W7s news গুৱাহাটী : ৰাজ্য চৰকাৰৰ বন বিভাগত ১৯৯৩ চনৰ পহিলা এপ্ৰিলৰ পূৰ্বে নিযুক্তি লাভ কৰা কিন্ত দৰমহাৰ পৰা বঞ্চিত তথা ফিক্সড পে তালিকাৰ পৰা বাদ পৰি যোৱা কেজুৱেল বন শ্ৰমিক সকলক দৰমহাসহ নিয়মীয়া নিযুক্তিৰ দাবীত সদৌ অসম বন বিভাগ কেজুৱেল শ্ৰমিক সন্থাৰ এটা সঁজাতি দলে ১৪ জুলাইত অসম চৰকাৰৰ বন আৰু পৰিবেশ বিভাগৰ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীক দিছপুৰৰ অসম সচিবালয়ত সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে । সন্থাৰ সভাপতি চিকণ ডেকা আৰু সম্পাদক ধনঞ্জয় দাসৰ নেতৃত্বত যোৱা সজাতি দলটোৱে সাক্ষাৎকালত মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীক তেওঁলোকে ভোগ কৰি অহা সমস্যাৰ বিষয়ে অৱগত কৰি শীঘ্ৰেই দীৰ্ঘদিনীয়া সমস্যাটো সমাধানৰ বাবে আহ্বান জনায় । আনহাতে মন্ত্ৰীক প্ৰদান কৰা স্মাৰক পত্ৰত সন্থাই ২০০৮ চনত সমগ্ৰ অসমত কেজুৱেল বন শ্ৰমিকৰ মাজৰ পৰা ১,৪২৫ জনক মাহিলী নিৰ্দিষ্ট হাৰত বেতন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পাছত বাদ পৰি যোৱা খিনিকো পৰৱৰ্তী সময়ত নিৰ্দিষ্ট হাৰত বেতন প্ৰদান কৰিম বুলি বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষই কেইবাবাৰো আশ্বাস দিয়াৰ পাছতো সেই আশ্বাস কাৰ্যকৰী নকৰা আদি বিষয় সন্নিবিষ্ট কৰি শীঘ্ৰে ১৯৯৩ চনৰ পহিলা এপ্ৰিলৰ পূৰ্বে নিযুক্তি প্ৰাপ্ত কিন্ত ফিক্সড পে তালিকাৰ পৰা বাদ পৰি যোৱা কেজুৱেল বন শ্ৰমিক খিনীক নিৰ্ধাৰিত হাৰত বেতনসহ নিযুক্তি প্রদান কৰিবলৈ দাবী জনোৱা হয় । সাক্ষাৎকালত মন্ত্ৰী পাটোৱাৰীয়ে তেওঁলোকে ভোগ কৰি অহা সমস্যাটো বিভাগৰ শীৰ্ষ বিষয়া সকলৰ সৈতে আলোচনা কৰি মানৱীয়তাৰ দৃষ্টিভংগীৰে আৰু বিভাগীয় নীতি নিয়মৰ মাজেৰে সমাধান কৰিব বুলি আশ্বাস প্ৰদান কৰে ।
Post Top Ad
Responsive Ads Here
Friday, 15 July 2022

Home
গুৱাহাটী
ফিক্সড পে তালিকাৰ পৰা বাদ পৰি যোৱা কেজুৱেল শ্ৰমিকক নিৰ্ধাৰিত হাৰত বেতনসহ নিযুক্তি পত্ৰ প্ৰদানৰ দাবীত বনমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান
ফিক্সড পে তালিকাৰ পৰা বাদ পৰি যোৱা কেজুৱেল শ্ৰমিকক নিৰ্ধাৰিত হাৰত বেতনসহ নিযুক্তি পত্ৰ প্ৰদানৰ দাবীত বনমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment