s news গুৱাহাটী:  পূব-গুৱাহাটী বিহু সন্মিলনৰ উদ্যোগত ১৯ জুলাইৰ পৰা ২৩ জুলাইলৈ

অসমৰ সাংস্কৃতিক জগতৰ দুগৰাকী অন্যতম পুৰোধা ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ গীতৰ কৰ্মশালা আয়োজন কৰা হৈছে। গীতৰ কৰ্মশালাত মুখ্য প্রশিক্ষক হিচাপে থাকিব বিশিষ্ট সংগীত শিল্পী আলখ্য চক্রবর্তী। ৫ বছৰৰ উৰ্ধৰ সকলোৱে কর্মশালাত যোগদান কৰিব পাৰিব। পুৱা ১০ বজাৰ পৰা দিনৰ ২ বজালৈ কৰ্মশালা অনুষ্ঠিত হ'ব। ইচ্ছুক প্ৰাৰ্থী সকলে চানমাৰি উৰণীয়া সেতুৰ তলৰ পূব-গুৱাহাটী বিহু সন্মিলনৰ কাৰ্যালয়ৰ পৰা প্ৰ-পত্ৰ সংগ্ৰহ কৰিব পাৰিব। এই বিষয়ে সবিশেষ জানিবলৈ 

৭০০২৯৭০২৭১ আৰু ৮১৩৪৯৮৫২৮৩ নম্বৰত যোগাযোগৰ কৰিব পাৰিব।  পূব-গুৱাহাটী বিহু সন্মিলনৰ সভাপতি বিপুল তালুকদাৰ আৰু সাধাৰণ সম্পাদক সীমান্ত ঠাকুৰীয়াই এই কৰ্মশালা সফল কৰি তুলিবলৈ গুৱাহাটীৰ সকলো ৰাইজৰে সহায়-সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here