নতুন সাহিত্য পৰিষদ পশ্চিম গুৱাহাটীৰ সন্মিলন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 3 July 2022

নতুন সাহিত্য পৰিষদ পশ্চিম গুৱাহাটীৰ সন্মিলন

 




W7s news গুৱাহাটী: নতুন সাহিত্য পৰিষদ ,পশ্চিম গুৱাহাটীৰ শাখাৰ  দশম দ্বিবাৰ্ষিক সন্মিলন পাণ্ডুৰ শিশিৰ ঘটক ভৱনত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। পুৱা ১১বজাত পতাকা উত্তোলন আৰু ছহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলিৰে অনুষ্ঠানৰ আৰম্ভণি হয়।  ড : ৰজনীকান্ত দাস আৰু শাখাৰ সভাপতি তৰুণ তামুলীৰে গঠিত সভাপতি মণ্ডলীৰে গঠিত সন্মিলন উদ্বোধন কৰি পৰিষদৰ ৰাজ্যিক উপসভাপতি ৰবীন্দ্ৰ কুমাৰ দাসে  কয়-পুঁজিবাদী  অৰ্থনীতিয়ে নিজক সংকটৰ পৰা উদ্ধাৰ কৰিবলৈ আমাৰ ৰাজ্য ' দেশ আৰু বিশ্বময় শ্ৰমজীৱী মানুহৰ জীৱন বিষময় কৰি তুলিছে। সেই সংকট আৰু তাৰ পৰা মুক্তিৰ বৈজ্ঞানিক সমাজতান্ত্ৰিক আদৰ্শৰ সঁচা অৰ্থৰ ৰূপান্তৰৰ পথ পৰিষদৰ কবি সাহিত্যিক সকলে  তেওঁলোকৰ সাহিত্য কৰ্মৰ জৰিয়তে অন্তৰস্পৰ্শীৰূপত দাঙি ধৰিব লাগিব। শাখাৰ সম্পাদক দেৱানন্দ শৰ্মাই  সংগঠনটোৰ দুই বছৰীয়া  কাৰ্যকালৰ সংগঠন আৰু সাহিত্য চৰ্চাৰ প্ৰতিবেদন উত্থাপন কৰে। আঠগৰাকীয়ে প্ৰতিনিধিয়ে বিভিন্ন দিশ আলোচনা কৰি

দিয়া শুধৰণি সংযোজনৰ পৰামৰ্শৰ ভেটিত প্ৰতিবেদন গৃহীত হয়। বিশিষ্ট বুদ্ধিজীৱী আব্দুল মান্নানে শুভেচ্ছা মূলক বক্তব্য আগবঢ়ায়। সন্মিলনে পৰৱৰ্তী কাৰ্যকালৰ বাবে তৰুণ তামুলীক সভাপতি আৰু দেবানন্দ শৰ্মাক সম্পাদক নিৰ্বাচন কৰে। প্ৰিয়ম্বদা দাসে পৰিবেশন কৰা ভাৰতৰত্ন ড: ভূপেন হাজৰিকাৰ 'নামি আহা সুন্দৰৰে সেনা শিল্পী দল'শীৰ্ষক নতুন সাহিত্য পৰিষদৰ শীৰ্ষ সংগীতেৰে মুকলি হোৱা  সভাৰ দ্বিতীয় ভাগৰ  কবিতা পাঠৰ অনুষ্ঠানৰ আৰম্ভ হয় মীনাক্ষী বড়োৰ আবৃত্তিৰে। অনুষ্ঠানত কবি শচীন দাস,সমীন্দ্ৰ হুজুৰি, ৰবীন্দ্ৰ কুমাৰ দাস,মদন শৰ্মা আৰু দেৱানন্দ শৰ্মাই কবিতা পাঠ কৰে ।সন্মিলনে অহা ১৮ আগষ্টত কবি অমূল্য বৰুৱাৰ মৃত্যুৰ দিনটোতে শাখাৰ মুখপত্ৰ সৃজনৰ সপ্তম সংখ্যাটো কবিজনাৰ জন্ম শতবৰ্ষ বিশেষ সংখ্যাৰূপে প্ৰকাশৰ কৰিবলৈ সিদ্ধান্ত লয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here