খিলঞ্জীয়া পৰিচয় দিলেই নহব, খলুৱা কৃষ্টি সংস্কৃতি আৰু পৰম্পৰা বৰ্তাই ৰাখিব লাগিব -গৰিয়া উন্নয়ন পৰিষদ অসম - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 6 July 2022

খিলঞ্জীয়া পৰিচয় দিলেই নহব, খলুৱা কৃষ্টি সংস্কৃতি আৰু পৰম্পৰা বৰ্তাই ৰাখিব লাগিব -গৰিয়া উন্নয়ন পৰিষদ অসম

 




বিজেপি মিত্ৰজোঁট চৰকাৰে গৰিয়া, মৰিয়া, দেশী, ছৈয়দ আৰু জোলহা মুছলিম সকলক খিলঞ্জীয়া

জনগোষ্ঠীৰ লোক বুলি মৰ্যদা প্ৰদান কৰি শিক্ষা, আর্থ-সামাজিক, সাংস্কৃতিক বিকাশৰ পথ প্ৰশান্ত কৰিলে-অসম গৰিয়া পৰিষদ, অসমীয়া মুছলিন পৰিষদ


W7s news গুৱাহাটী: "এয়া অন্য এক ঐতিহাসিক পদক্ষেপ । "মঙলবাৰে কেবিনেট সভ্যত অসমৰ গৰিয়া, মৰিয়া, দেশী, জলহা, চৈয়দ সকলৰ ক্ষেত্ৰত চৰকাৰে লোৱা সিদ্ধান্তৰ সন্দৰ্ভত বুধবাৰে দিছ্পুৰ প্ৰেছ ক্লাৱত গৰীয়া উন্নয়ন পৰিষদ উদ্যোগত অনুষ্ঠিত  এখন সং বাদ মেলত গৰীয়া উন্নয়ন পৰিষদৰ  অধ্যক্ষ হাফিজুল আহমেদে এই কথা সদৰী কৰে। তেওঁ লগতে কয়- ইয়াৰ বাবে মুখ্যমন্ত্রী ড. হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন আমাৰ চৰকাৰ খনক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছো । এই ঘোষণাই সকলো মুছলমান একাকাৰ কৰা ষড়যন্ত্র ৰ পৰা জনগোষ্ঠী কেইটাক উদ্ধাৰ কৰিলে । কিন্তু ভাৰ লগে লগে এই জনগোষ্ঠী কেইটাক নেতৃত্ব দিয়া ব্যক্তি বিশেষ তথা দল সংগঠনৰ যথেষ্ট দায়িত্ব আৰু কৰ্ত্তব্য আছে। নেতৃত্বত থকা সকলে তৃণমূল পৰ্যায়ৰ পৰা এই জনগোষ্ঠীয় লোক সমূহৰ খিলঞ্জীয়া কৃষ্টি, সংস্কৃতি, পৰম্পৰা সমূহ সৰক্ষণ, সংবর্ধন আৰু সম্প্ৰসাৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে । অন্যথা চৰকাৰে যিমানে ঘোষণা নকৰক কিয় জনগোষ্ঠী কেইটাই ধর্মীয় পৰিচয়ৰ উৰ্ধত খিলঞ্জীয়া পূৰ্বপুৰুষ সকলৰ দিনৰ পৰাই পালন কৰি অহা নিজ কৃষ্টি সংস্কৃতি পৰম্পৰা বৰ্তাই নৰাখিলে বাস্তব অৰ্থত খিলঞ্জীয়া বুলি প্রমাণিত নহব আৰু অন্যান্য খিলঞ্জীয়া জাতি জনগোষ্ঠী সমূহেও সামাজিক ভাবে আঁকোৱালি লব।' উপাধ্যক্ষ মুষ্টাক উদ্দিন আহমেদে কয়-যি ধর্মতে বিশ্বাস নাৰাখক কিয় পৰিষদে সকলো ৰাইজক এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনালো। উল্লেখ্য, পৰিষদৰ অধ্যক্ষ হাফিজুল আহমেদে ইতিমধ্যে গৰীয়া, মৰীয়া, দেশী আদি জনগোষ্ঠী সমূহৰ গাঁও সমূহ চিনাক্ত কৰণৰ যি পদক্ষেপ হাতত লৈছে তাত দল সংগঠন সমূহ ক সহযোগিতা কৰিবলৈ আহ্বান জনাই কয় যে সুকীয়া জৰীপ পূর্বে বাবে গাঁও সমূহ চিনাক্ত কৰণ কৰাটো অতীব জৰুৰী । কিয়নো গাঁও সমূহ চিনাক্ত কৰণ নকৰিলে নগৰ চহৰে সিঁচৰিত হৈ থকা এই লোক সকলক চিনাক্ত কৰণ কৰাটো অসম্ভব হৈ পৰিব ।মুখ্যমন্ত্ৰীয়ে প্রকৃতপক্ষে এনেদৰে জৰীপৰ প্ৰাথমিক আৰু প্ৰয়োজনীয় পদক্ষেপ লোৱা বাবে আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ।' সংবাদ মেলত পৰিষদৰ সদস্য চেলিম আহমেদ আৰু গহেৰ আলি উপস্থিত থাকে । ইফালে

বিজেপি মিত্ৰজোঁট চৰকাৰে গৰিয়া, মৰিয়া, দেশী, ছৈয়দ আৰু জোলহা মুছলিম সকলক খিলঞ্জীয়া

জনগোষ্ঠীৰ লোক বুলি মৰ্যদা প্ৰদান কৰি শিক্ষা, আর্থ-সামাজিক, সাংস্কৃতিক বিকাশৰ পথ প্ৰশান্ত কৰিলে বুলি কয় অসম গৰিয়া পৰিষদে।  বিজেপি চৰকাৰৰ এনে বলিষ্ঠ সিদ্ধান্তৰ বাবে  অসমীয়া মুছলিম পৰিষদ, অসম গৰিয়া পৰিষদে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন তথা কৃতজ্ঞতা জ্ঞাপন কৰিছো। মুখ্যমন্ত্ৰীয়ে অসমীয়া মুছলিম সকলক, স্বদেশী, বিদেশী, বিহাৰী, বাঙালী আদি মুছলিম লোকৰ পৰা পৃথকে পৰিচিত কৰি ধৰ্মীয় সংখ্যালঘুৰ হাতোৰাৰ পৰা মুক্ত কৰিলে-এইদৰে কয়-অসমীয়া মুছলিম পৰিষদৰ সভাপতি ৰহমচা আলী আৰু অসম গৰিয়া পৰিষদৰ সভাপতি আব্দুল হামিদে। নেতাদ্বয়ে সংবাদ মাধ্যমক লগতে কয়-চৰকাৰৰ এনে সিদ্ধান্তৰ বাবে আমি আনন্দিত।' উল্লেখ‍্য,বর্তমান অসমীয়া মুছলিম পৰিষদ আৰু অসম গৰিয়া পৰিষদৰ সভাপতি ক্ৰমে ৰহমচা আলী আৰু আব্দুল হামিদৰ নেতৃত্বত ২০০০ চনৰে পৰা সুদীৰ্ঘ ২২ বছৰ ধাৰাবাহিকভাৱে খিলঞ্জীয়া অসমীয়া মুছলিমৰ অস্তিত্ব ৰক্ষাৰ বাবে সংগ্ৰাম কৰা হৈছে। নেতাদ্বয়ে লগতে কয়-স্বাধীনোত্তৰ কালত গৰিয়া, মৰিয়া বা খিলঞ্জীয়া মুছলিমৰ ৰক্ষা কবচ বিচাৰি দাবী উত্থাপন কৰা ব্যক্তিৰ নেতৃত্বত আমিয়ে (ৰহুমচা আলী আৰু আব্দুল হামিদ) প্রথম ব্যক্তি। গতিকে বিজেপি চৰকাৰৰ এনে সিদ্ধান্তত আমিয়ে বেছি আনন্দিত হৈছো। আনহাতে ২০-২২ বছৰ পূৰ্বৰে পৰা খিলঞ্জীয়া অসমীয়া মুছলিমৰ অস্তিত্ব ৰক্ষা আন্দোলনত ত্যাগ স্বীকাৰ কৰা। মহান লোকসকলক আমি ধন্যবাদ জনাইছো। অসমীয়া মুছলিমৰ বাবে ড° হিমন্ত বিশ্ব শৰ্মা স্বাধীনোত্তৰ কালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি আমি অনুভৱ কৰিছো।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here