জেবিএফ ইণ্ডিয়া ট্ৰাষ্টে গুৱাহাটী প্ৰেছ ক্লাবত বিশ্ব উভসংক্ৰমণ দিৱস পালন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 6 July 2022

জেবিএফ ইণ্ডিয়া ট্ৰাষ্টে গুৱাহাটী প্ৰেছ ক্লাবত বিশ্ব উভসংক্ৰমণ দিৱস পালন

 



W7s news গুৱাহাটী: জেবিএফ ইণ্ডিয়া ট্ৰাষ্টে গুৱাহাটী প্ৰেছ ক্লাবত বুধবাৰে বিশ্ব উভসংক্ৰমণ দিৱস পালন কৰা হয়। আজিৰ দিনটোতে লুই পেষ্টুৰে প্ৰথম জলাতঙ্ক প্ৰতিৰোধী ভেকছিন প্ৰদান কৰিছিল আৰু এই উপলক্ষে সকলো উভসংক্ৰমণ ৰোগৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ বিশ্ব উভসংক্ৰমণ দিৱস পালন কৰা হয়। এই বছৰ জেবিএফে, স্মল এনিম্যাল প্রাক্টিশনাৰ এছ'চিয়েশনৰ সহযোগত ডাঃ পৰাগ জ্যোতি ডেকাক তেওঁৰ অক্লান্ত পৰিশ্ৰম আৰু পশু কল্যাণৰ ক্ষেত্ৰত অসাধাৰণ অৱদানৰ বাবে “পশু কল্যাণ ক্ষেত্ৰ পশু চিকিৎসক বঁটা” প্ৰদান কৰা হয়। জেবিএফে পশু উদ্ধাৰৰ ক্ষেত্ৰত কৰা প্ৰচেষ্টাৰ বাবে ডাঃ চন্দামিতা দাসক “যুৱ পশু উদ্ধাৰকাৰী বঁটাৰে” সন্মানিত কৰা হয়। পদ্মশ্ৰী বঁটাৰে সন্মানিত দেশৰ প্ৰথম গৰাকী পশু চিকিৎসক ডাঃ কুশল কোঁৱৰ শৰ্মাই অনুষ্ঠানটোত অংশগ্ৰহণ কৰি উভ সংক্ৰমিত ৰোগৰ বিষয়ে বক্তৃতা প্ৰদান কৰে। সজাগতা আৰু বঁটা প্ৰদান অনুষ্ঠানৰ উপৰিও গুৱাহাটী পৌৰনিগমৰ আয়ুক্ত দেৱশীষ শৰ্মাই জেবিএফক এখন পশু এম্বুলেন্স আনুষ্ঠানিক  প্ৰদান কৰে। এই বাহন জেবিএফক পশু উদ্ধাৰ অভিযানৰ লগতে পথৰ কুকুৰৰ জন্ম নিয়ন্ত্ৰণৰ বাবে কুকুৰ পৰিবহনত সহায় কৰিব। গুৱাহাটী পৌৰনিগমৰ আয়ুক্ত দেৱশীষ শৰ্মা,  অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালক  ইন্দিৰা কলিতা  অনুস্থানত উপস্থিত থাকি বক্তব্য আগবঢ়ায়। এই অনুষ্ঠানৰ উপৰিও, জেবিএফৰ সহযোগত অসমৰ কেইবাঠাইতো বিনামূলীয়া জলাতঙ্ক প্ৰতিৰোধী টিকাকৰণ অভিযানৰো আয়োজন কৰা হয়।  জে বি এফৰ কাৰ্যবাহী ন্যাসৰক্ষী ডাঃ শশাংক শেখৰ দত্তই আদৰণি ভাষণ দিয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here