বৰ্ণিল ফাইন আৰ্টছ স্কুলৰ তিনিদিনীয়া কৰ্মশালা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 15 July 2022

বৰ্ণিল ফাইন আৰ্টছ স্কুলৰ তিনিদিনীয়া কৰ্মশালা

 


 




W7s news গুৱাহাটী: গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখ চেকগেটৰ ৰূপকোঁৱৰ হাউছিং কমলেক্সস্থিত  বৰ্ণিল ফাইন আৰ্টছ স্কুলৰ উদ্যোগত  ১১ জুলাইৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত গ্ৰীষ্মকালীন কৰ্মশালাৰ ১৩ জুলাইত সামৰণি পৰে । ১১ জুলাইত বন্তি প্ৰজ্বলনৰে কৰ্মশালাৰ  শুভাৰম্ভ কৰে ৰূপকোঁৱৰ  হাউছিং  কমপ্লেক্সৰ সভাপতি কমলাকান্ত দাস আৰু সম্পাদক শুভেশ্বৰ নাথে । আনহাতে চন্দনা পাঠক আৰু নিমাক্ষী ডেকাৰ তত্বাৱধানত অনুষ্ঠিত কৰ্মশালাত  ভাগ লোৱা শিক্ষাৰ্থী সকলক  পেলনীয়া সামগ্ৰীৰে শিল্প নিৰ্মাণ, কেনভাচ পেইন্টিং আৰু মৃৎশিল্প  প্ৰস্তুত কার্য শিকোৱা হয় |  ১৩ জুলাইত অনুষ্ঠিত সামৰণি অনুষ্ঠানত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক  ৰঞ্জিত দাস,  অৱসৰপ্ৰাপ্ত সেনা বিষয়া গিৰীশ পাঠক, মুকুল কলিতাই উপস্থিত থাকি অনুপ্ৰেৰণামূলক ভাষণ প্ৰদান কৰাৰ লগতে শিক্ষাৰ্থী সকলক  মানপত্ৰ প্ৰদান কৰে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here