শিক্ষক,সাংবাদিক তৰুণ চন্দ্ৰ কাকতি সোঁৱৰণী গ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 19 July 2022

শিক্ষক,সাংবাদিক তৰুণ চন্দ্ৰ কাকতি সোঁৱৰণী গ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি

 




W7s news গুৱাহাটী: কামৰূপ জিলাৰ কমলপুৰৰ বিশিষ্ট সমাজকৰ্মী,পূৱপাৰ গান্ধীজী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজ সংগঠক, সাংবাদিক, আদৰ্শ  কৃষক প্ৰয়াত তৰুণ চন্দ্ৰ কাকতিৰ স্মৃতি সজীৱ কৰাৰ মানসেৰে এখন সোঁৱৰণী গ্ৰন্থ প্ৰকাশৰ দিহা কৰা হৈছে।  পৰিয়ালবৰ্গৰ উদ্যোগত প্ৰকাশ কৰিবলগা সোঁৱৰণী গ্ৰন্থৰ বাবে এখন সম্পাদনা সমিতি গঠন কৰা হৈছে। প্ৰয়াত কাকতিৰ সান্নিধ্যলৈ অহা ব্যক্তিসকলে কাকতিৰ ব্যক্তিত্ব, কৃতিত্ব  আৰু বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰিব পৰা ধৰণৰ লেখাসমূহ ১৫ আগষ্টৰ পূৰ্বে প্ৰেৰণ কৰিব লাগিব। উল্লেখ্য, অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক, সমাজ সংগঠক,সাংবাদিক,আদৰ্শ কৃষক তৰুণ চন্দ্ৰ কাকতি বৃহত্তৰ কমলপুৰৰ ভালেমান অনুষ্ঠান- প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল। ২০২১ ৰ ১৭ নৱেম্বৰত কাকতিয়ে আকস্মিকভাৱে মৃত্যুক আঁকোৱালি লয়। সোঁৱৰণী গ্ৰন্থলৈ লেখা পঠোৱাৰ ঠিকনা-গজেন চন্দ্ৰ শালৈ সভাপতি,সোৱৰণী গ্ৰন্থ সমিতি আৰু দিপেন ভৰালী, সম্পাদক, গাওঁ-দ্বিগুণপাৰ(লেজা), ডাকঘৰ-বৰুৱাজানী,জিলা-কামৰূপ(অসম) পিন-৭৮১৩৮০,ই-মেইল-dipenbharali5@gmail.com ত পঠিয়াব লাগিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here