প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত গ্রন্থ উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 3 July 2022

প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত গ্রন্থ উন্মোচন


 


W7s news ষ্টাফৰিপোৰ্টাৰ : প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত গ্রন্থ দেওবাৰে এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাৰ সভাপতি

অমলেন্দু চক্রবর্তীৰ সভাপতিত্বত অনুষ্ঠিত সভাত অসম চৰকাৰৰ হস্ততাঁত আৰু বস্তুশিল্প বিভাগৰ উপসঞ্চালক ড০ জয়ন্ত দেৱ শৰ্মাৰ বস্ত্ৰ বিষয়ক গ্রন্থ ট্ৰেডিচনেল 'টেক্স ষ্টাইল অৱ আছাম'(Traditional Textiles of Assam) উন্মোচন কৰা হয়। অসম চৰকাৰৰ

হস্ততাঁত, বস্ত্ৰশিল্প আৰু ৰেচম বিভাগৰ সচিব দিলীপ কুমাৰ বৰাই গ্ৰন্থখন উন্মোচন কৰি কয়-লেখক ড০ জয়ন্ত দেৱ শৰ্মা আমাৰ সম্পদ। তেওঁ নিজৰ কামৰ মাজতে সাহিত্য চৰ্চা অব্যাহত ৰাখিছে। অসমৰ বস্ত্ৰ সম্ভাৰৰ বিভিন্ন তথ্য তেওঁ বিশ্ববাসীক জনাবলৈ যত্নপৰ হৈছে। তেওঁ নিশ্চয় সফলতা লাভ কৰিব। তেওঁ এনেদৰে সাহিত্য চৰ্চা অব্যাহত ৰাখিব বুলি আশা কৰিলোঁ।' সভাত মুখ্য অতিথি হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড০ উপেন ৰাভা হাকাচাম মুখ্য অতিথি আৰু হস্ততাঁত আৰু বস্ত্ৰশিল্প অসমৰ সঞ্চালক পৰাগমনি মহন্ত সন্মান্নীয় অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়ায়।সভাত লেখকৰ দ্বাৰা তিনিজন প্ৰযুক্তিবিদ কান্তি পাল চৌধুৰী, ত্ৰিদিব কুমাৰ চক্ৰৱৰ্তী আৰু বসন্ত কুমাৰ দাসক সম্বৰ্ধনা জনোৱা হয়। সভাত লেখক ড০ জয়ন্ত দেৱ শৰ্মাই এই গ্ৰন্থখনত ২৬ টা জনগোষ্ঠীৰ কাপোৰ সংগ্ৰহ কৰি তাক বিশ্লেষণ কৰাৰ কথা কয়। সভাত ৰঞ্জিতা শৰ্মাই গীত আৰু  মণিৰূপা মিশ্ৰই কবিতা পাঠ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here