গুৱাহাটী প্ৰেছ ক্লাৱত দালাই লামাৰ ৮৭ সংখ্যক ওপজা দিন পালন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 6 July 2022

গুৱাহাটী প্ৰেছ ক্লাৱত দালাই লামাৰ ৮৭ সংখ্যক ওপজা দিন পালন

 



W7s news গুৱাহাটী: তিব্বতীয়  ধৰ্মগুৰু দালাই লামাৰ (১৪) ৮৭ সংখ্যক ওপজা দিন গুৱাহাটী প্ৰেছ ক্লাৱত ফ্ৰী তিব্বত ভয়ছ অৱ আছামৰ  উদ্যোগত বুধবাৰে পালন কৰা হয়। এই অনুষ্ঠানত ফ্ৰী তিব্বত ভয়ছ অৱ আছামৰ সম্বন্বয়ক সৌম‍্যদ্বীপ দত্তই কয়-তিব্বত আমাৰ পৰম বন্ধু। ধৰ্মগুৰু দালাই লামাৰ অসমৰ সৈতে সু-সম্পর্ক আছে। অহিংসাৰ পথত আমি কেনেকৈ যাব লাগে তাক সুন্দৰকৈ দেখুৱাইছে দালাই লামাই। তিব্বত স্বাধীন হ'ব লাগিব। তিব্বত ভাৰতৰ প্ৰকৃত বন্ধু। আমাৰ সভ্যতা, সংস্কৃতিৰ সৈতে তিব্বতৰ সভ্যতা, সংস্কৃতিৰ মিল আছে।' অনুষ্ঠানত সমাজকর্মী, পদ্মশ্ৰী অজয় দত্তই কয়-তিব্বতে স্বাধীনতা লাভ কৰিলে সমগ্ৰ বিশ্বলৈ শান্তি নামি আহিব। দালাই লামাৰ ওপজা দিনত আমি তেওঁৰ সু-স্বাস্থ্য কামনা কৰিছোঁ। তেওঁ সুস্থ হৈ থাকিলে তিব্বতে মুক্তি লাভ কৰিব। তেওঁৰ কথাই সমগ্ৰ বিশ্বক আকৰ্ষণ কৰে। তিব্বত স্বাধীন হলে বিশ্বত মানৱতা উভতি আহিব। ধৰ্ম পুনৰ প্ৰতিষ্ঠা হ'ব।' অনুষ্ঠানত অৱসৰপ্ৰাপ্ত অধ্যাপক, লেখক ড০ জগদীন্দ্ৰ ৰায় চৌধুৰী, নৱনীতা শৰ্মাই তিব্বতীয় ধৰ্মগুৰু দালাই লামা সম্পৰ্কে চমুকৈ কয়। অনুষ্ঠানত কংকনা দাসে শলাগৰ শৰাই আগবঢ়ায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here