গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা প্ৰদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 6 July 2022

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা প্ৰদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান

 


সংবাদমেলত প্ৰতিবন্ধীসুৰক্ষা সংস্হাৰ ঘোষণাঃ চতুৰ্থ বৰ্গৰ নিযুক্তিৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয়ৰ দাৰস্হ হোৱা নাই সংগঠন



W7s news গুৱাহাটী প্ৰতিবন্ধীৰ বাবে অনুষ্ঠিত হোৱা চতুৰ্থ বৰ্গৰ নিযুক্তি পৰিক্ষাৰ গুৱাহাটী বিশ্ববিদ্যালয়ে শেহতীয়াকৈ প্ৰকাশ কৰা তালিকা আসোৱাহ পূৰ্ণ বুলি অভিযোগ উত্থাপন হৈছে৷ এইক্ষেত্ৰত আদালতৰ দাৰস্হ হোৱা বুলি একাংশই অপপ্ৰচাৰ চলোৱা কথা পোনচাতেই নাকচ কৰিছে প্ৰতিবন্ধী সুৰক্ষা সংস্হা অসমে৷ আজি দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেলত সংগঠনটোৰ সম্পাদক নৃপেন মালাকাৰে কয় যে প্ৰতিবন্ধী সকলৰ চতুৰ্থ বৰ্গৰ নিযুক্তিক লৈ কিছু ন্যস্ত স্বাৰ্থ জড়িত ব্যক্তিয়ে নিজৰ মুনাফা আদায়ৰ স্বাৰ্থত অপপ্ৰচাৰত লিপ্ত হৈ  প্ৰতিবন্ধী লোকসকলক বিপথে পৰিচালিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে৷ এনে ব্যক্তিক অনাগত দিনত অপপ্ৰচাৰৰ পৰা বিৰত থাকিবলৈ সংগঠনটোৰ নেতৃবৃন্দই সকিয়াই দিয়াৰ লগতে তেওঁলোকৰ বিৰুদ্ধে অনাগত দিনত আইনী ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিয়ে৷ মালাকাৰে লগতে কয় প্ৰতিবন্ধী সুৰক্ষা সংস্হা অসমৰ লগতে ইয়াৰ সহযোগী সংগঠন মধ্য অসম প্ৰতিবন্ধী সংস্হা, দৃষ্টিহীন পৰিষদ অসম আৰু সদৌ বিটিএডি প্ৰতিবন্ধী সংস্হায়ো এতিয়ালৈ উচ্চ ন্যায়ালয়ৰ ওচৰ চপা নাই৷ বৰঞ্চ সমগ্ৰ প্ৰক্ৰিয়াটো স্বচ্ছ আৰু নিকা হোৱাতোতহে নজৰ ৰাখিছে৷ আনকি আজিৰ সংবাদমেলৰ জৰিয়তে গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা প্ৰদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ সংগঠনটোৱে আহ্বান জনায়৷ ইতিমধ্যে প্ৰকাশিত তালিকাত সৰ্বস্ব ৯নম্বৰৰ ভিতৰত ১০ৰ পৰা ১৪লৈ লাভ কৰা প্ৰায় ৩০তকৈ অধিক ব্যক্তিৰ নাম সন্নিৱিষ্ট হোৱা পৰিলক্ষিত হৈছে৷ আনকি প্ৰায় ৭০০গৰাকী ব্যক্তিয়ে দশমিকৰ ঘৰত নম্বৰ লাভ কৰা বিসংগতিও তালিকা খনত স্পষ্টভাৱে ওলাই পৰিছে৷ ফলাফলত দৃষ্টিহীন, মুকবধিৰ ব্যক্তি সকলৰ নামো অস্হি প্ৰতিবন্ধকতাৰ বিভাগত অন্তৰ্ভুক্ত হোৱাটো তালিকাখনত স্পষ্ট ৰূপত প্ৰকাশ পাইছে৷ সেয়েহে সমগ্ৰ আসোৱাহ সমুহ আতৰ কৰি এক স্বচ্ছ আৰু নিকা প্ৰদ্ধতিত ফলাফলৰ তালিকা প্ৰকাশ কৰিবলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষক দাবী জনায়৷ আজিৰ সংবাদমেলতে ৰাজ্য চৰকাৰে নিযুক্তি দিব ওলোৱা ২৬হাজাৰ পদৰ প্ৰতিবন্ধীৰ বাবে সংৰক্ষিত ১০৫৪টা পদ পূৰণৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংগঠনটোৱে আহ্বান জনায়৷ আজিৰ সংবাদ মেলত উপস্থিত থাকে দৃষ্টিহীন পৰিষদ অসমৰ সম্পাদক প্ৰনৱ বেজবৰুৱা, মধ্য অসম প্ৰতিবন্ধী সংস্হাৰ সভাপতি টংকেশ্বৰ বৰা, সদৌ বিটিএডি প্ৰতিবন্ধী সংস্হাৰ বিষয়ববীয়াৰ লগতে সংগঠন কেইটাৰ বহুতো নেতা কৰ্মী উপস্থিত থাকে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here