'গতি অসম'ৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 3 July 2022

'গতি অসম'ৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান


'নিভাজ অসমীয়া ভাষাৰ মহত্ব  হৰেন্দ্ৰ নাথ বৰঠাকুৰৰ নাটকত পোৱা যায়'- ড° নৰেন পাটগিৰি 


W7s news গুৱাহাটী: ' হৰেন্দ্ৰ নাথ বৰঠাকুৰৰ নাটকৰ মাজত আমি সহজ সৰল ভাষা আৰু পৰিৱেশ বিচাৰি পাওঁ। তেওঁৰ নাটকত নাই কোনো জটিলতা, যাৰ বাবে তেওঁৰ নাটকে সকলোৰে মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। - দেওবাৰে মহানগৰীৰ বামুনীমৈদামৰ পৰাগ দাস পথত থকা গতি ৰাজ্যিক শিশু পুথিভঁৰালত বিশিষ্ট নাট্যকাৰ প্ৰয়াত হৰেন্দ্ৰ নাথ বৰঠাকুৰৰ স্মৃতিত আয়োজিত অনুষ্ঠানত বিশিষ্ট নাট্যকাৰ নৰেন পাটগিৰিয়ে এইদৰে কয়। হৰেন্দ্ৰ নাথ বৰঠাকুৰ শিশু নাটকৰ বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰি প্লেটফৰ্ম, ৰজাৰ দেউল আদিকে ধৰি কে'বাখনো নাটকৰ বিষয়ে উল্লেখ কৰে।  সামাজিক সাংস্কৃতিক অনুষ্ঠান গতি অসমৰ উদ্যোগত আয়োজিত অনুষ্ঠানটিৰ আৰম্ভণিতে হৰেন্দ্ৰ নাথ বৰঠাকুৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে গতি অসমৰ সভাপতি থানেশ্বৰ মালাকাৰ আৰু নৰেন পাটগিৰিয়ে। তাৰ পিছতে হৰে


ন্দ্ৰ নাথ বৰঠাকুৰ স্মৃতিত এক মিনিট মৌন প্ৰাৰ্থনা জনাই আত্মাৰ সদগতি কামনা কৰে সকলোৱে। অনুষ্ঠানত চিন্ময় কলিতা, বৰষাৰাণী কলিতা, চিত্ৰা দাস, স্পৃহা নেওগ, অৰিয়ন অনুভৱ কলিতা, বৰ্ণিল আকাশ বৰা, ৰশ্মিনন্দা কলিতা, ভৃশানা ৰহমান দাস, ত্ৰিজ্ঞাবিজয় লস্কৰ, প্ৰণীতা কৌৰ, জয়সূৰ্য শৰ্মা আদি শিশুৱে নাটকৰ সংলাপ আৰু কবিতা আবৃত্তি কৰি সকলোকে মুগ্ধ কৰে। অনুষ্ঠানত গতি অসমৰ সভাপতি থানেশ্বৰ মালাকাৰে নাটকৰ মাজেৰে হৰেন্দ্ৰ নাথ বৰঠাকুৰৰ সমাজক বিশেষকৈ শিশুসকলৰ বাবে কিবা এটা দিব বিচাৰিছিল। 'গতি অসম'ৰ সম্পাদক অনুভৱ পৰাশৰে হৰেন্দ্ৰ নাথ বৰঠাকুৰৰ সৈতে 'গতি অসম'ৰ আত্মীক সম্পৰ্কৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানত লেখক গোলোক চন্দ্ৰ বৰা, ধৰণী লাহন, নাট্যশিল্পী ৰাজীৱ সাউদ,প্ৰজ্ঞাবিজয় লস্কৰৰ গীত

ৰুমী শৰ্মা বৰকটকীয়ে দুষাৰ কয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here